পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(১৯)

নামে উইল কৰি লেখাই দিলে। মোক অলপ সম্পত্তি দিবলৈ কোৱাত বিমাতৃয়ে আগৰ দৰে থাকিব বোলাত তেওঁ নেমানি পিতাক নানা কাৰণ দেখাই বুজাই কোৱাত মোৰ নামে নগদ এহেজাৰ টকা পাব বুলি লেখালে। উকীলজন বৰ দয়ালু পুৰুষ আছিল। মোক এহেজাৰ টকা দিয়ালে; কিন্তু অনেক দিনীয়া পুৰণি গোমস্তা জনে পইছা এটি পোৱাৰো কোনো বন্দবস্ত নহল। বেচেৰাই এনেই খাতিলে।

 উকীল ঘূৰি গৈ মোক হাতী চমজাই দিয়াত গুৰ বোজাই কৰি ঘৰলৈ আহিলো। গধূলি দোকানৰ হিচাপ পত্ৰ-লেখি এটাই খাই বৈ শোঁওতে গোমস্থাজনে উইল পত্ৰ কৰা কথা কঁওতেহে জানিব পাৰিলো। পিতাই এইদৰে আমাক প্ৰবঞ্চনা কৰি তেওঁৰ সুখ সম্পদ অৰ্থ-বিভূতি সকলোৰে পৰা বঞ্চিত কৰি গল। এদিন বেমাৰত ৰ’দত বিছনাত পৰি থাকোতে মোক ওচৰত মাতি বহুৱাই কলে— “মই উইল কৰি দিছো; তোমাক এক হাজাৰ টকা দিছো।” মোৰ হক্ কবলৈ কথা নোলায়; মাত্ৰ কলো “যি দিছে, তাত মোৰ একো নাই।”

 পিতাৰ সম্পত্তিৰ স্বত্ব-স্বামীত্ব লৈ ঘৰত যিমান অশান্তি হবলৈ ধৰিলে, পিতাৰ শৰীৰো ক্ৰমাৎ সিমান দুৰ্ব্বল হৈ শয্যাশায়ী হল। এনেকি বিচনাৰ পৰা উঠা-নমাই কৰিব নোৱাৰা হল। তেতিয়া মই দুই খন দোকানৰ কাম কাজ কৰি ৰাতি চাকৰ এটাৰে পৰ দি থাকো, জীয়েক জোৱাঁয়েক আদি সকলোৱে ভিতৰত সোমাই শুই শুই থাকে। ভতিজাক জন বিয়া কৰাবলৈ দেশত আছিল গৈ। দৈগ্ৰোং আৰু গৰঙাত থকা ভতিজাকহঁতে কোনো খবৰকে নলৈছিল। এই