পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৪)

 এইদৰে কিছুদিন থকাৰ পাছত উভয় মাতৃৰ ভিতৰত মনোমালিন্য ঘটে। ক্ৰমাৎ উভয়ৰ মনোমালিন্য বেছি হোৱাত বিমাতৃৰ বশীভূত হৈ পিতৃদেৱে আমাৰ মাতৃক পুত্ৰহাৰা কৰি চিৰদিনলৈ বিদায় দিলে। এই খবৰ পাই যোৰহাটৰ পৰা বৰালী খোৱা মোমায়ে তেওঁৰ ঘৰলৈ আনিলেগৈ। ৺মাতৃ দেবীয়ে বিমাতৃৰ হাতত আমাক এৰি আহি নিজ আত্মীয়-স্বজনৰ ঘৰত অতি কষ্টেৰে জীৱন যাপন কৰিছিলহি।

 যিদিনা আমি মাতৃহাৰা হৈছিলো, সেই দিনা আমাৰ বিলৈ দেখা-শুনাবিলাকে দেখিছিল, আৰু ভুক্তভোগীসকলে অনুভব কৰিব পাৰিছিল; কিন্তু কোনেও নেজানিছিল যে, ভবিষ্যতে আমাক একোটা মানুহ কৰিবলৈ ভগবানে ইচ্ছা কৰি বিমাতৃৰ দ্বাৰাই সকলো প্ৰকাৰ তাড়না দিয়াই অভিজ্ঞ কৰিছে। হে ভগৱান, তোমাৰ কি অসীম কৰুণা!

 ৺স্বৰ্গীয়া মাতৃক পৰিত্যাগ কৰাৰ পাছত ১৭৮৬ সনত ৺পিতৃদেৱৰ ৰেজিমেণ্ট শ্বিলঙ্গলৈ বদলি হোৱাত আমাক লগত লৈ যায়। তাত দুবছৰ থাকোতেই কাবুলৰ যুদ্ধ হয়। সেই যুদ্ধালৈ ৪৪ নং ৰেজিমেণ্ট পঠাইছিল। এই ফৌজ গোৱালন্দ পাওঁতেই আসামত নগা যুদ্ধ আৰম্ভ হল। নগাবোৰে নিছগাৰ্ডৰ কিলাত ২ জন ছাহাব ৪৩ নং ৰেজিমেণ্টৰ চিপাহী আৰু পুলিছক আবদ্ধ কৰি ৰাখিছিল। এই খবৰ বিজুলি ডাকেৰে শ্বিলং পোৱা মাত্ৰে কমাণ্ডিং অফিছাৰে কাবুল যুদ্ধলৈ পঠোৱা সৈন্যবোৰক ঘূৰি আহিবলৈ আৰু শ্বিলঙ্গত থকা সৈন্যবোৰৰ পেৰেড হৈ যোৱা মাত্ৰে জামাদাৰ, সুবাদাৰ আৰু কৰ্ণেল আদি সহ আহি শাৰি পাতিবলৈ হুকুম দিলে।