পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৫৫)

পৰা অবসৰ লৈ দিচাং ঘাটত মিঠাইৰ কাৰবাৰ কৰি জীবিকা চলাই আছিল। গুৰুজনে দিচাংঘাটলৈ গৈ বিয়াৰ দিনবাৰ ঠিক কৰি আহিল। মোৰ দোকানত বহুত ধাৰ লগাত বিমাতৃৰ দোকানৰ পৰাই বিয়া পতা হল। লগত আপোন আপোন ৫/৬ জন মানুহ লৈ গাড়ীৰে বিয়াৰ যাত্ৰা কৰিলো। গোলাঘাটত মহাজনৰ পৰা ৫০৲ পঞ্চাশ টকা ৰুপ ধাৰ কৰি লৈ গলো। বাট বৰ বেয়া আছিল, গাড়ীৰে যাওঁতে যাওঁতে ককিলামুখত জাহাজ ধৰিব নোৱাৰি বৰ বিমোৰত পৰিলোগৈ।

 তেতিয়া আটাইকিজনে পৰামৰ্শ কৰি বাপেকলৈ টেলিগ্ৰাম কৰা হল যে, আমি উজান জাহাজ ধৰিব নোৱাৰিলো; তুমি ভাটি জাহাজত ছোৱালীকে লৈ আহাঁ; ইয়াতে বিয়া কৰাব পৰা হব। বাপেকে টেলিগ্ৰাম পাই ছোৱালীকে লৈ আহিল। সেই দিনাই বিয়াৰ দিন আছিল। তলে বোকা ওপৰে পানী আৰু ঘৰদুৱাৰ নোহোৱা ঠাইত কেনেকৈ বিয়া কৰোৱা হয় বুলি মহা চিন্তাত পৰিলো।

 ককিলামুখৰ ওচৰত বহুত নেপালীৰ খুটি আছিল। আমাৰ দুখ বিপদৰ কথা কৈ সিহঁতৰ খুটিত বিয়া পাতিবলৈ ঠাই বিচৰা হল। নেপালীবোৰৰ মৰম লাগি পোৱালী বন্ধা ঠাইতে বিয়া পাতিবলৈ দিলে। তাতে সুকলমে বিয়া কৰোৱা হল। পাচদিনা নৈৰ বালিত খোৱা বোৱা কৰি ঘৰলৈ ৰাওনা কৰিলোহঁক। শহুৰৰ লৰাও এটি, ছোৱালীও একেজনী। তেওঁৰ পৰিবাৰো নাই। লৰাটো সৰু; তাক বায়েকৰ লগতে থৈ তেওঁ ঘৰলৈ উভটি গল।

 বিয়া কৰোৱাৰ ডেৰবছৰৰ পাছত ছোৱালীৰ কন্যকাল হল।