পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(২৭)

 দোকান খোলাৰ এসপ্তাহৰ পাছত ৺মাতৃদেবী আৰু বৌ দেউক যোৰহাটৰ পৰা গাড়ীত ভৰাই ককাইদেৱে লৈ আহিল গৈ। মোৰ চাৰি বছৰ বয়সতে আয়ে এৰি আহে। ১২/১৪ বছৰ বয়সত ককাই-বৌৱে এৰি যায়। আজি ইমান দিনৰ মূৰত আই, বৌ আৰু ককাই লগত মিলন কৰাই পৰমেশ্বৰে স্বৰ্গ সুখ অনুভব কৰালে। হে ভগবান, তোমাৰ কি অসীম দয়া! এনে মিলন হব বুলি আমাৰ কাৰো মনত ভাব নাছিল। তোমাৰ ইচ্ছাতেই মিলন হল। আমি তোমাৰ দাসৰো দাস চিৰকৃতজ্ঞ।

 এইদৰে সকলোটি গোট খাই উৎসাহৰে দোকান চলাবলৈ ধৰিলো। মোৰ এহেজাৰ আৰু ককাইদেৱৰ ২৫০৲ আঢ়ৈশ— মোট চাৰে বাৰশ টকাৰে দোকান আৰম্ভ কৰা হল। তেওঁ চিলাই কলেৰে চোলা কাপোৰ চিলাই কৰিব ধৰিলে। বৌ দেৱে চিলাই কামত সহায় কৰিছিল। সেই সময়ত লেটেকুজান বাগিচাত বজাৰ হয়। মই প্ৰতি সপ্তাহে বজাৰ কৰিবলৈ যাওঁতে চিলাই কৰা কুৰ্ত্তাবোৰো বেচোগৈ। এইদৰে বজাৰত আৰু দোকানত মাল বেচা কিনা কৰাত আমাৰ ২/৪ টকা জমা হল। তেতিয়া আমি কানিৰ দোকান লবলৈ মন কৰিলো।

 সেই সময়ত কানিৰ মহল ডাক হয়। যেয়ে উৰ্দ্ধ দাম দিয়ে, সেয়ে লব পাৰে। কানি বেচাৰো কোনো হিছাপ নাই। যেয়ে যিমান বেচিব পাৰে, সিমান বেচে। আগেয়ে আমাৰ দদাইৰ পুতেকহঁতে দৈগোৰোঙ্গৰ দোকানত কানি বেচিছিল। যাৰ দোকানত কানি বেচে, তাৰ দোকানত মালো