পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭৯)

মাজে তেওঁৰ বাগানলৈ অহা যোৱা কৰিবলৈ সুবিধাজনক বাট নিদিয়া বাবে তেওঁৰ মোৰ ওপৰত আক্ৰোশ আছিল। অকস্মাৎ তেওঁৰ কুলি এটা পলাই আহি মোৰ বাগানত থকাত মই তাকে লাইছেন্স দি ছৰ্দ্দাৰী পঠালো। সি অকস্মাৎ ভঙ্গুয়া কুলি এটা আনি পুৰস্কাৰ বিচৰাত মই ধমক দিলো। তেতিয়া সেই কুলিটো পুনৰ তেওঁৰ বাগানলৈ পলাই গল। সি অনা কুলিটো বৰ এলেহুৱা। সি সদায় দেশলৈ যাবলৈ বিচাৰে। এদিন সেইদৰে লাইছেন্স লৈ ছৰ্দ্দাৰী যাব খোজাত জামিন দিয়াৰ কথা কলো। জামিন দিব নোৱাৰিলে পঠোৱা নহয় বোলাত পাচদিনা কাম কৰিবলৈ নগৈ হাবিত ফাছ লগাই মৰিল। গৰখীয়াই খৰি লোৰোতে দেখি কোৱাত পুলিছত খবৰ দিলো। সি পলাইছে বুলি ভাবি চাৰিওফালে চকিদাৰ লগাই বিচৰাইছিলো। পুলিছ আহি লাচ তদন্ত কৰি গোটাবলৈ হুকুম দিলে। তাৰ এমাহমানৰ পাছত তাক অনা কুলিটোৱে মোৰ ভাইক মাৰি গছত ওলোমাই থৈছিল বুলি দৰ্খাস্ত দিয়াত পুলিছ আহি তদন্ত কৰিলে। সিহঁতৰ বাপেকৰ নাম, জাত আৰু বাসস্থান নিমিলাত ভায়েক বুলি প্ৰমাণ নহল।

 ১৯১৮ সনৰ ইনফ্লুয়েঞ্জা বেমাৰত মোৰ গোটেই পৰিয়াল পৰিছিল। যুদ্ধৰ পাছত নতুন কুলি বেছি পৰিমাণে আহিছিল। এদিন মাইকী মটা, লৰা ছোৱালীৱে ৪ টা কুলি দিনত আহি মাইকীজনী সেইদিনাই ইনফ্লুঞ্জাত মৰিল। মটাটোকো আক্ৰমণ কৰিলে। ডাক্তৰৰ জিমাত দিয়া হৈছিল। দুদিন মান পিছত কুলিটোলৈ মনত পৰাত ডাক্তৰক লৈ কুলিটোক