পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩৮)

বাগিচাত মৰঙ্গিৰ লৰাই চাকৰি পোৱা নাই। অথচ অন্য ঠাইৰ মানুহ আহি বাগিচা ভৰি পৰিছেহি।

 সেই সময়ত মহৰি-কেৰেণীসকলৰ লগত মোৰ বিশেষ বন্ধুতা আছিল। হাটে বজাৰে আৰু দোকানতো তেওঁলোকে মোৰ পৰাই কাপোৰ কানি আৰু মাল বস্তু লয়। মই তেওঁলোকৰ পচন্দ মতে কাপোৰ কানিৰ যোগাৰ দিওঁ। বিলাসিতাই আহি মানুহৰ মন ভেদি পেলালে। মই নানা ৰং-বিৰঙ্গৰ ধুতি কামিজ, বানিয়ন, জাকিত আনি দোকানত মজুত ৰাখিবলৈ ধৰিলো। মহৰিসকলে ঘৰলৈ অহা যোৱা কৰোতে মোৰ দোকানৰ পৰা কাপোৰ কানি লোৱাৰ উপৰিও নানা প্ৰকাৰ আমোদ প্ৰমোদ কৰে আৰু কথা বতৰা হয়। সেই কথা বতৰাৰ চলতে মই তেওঁলোকক চাহ খেতি কৰাৰ নিয়ম প্ৰণালীবোৰ আৰু কোম্পানিয়ে ইমানবোৰ টকা খৰচ কৰি কিমান লাভ পায় সুধি পুচি চাও। যেতিয়া জানিব পাৰিলো যে, কোম্পানিবোৰে চাহ খেতিত লাখ লাখ টকা লাভ পায়, তেতিয়া মোৰ মনত এনে ভাব হৈছিল যে, মোৰ টকা হোৱা হলে ময়ো চাহ বাগিচা খুলিলোহেতেন।

 ১৯১০ সনত কুহিয়াৰ খেতিৰ লগতে চাহ গুটীৰ পালেং দিবলৈ মন কৰিলো আৰু চাহ বাগানৰ পুৰণি মহৰি কেৰেণীসকলৰ পৰামৰ্শ লৈ চাহ গুটী অনাই পালেং দিয়ালো। দুই এজন মহৰিক অনুৰোধ কৰি ছুটী বাৰবোৰত পালেং আদি চোৱাও আৰু তেওঁলোকৰ পৰামৰ্শ লওঁ। সেই বছৰতে প্ৰায় ৬০/৭০ একৰ মানত পুলি লগোৱা হল। ১৯১২ সনত পাত তুলি হাতেৰে মাৰি ১০/১২ মোণ মান