সমললৈ যাওক

পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৫)

মোৰ দুৰৱস্থা আৰু সিহঁতৰ কথা-বতৰাবোৰ দেখি ছাহাবেও মহাজনক জামিন হবলৈ কলে। পাচ দিনাই টকা দিবলৈ স্বীকাৰ কৰি মহাজন জামিন হল আৰু সকলোটি দিহাদিহি গল।

 পাচদিনা মই মহাজনৰ ঘৰৰ পৰা টকা আৰু বিমাতৃৰ দোকানৰ পৰা বিচনা-পাতি আনি ককাইদেৱৰে সৈতে একেলগে নাপিতৰ ঘৰতে থাকিলোহঁক। তাৰ পিচদিনা দোকান দিব পৰা ঠাই ঘৰ বিচাৰি গলো। পৰমেশ্বৰে আমাৰ দুখত দুখিত হৈ সুবিধাজনক ঠাইত ঘৰ দেখুৱাই দিলে— যি ঠাইৰ যি ঘৰত বহি আজি মোৰ “জীৱন সোৱৰণ” লেখিবলৈ বন্ধু বান্ধবসকলৰ দ্বাৰাই আকৃষ্ট হৈছো।

 মৰঙ্গি তেলিয়া গাঁৱত ৺বলোদেৱ ঠাকুৰ নামৰ মাৰোৱাৰী ব্ৰাহ্মণ এজনে দোকান দিছিল। তেৱে পংকিয়াল গাঁৱতো দোকান এখন খোলাই চলাব নোৱাৰাত খালি ঘৰটো পৰি আছিল। সেই ঠাই ডোখৰত বেহা বেপাৰৰ ভবিষ্যৎ সুবিধা আৰু টিনৰ ঘৰটো দেখি ১০০৲ টকাত ঘৰটো কিনিলো। বহুত দিনৰ পাছত মাটি ডোখৰো কিনা হল, যি ডোখৰ ঠায়ে আজিও বছৰি ১২/১৪ শ কৰি টকা উপাৰ্জ্জন কৰি দি আছে।

 ঘৰ কিনা হলত ককাইদেৱে গোলাঘাটৰ পৰা মাল আনিবলৈ গল। লোকৰ গাড়ী ধৰি মাল আনোতে ৰঙাজানতে গধূলি হল। মই নাপিতৰ ঘৰতে আছিলো। গধূলি হোৱা দেখি আমি খাই বৈ আহিবলৈ স্থিৰ কৰি গাড়ী আগ বঢ়াই পঠাই দিলো। ভাত পানী খাই পুৰণি লণ্ঠন এটা লগাই