পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৬)

দোকানলৈ আহি ককাইদেউক দোকানৰ পৰা খেদাই দিলেহি।

 খেদা খাই ককাইদেৱে গোলাঘাটৰ মহাজনসকলৰ ওচৰত আপত্তি কৰাত ৪/৫ জনমান মহাজন আহি দুইকো মাতমিত কৰি দিলেহি। নৈৰ দাঁতিৰ দোকানখন ককাইদেৱে পালে সেই দোকানৰ আচবাব আদিৰ বাবে পিতাক ৫০০৲ টকা দিবলৈ হল। দুই পক্ষে চালিছনামাত স্বাক্ষৰ কৰিলে।

 মিতমাত হৈ যোৱাৰ পাছত বিমাতৃয়ে পিতাক নানা প্ৰকাৰে ভৰ্ৎসনা কৰিবলৈ ধৰিলে আৰু নানা প্ৰকাৰৰ কুট শিক্ষা দিবলৈ ধৰিলে। অৱশেষত পিতাই ককাইদেৱক তেওঁ থকা দোকানলৈ মতাই নি কান্দি-কাতি অনেক দুখ-বেজাৰ কৰি কলে যে, তোমাৰ অবিহনে মোৰ প্ৰাণ নেথাকে; তুমি যাবৰ দিনাৰ পৰা মোৰ আহাৰ-পানী টুটি গ’ল; যেনিয়ে চাওঁ তেনিয়ে আন্ধাৰ দেখিছো। তুমি যদি আহি পুনৰ একেলগ হোৱা, তেহে মোৰ প্ৰাণ বাচিব। নচেৎ কোন দিন মোৰ কি হয় কব নোৱাৰে।

 ককাইদেউ বৰ পিতৃভক্ত আছিল। পিতাৰ কান্দন-কাটোনত দুখীত হৈ পুনৰ একেলগ হলহি। চালিছনামা কাগজ খনো পিতাৰ হাতত ঘূৰাই দিলেহি। এইদৰে কেইদিনমান থকাৰ পাছতে এদিন পিতাই ককাইদেউৰ দোকানলৈ আহি তেওঁক মাৰ কিল কৰি খেদাই দিলে। তেতিয়াহে তেওঁৰ চক্ৰান্ত বুজিব পাৰিলে।

 তেতিয়া তেওঁ নিৰুপায় হল। লগত তিৰুতা লৈ কলৈ যায়, কি কৰে, ক’ত থাকে, একো উপায় নেপাই সৰ্ব্বশক্তিমান