পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২২)

দি অনেক যত্ন কৰিও হুচ্ আনিব নোৱাৰিলো। ভিতৰত হুলস্থুল লগা শুনি সেই পাইকাৰীজনেও দুৱাৰমুখলৈ গৈ চাই আছিল। পাছত তেওঁ ওচৰলৈ যাবলৈ অনুমতি বিচৰাত আমি আতুৰত পৰি অনুমতি দিলোহঁক। তেওঁ ওচৰত বহি পানী জাৰি গাত চটিয়াই দিয়াত হুচ পাই চকু মেলি বকিবলৈ ধৰিলে। তেতিয়া তেওঁ শোধাত ক’ৰ পৰা কেনেকৈ আহিল আৰু কোন, সকলো কথা কবলৈ ধৰিলে। এইদৰে ভুল বকি বকি ঘৰখনত অসুখ অশান্তি কৰি আছিল। যিজোপা ডালিম গছত থাকে, সেই গছজোপা কাটো বুলিলে বৰকৈ কান্দে আৰু বেছিকৈ ভুল বকে। অনেক বেজ জ্ঞানী লগাইও ভাল কৰাব পৰা নহল। অবশেষত ৬/৭ মাহ কষ্ট ভোগ কৰি সেই অৱস্থাতে মৃত্যু হল।

 

ভাতৃ মিলন আৰু দোকান পতাৰ কাৰবাৰ

 ৺পিতাৰ সম্পত্তি ভতিজাক আৰু বিমাতৃয়ে ভাগ কৰি লোৱাৰ পাছত মই ককাইদেৱৰ পৰামৰ্শ অনুসৰি উইলত লেখা মোৰ প্ৰাপ্য টকা খোজাত বিমাতৃয়ে নানা প্ৰলোভন দেখুৱাই টকা নিদিয়ে। মই তাগাদা কৰি কলে ভতিজাকে দিব বুলি কয়। ভতিজাকক কলে বিমাতৃয়ে দিব বুলি কৈ মোক আশ্বাস দি থয়। দৈগোৰোঙ্গত থকা বিমাতৃৰ জোয়ায়েক উভয়ৰ ভিতৰত সোমাই মোক টকা খুজি লবলৈ কয়; সিপিনে তেওঁলোকক টকা দিবলৈ মনা কৰে। এই দৰে তেওঁলোকে টকা দিম নিদিম কৰি থকা দেখি মোৰ মনত নানা প্ৰকাৰ দুখৰ ভাবনা চিন্তা সোমাই মন অস্থিৰ কৰিলে।