পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৬৮)

ইহলীলা সম্বৰণ কৰিলে। মই ঘূৰি আহি পাই মৃতকৰ সৎকাৰ কৰি প্ৰেত কাৰ্য্যাদি কৰিলো।

 আইৰ স্বভাব অত্যন্ত ক্ৰুৰ আছিল। বোৱাৰীয়েকে তেওঁৰ মৰমত খবৰ লবলৈ অহা যোৱা কৰোতে এবাৰ দুটা তাবিজ দিছিল। মই সাৱধান কৰি আগৰ কথা সোঁৱৰাই দিয়াত পেলাই দিলে। এওঁ বৰ মিতব্যয়ী আৰু লাহবিলাহ নোহোৱা তিৰোতা আছিল। ১৯২১ সনত চাহৰ বজাৰ পৰি বাগান বন্ধক যোৱাত বাগানৰ খৰচা কমাবলৈ ধৰাৰ লগে লগে ঘৰুৱা খৰচ কমাবলৈ মোক নানা উপদেশ দিছিল। সেই সময়ত শাৰীৰ পৰিবৰ্ত্তে নিজে মেখেলা পিন্ধিছিল। সপ্তাহত এপোৱা ঘিউকে খৰচ হবলৈ নিদি তেলেৰে ৰুটী ভাজি খাইছিল আৰু গুৰেৰে চাহ খাইছিল। মোকো ধুতি আৰু কুৰ্ত্তা পিন্ধিবলৈ অনুনয় বিনয় কৰি কোৱাত ময়ো ধুতি কুৰ্ত্তা পিন্ধিছিলো।

 যিদিনা মুক্তিসিঙ্গৰ ভায়েক আহি তেওঁলোকৰ ১০০০৲ এহেজাৰ টকা ধাৰতে মোক অনেক কথা কলে, সেইদিনা মই বৰ দুখীত হৈ তেওঁৰ আগত “এনে অৱস্থাত পৰিলে মানুহে আত্মহত্যা কৰিবলৈ কুণ্ঠিত নহয়” বুলি কোৱা শুনি সেই দিনাৰে পৰা মোৰ মনৰ ভাব বুজি কাৰ্য্য কৰিবলৈ সজাগ হল। যিদিনাই মোৰ মন চিন্তিত বা দুখীত দেখে, সেই দিনাই নানা তৰহৰ বুজনিৰে মোৰ মন আহ্লাদিত কৰে।

 তেওঁৰ চাৰিটি লৰা ছোৱালী হৈছিল। শেষৰটিৰ দিনত প্ৰসৱ বিকাৰত মৃত্যু হল। অন্তিম সময়ত এচামোচ গাখীৰ খুজি মোৰ হাতে খালে। মাক, বাপেক, ভায়েক আদি