পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৪৬)

সোণাৰীৰ ওচৰত ধাৰ বিচাৰিলো। পংকিয়াল গাঁৱত থকা মোৰ তাবৎ সম্পত্তি বন্ধক দিলে চাৰিহেজাৰ টকা ধাৰ দিব পাৰো বুলি তেওঁ স্বীকাৰ কৰিলে। তেতিয়া মই মাটী বাৰী বন্ধক দি চাৰি হেজাৰ টকা ললো আৰু সেই টকাৰে ধান কিনি গুদামত জমা কৰি থলো।

 মাহে ৯০০৲ শ কৰি কোম্পানীয়ে টকা দিয়ে। কাম কৰা মানুহক ধান আৰু ধন মিলাই দৰমহা দিও। অৰ্থাৎ প্ৰতিসপ্তাহৰ জোখাৰে খোৰাকীৰ ধান দি বাকীখিনি পয়ছা দিও। এইদৰে আধা ধন আৰু আধা ধান দি দৰমহা দিয়া, নিজে তক্তা ফলাই বাকচ সজোৱা, আৰু সেইদৰে দৰমহা দিওতে কুলিৰ কোনো আপত্তি নথকাত ছুপাৰভাইজৰ ছাহাবজনে সদাই নজৰ কৰি থাকি থাকি কোম্পানীকো জানিবলৈ দিলে। অক্টোবৰ মাহলৈকে বাগান চলোৱা বৰ টান। সেই কেইমাহত মই কেনেকৈ দৰমহা দি বাগান চলাইছো ছুপাৰভাইজাৰৰ পৰা জানিব পাৰি কোম্পানীৰ মন পুনৰ ঘূৰিল।

 মা লক্ষ্মীৰ কৃপাত চাহৰ বজাৰ পুনৰ উঠিল। কোম্পানীয়ে বাগিচা লব পৰা আশা দূৰ কৰি যিমান টকাৰ হুন্দি দিও সিমান টকা দিবলৈ ধৰিলে। মা লক্ষ্মীয়ে একেবছৰতে কোম্পানীৰ মুগনীৰাম আৰু বৈজু বাবুৰ আৰু সোনাৰী ঘৰৰ ধাৰ মৰাই নিজগৰীয়া কৰালে।

 ১৯২১ সনতো সেই ছাহাবজন ছুপাৰভাইজৰ হৈ আছিল। সেই সনত সকলো খৰচ বাদকৰি কোম্পানীৰ ঘৰত প্ৰায় ৫০ পঞ্চাশ হেজাৰ টকা জমা থাকিছিল। ১৯২২ সনত সেই ছাহাবজনক ছুপাৰভাইজৰ ৰাখিব লাগে বুলি কোম্পানীয়ে