পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৩১)

 এইদৰে ভাবি চিন্তি ধান খেতি কৰিবলৈ মন কৰিলো। সেই সময়ত ধান চাউলৰ বৰ দাম উঠিছিল। ধান খেতি কৰা মানুহবোৰে ধান বেচি শই শই টকা লব পাৰিছিল। মোৰ দোকান থকা গাওঁখনত খেতি কৰাৰ বৰ সুবিধা আছিল। হালোৱা, ৰোৱনী আৰু মাটিৰ অভাব নাছিল। নতুনকৈ ভাঙ্গি লব পৰা ৰুপিত মাটিও অপৰ্য্যাপ্ত আছিল। দোকানতকৈ খেতিত লাভ হব বুলি আই-বৌৰ লগত পৰামৰ্শ কৰিলো। তেওঁলোকে মোক নিৰুৎসাহ নকৰি বৰং উৎসাহ দিলে। খেতিৰ কাম কাজ চাই ফুৰা সময়ত ঘৰৰ আৰু দোকানৰ কাম তেওঁলোকে চলাবলৈ গাত ললে।

 মোৰ নিজৰ তিনি হালিচা মাটিৰ লগতে লোকৰো খণ্ডুৱা মাটি লৈ এখন হালেৰেই খেতি আৰম্ভ কৰিলো। হালোৱাই হাল নিয়াৰ লগে লগে মই গা-পা ধুই পূজা-সেৱা কৰি চাহ খাই পথাৰ পাওগৈ। তাত এনেই বহি থাকিবলৈ ভাল নেপাই আলিৰ কাষ কাটো, পানী-দুনী ভেটো আৰু মৈয়াব লাগিলে মাটি মৈয়াও। পথাৰলৈ যাওঁতে মূৰত জাপি আৰু কান্ধত কোৰ লৈ যাওঁ। ৰোৱণীয়ে মাটি ৰোওতে আৰু কঠিয়া তোলোতে আগতে ৰৈ চাই-চিতি থাকো আৰু তামোল-চালিও কাটি দিও। হালোৱা আৰু ৰোৱণীক জা-জলপান দিয়াত তাৰতম্য নকৰো। সেই নিমিত্তে মোৰ কোনো দিনেই হালোৱা ৰোৱনীৰ অভাব নহৈছিল। ধান দোৱা দিনত দাৱনীৰো অভাব নাছিল। দোৱা ধান দিনে দিনে ঘৰলৈ অনাই মৰণা মাৰি ভৰালত পেলাইহে মই ভিতৰ সোমাই খোৱা-বোৱা কৰো আৰু দোকানৰ হিছাপ-পত্ৰ লেখো।