পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৩৪)

কুঁহিয়াৰ খেতিত সময়ে সময়ে অসুবিধাও পাইছিলো আৰু গুৰৰ দাম পৰি লোকচানো হৈছিল; তথাপি মই নিৰুৎসাহ নহৈ ধান খেতি আৰু কুঁহিয়াৰ খেতি সদায় কৰাই আছিলো। কিয়নো খেতিৰ ধানে আৰু গুৰৰ ধনে বাগিচা খোলা কামত মোক বিশেষ সহায় কৰিছিল। বাগিচাৰ ধনেৰে বাগিচা চলাব পৰা হোৱাত ধান আৰু কুঁহিয়াৰৰ খেতি বন্ধ কৰিলো। তথাপি মনৰ হেপাহ এৰা নাই। কিন্তু ১৯৩৭ সনত মৰাপাতৰ খেতিত ধৰি অলপ অসুবিধা পাই একেবাৰেই এৰি পেলোৱা হল।

 

হাতীৰ কাৰবাৰ

 মোৰ দোকানৰ পৰা এমাইলমান আঁতৰত থকা কৰ্দ্দৈগুৰি চাপৰিত হাতীৰ পিল খানা আছিল। পশ্চিমীয়া সদাগৰবিলাক আহি তাতে হাতী কিনেহি। হাতীৰ মহলদাৰ আৰু ধনীবিলাকে মোৰ দোকানৰ পৰা মাহুত ফান্দিবোৰক খোৰাক পোষাক ধাৰে লৈ দিয়ে। হাতী বেচি এটালে মোক ধন দিয়ে। পশ্চিমীয়াবিলাকেও মোৰ দোকানৰ মাল খাওঁতে খাওঁতে মোৰ লগত পৰিচয় হবলৈ ধৰিলে। সিহঁতে হাতী কিনি নি ক’ত বেচে আৰু কিমান লাভ পায়, সেইবোৰ সুধি পুচি হাতীৰ কাৰবাৰ কৰিবলৈ মোৰ মন গ’ল। কিন্তু এই কাৰবাৰত হাতী বেচিবলৈ যাওঁতে মোৰ অতি প্ৰিয়তমা, উৎসাহশীলা আৰু বিলাসহীন দ্বিতীয় পত্নীয়ে প্ৰসুতি জ্বৰত বিষাক্ত বস্তুকে জ্বৰৰ দৰব বুলি খাই প্ৰাণ হেৰুৱালে।