সমললৈ যাওক

পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮৩)

শক্তি নথকা মানুহ এটাই ১০০০ এক হেজাৰ টকা মূলধন হাতত পাই মা লক্ষ্মীৰ কৃপাত যিবিলাক সম্পত্তি আৰ্জ্জন কৰিছো, সেইটো কেৱল মা লক্ষ্মীলৈ একান্ত ভাব থকা আৰু মনৰ উৎসাহৰ ফল।

 পিতা আৰু বিমাতৃৰ পৰা ইমান কষ্ট পায়ো তেওঁলোকক ভক্তি আৰু পালন কৰি তেওঁলোকৰ পৰম আত্মাৰ পৰা শুভ আশীৰ্ব্বাদ পাইহে সকলো বিষয়তে উন্নতি কৰিবলৈ সক্ষম হৈছো বুলি মনত ভাবিছো।

 কাৰো প্ৰতি ক্ৰোধ ভাব নেৰাখিব। লোকৰ অহিত বা অপকাৰ চিন্তা নকৰিব। এনে কি কৰ্ম্মচাৰীসকলে কেতিয়াবা অনিষ্ট সাধন কৰিলেও তেওঁলোকক প্ৰত্যুপকাৰ কৰিবলৈহে মন কৰিব।

 আগৰ বৰমহৰী শ্ৰীবিশ্বনাথ দাস দৈগোৰোং আৰু চপাগুৰিত কম্পাউন্দাৰ কৰি আছিল। বাগানৰ পৰা খেদা খাই পংকিয়াল গাঁৱত খেতি কৰি খাইছিলহি। মই বগীধলাত কুহিয়াৰ খেতি আৰু চাহগুটীৰ পালেং দিয়া সময়ত তেওঁৰ অৱস্থা অত্যন্ত শোচনীয় হৈছিল। মই ১৫৲ পোন্ধাৰ টকা দৰমহাত কম্পাউন্দাৰ কৰি বগীধলাত ৰাখিলো। এসময়ত তেওঁ মোৰ সোঁ‌ হাত স্বৰূপ হৈ সকলো কামত সহায় কৰিছিল। তেজপুৰৰ চালনী আদি আনিবলৈ পঠাওঁতেই সস্তা দামৰ পুৰণি বয়লাৰ বিচাৰ কৰি আনিছিল। মই সকলো কামতে তেওঁক বিশ্বাস কৰিছিলো। অন্তৰত মৰম ৰাখি ক্ৰমাৎ পদোন্নতি কৰি ৮৫৲ পচাশি টকালৈকে দৰমহা দিছিলো। তেওঁৰ অৱস্থাৰ উন্নতি হলত মোৰ