পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৩৬)

পুৰোহিত এজনো সেই ৰেলত আহিছিল। মই তেওঁ আহিছে বুলি জনাও নাছিলো। অকস্মাৎ মোক দেখি তেওঁ মাত লগালত তেওঁকো মোৰ লগৰীয়া কৰিবৰ চলেৰে মোৰ লগতে নামিবলৈ কৈছিল। ইশ্বৰৰ ইচ্ছাতহে আমি কোনো কষ্ট নোহাৱাকৈ এৰাই আহিব পাৰিলো। এইদৰে দুখে কষ্টে হাতীৰ কাৰবাৰ কৰি যদিও ১০ হেজাৰমান টকা হাতত জমা হৈছিল, তথাপি প্ৰিয়তমা পত্নীৰ বিয়োগ আৰু কেছুৱা লৰাটিৰ আলৈ-বিলৈত মন-প্ৰাণ সদায় জৰ্জ্জৰিত হৈ আছিল।

 এবাৰ জামাদাৰে হাতী বিচাৰি গৈ আসাম-বেঙ্গল ৰেলৰ সোণাৰী ষ্টেশ্যনৰ পৰা ৯ মাইল দূৰৰ পিল খানাত চখনা হাতী এটা পাই মোলৈ টেলিগ্ৰাম দিলে। মই ততালিকে ২৫০০৲ পচিশ শ টকা ককালত বান্ধি হাতী চাবলৈ যাত্ৰা কৰিলো। এডোখৰ বাট ৰেলত আৰু এডোখৰ ছাইকোলেৰে গৈ পিল খানা পালোগে। তাত হাতী চাই পচন্দ কৰি দৰদাম ঠিক কৰা হল আৰু বয়না দিলো। উভতি আহোতে ছাইকোল টানি টানি হাইৰাণ হৈছিলো। বাটত থাকিবলৈ ঠাই নেপাই ষ্টেশন মাষ্টৰকে ঠাই খোজাত তেওঁ অলপ আতৰৰ বেত কাৰবাৰী মাৰোৱাৰী এজনৰ ঘৰত থাকিবলৈ যাবলৈ কলে। ষ্টেশ্যন মাষ্টৰৰ কথা মতে তেওঁৰ ঘৰ পালোগৈ। তেওঁ থাকিবলৈ ঠাই যে দিলেই, যথোচিত ৰুপে অতিথি সৎকাৰো কৰিলে। কিন্তু ৰাতি মহৰ প্ৰতাপত মোৰ ভাল টোপনি নাহিল। ৰাতিপুৱা ৫ মান বজাত ৰেলত উঠি শিমলুগুৰিত নামি বাৰ মান বজাত শিৱসাগৰ পালোগৈ। শিৱসাগৰ নগৰখন ছাইকেলেৰে ফুৰি চাকি চাই চিতি