পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৩২)

 সেই বছৰত পথাৰত ভাল ধান হৈছিল। বৌ-দেৱে ঢেকিত ধান বাণি চাউল উলিয়াই দিছিল। সেই চাউল দোকানত বেচা নহয়; বাহিৰাকৈহে বেচা হয়। পাচ বছৰত কিছু মাটি কিনি লোৱা হল। আইৰ বুদ্ধিমতে খেতিও অলপ বেছিকৈ কৰা হল। এইদৰে ক্ৰমাৎ খেতি বেছি কৰি কৰি ৫০ পুৰা মান ৰুপিত মাটি ভঙ্গাই ১০/১২ হাল গৰু মহেৰে খেতি কৰিবলৈ ধৰিলো। আয়ে দোকানত মাল বেচা-কিনা কৰে, বৌয়ে ভিতৰুৱা কাম কৰে; মই বাহিৰত খেতি-পথাৰৰ কাম কাজ কৰাইছিলো। মোৰ দ্বিতীয় পত্নীৰ বিবাহৰ পাছৰ পৰা খেতিত বিশেষ উন্নতি হৈছিল।

 প্ৰতি ৰবিবাৰে বজাৰ হৈছিল। বজাৰত মাল-বস্তু বেচি পোৱা ধন আৰু দৈনিক বিক্ৰিৰ ধন গোটাই প্ৰতি সপ্তাহে মহাজনক দিও। ধাৰ মৰাত সদায় ব্যস্ত থাকো। এই দৰে ৩/৪ বছৰ খেতি কৰাই আৰু দোকান চলাই পোৱা ধনেৰেই মহাজনৰ ঘৰত ৬/৭ হেজাৰ টকা জমা হৈছিল। মা লক্ষ্মীৰ কৃপাত কেনেকৈনা ধাৰ মৰি ইমান টকা জমা হল, গমকে নেপালো।

 মই হাতী বেপাৰী আৰু বেপাৰীবোৰক টকা ধাৰলৈ দি সুদ লৈছিলো। হাতত আৰু মহাজনৰ ঘৰত যথেষ্ট টকা জমা হৈছিল। তথাপি বজাৰ আদি কৰি আহিও কাম কৰা মানুহবোৰৰ কাম কাজ চাই-চিতি লৈহে আহাৰ পানী কৰো। মনত সদায় স্ফুৰ্ত্তি লাগি অন্য কাৰবাৰ কৰিবলৈ মন গল।