পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(১১)

লৰা-কালৰ দুখ-দুৰ্গতি

 আসামৰ ৰাজধানী শ্বিলং চহৰখন চালে চকু ৰোৱা ঠাই। তাৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম। ঠাই খনো বৰ স্বাস্থ্যকৰ, তাত জাৰ বৰ বেছি। সুন্দৰ সুন্দৰ ঘৰ-দুৱাৰ বাট-পদুলিবোৰ দেখিলে মন-প্ৰাণ হৰি যায়। কেণ্টন গাৰ্ডৰ পেৰেড খানাৰ মাজেদি এটা নৰ্দ্দমা আছিল। এদিন দুপৰীয়া বৰষুণ হোৱাত সেই নৰ্দ্দমাত মাছৰ উজান উঠিল। তেতিয়া আমিও শ্বিলঙ্গত আছিলো। মাছৰ উজান উঠিছে বুলি কোৱা শুনি মোতকৈ ডাঙ্গৰ লৰা এটাৰ লগত উজানত মাছ ধৰা চাবলৈ গলো। তেতিয়া মঃ কণ আৰু মঃ বচীয়া নামৰ দুজনী চিপাহীৰ ছোৱালীয়ে মাছ ধৰি আছিল। সিহঁতে কাপোৰ এখন পাতি মাছ ধৰিছিল। মোৰ লগৰ লৰাটোৱে ধেমালিতে মোক ‘পৰ’ বুলি হেচা মাৰি দিওঁতে হঠাৎ মই নৰ্দ্দমাত পৰি উটি গলো। মোৰ লগৰ লৰাটো বিবুদ্ধি হ’ল। সেই মাছ ধৰা ছোৱালী দুজনীয়ে দেখি কাপোৰেৰে জাল পাতি মোক ধৰি বামলৈ তুলিলে; নহলে অলপ ভটীয়াই যোৱা হলেই বৰ সোত বোৱা ডাঙ্গৰ নৈত পৰিলোগৈ হেতেন।

 পানীত তিতি-বুৰি কান্দি-কাতি ঘৰলৈ অহাত বিমাতৃয়ে কাপোৰ-কানি সলাই দি কোলাত তুলি লৈছিল। তাৰ পাছত মোৰ অত্যন্ত জ্বৰ হ’ল। কেইবাদিনো জ্বৰতে মই অজ্ঞান হৈ আছিলো। ৰেজিমেণ্ট হাচপতালত মান্যবৰ ৺আশ্ৰফ হুচেন ডাক্তৰে চিকিৎসা কৰিছিল। তেওঁৰ হাচ্‌পতালত নথকা