পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৪৯)

অনেক যত্ন কৰি হুচ আনিব নোৱাৰি এছিষ্টেণ্ট ছাৰ্জ্জন অনাবলৈ কোৱাত শাওতলীৰ ডাঃ কে, এল, বানাজ্জিক অনোৱা হল। তেখেত আহি একেৰাহে ২৪ ঘণ্টা পানী ঢালিবলৈ কলে আৰু চানাৰ পানীৰ আহাৰ দিবলৈ কলে। তেওঁ কোৱা মতে তিনিদিন তিনিৰাতি পানী ঢলাৰ পিচত লৰাটিয়ে চেতনা পালে আৰু তিনি চাৰি মাহমানৰ মূৰত ভাল হল।

 এদিন নুনুয়ে ঘোৰাত উঠি দৈগোৰোঙ্গৰ বজাৰৰ ফালে আহোঁতে ঘোৰাৰ লেকাম চিগি গল, ঘোৰাই তাক পিঠিত লৈ ঘৰৰ ফালে লৰ দিলে। ঈশ্বৰৰ ইচ্ছাত সি সৰি নপৰাত প্ৰাণ ৰক্ষা পৰিল। শ্ৰীমান সোণাই গোলাঘাটত খোৱা-বোৱা কৰি সদায় দেওপানীলৈ অহা যোৱা কৰে। এদিন ৰাতি খাই-বৈ দেওপানীলৈ যাওঁতে গৰমপানীৰ সিপাৰে বৰ ডাঙ্গৰ বাঘ এটাই আগচি ধৰাত মটৰৰ পৰাই গুলী মাৰি দিয়ে। বাঘে জাপমাৰি হাবিত সোমাই মৰে। কেইদিনমানৰ পাছত পুনৰ দেওপানীলৈ যাওঁতে সেই ঠাইত গেলা গোন্ধ পাই চাওঁতে মৰা বাঘ দেখিবলৈ পায়।

 মোৰ বায়ুশুল বেমাৰ হল। পেটৰ বিষত খাব শুব নোৱাৰা হলো। কোনো দেৱাই-পানীয়ে গুণ নিদিয়া হল। শাৰীৰিক বা মানসিক কোনো শান্তি নথকাত বাগানৰ ডাক্তৰজন মতাই আনি সকলো প্ৰকাৰ বিহদেৱাইৰ মিকচাৰ কৰি দিবলৈ কলো। কাৰণ “বসুমতী” কাগজত দুই বন্ধুৰ গল্প এটি পঢ়ি পাইছিলো। মোৰ কথা শুনি ডাক্তৰজন আচৰিত হৈছিল। কিন্তু মই কবলৈ ধৰিলো যে, “বসুমতী” কাগজত দুই বন্ধুৰ গল্প এটি লেখিছিল। তেওঁলোকৰ এজন ডাক্তৰ