পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৩৭)

যোৰহাটেদি আহি গোলাঘাট পালোহি। প্ৰতি কাৰবাৰত এইদৰে অত্যন্ত কষ্ট ভোগ কৰিও মনত অলপো অবসাদ ভাব নাহে। মা লক্ষ্মীয়ে মনত দুখ অশান্তি প্ৰায় আহিবলৈ নিদিয়ে।

 এইদৰে বহুত কষ্ট সহ্য কৰি ৬ খেপ হাতী বেচা-কিনা কৰি বাগান খোলাত ব্যস্ত হওঁতে সেই কাৰবাৰ এৰি দিবলৈ বাধ্য হলো।

 

চাহ খেতি

 এসময়ত মৰঙ্গিত ৰঙাজান, লেটেকুজান, দৈগোৰোং, পংকা, ধলাগুৰি, গৰঙা আৰু থুৰামুখ নামৰ বাগিচাকেখনহে আছিল। এই কেউখন বাগিচাৰ মহৰী কেৰেণীবোৰ মৰঙ্গীৰ মানুহ আছিল। এনেকি ছৰ্দ্দাৰ-চকিদাৰবোৰো মৰঙ্গিৰে মানুহ। অন্য ঠাইৰ কোনো মানুহে মহৰী কেৰেণী হবলৈ নেপাইছিল। দৈবাৎ যদি কোনোবা এজন আছিলহি, তেৱোঁ মৰঙ্গিৰ মানুহৰ লতা পতা মিতিৰ কুটুম্বৰ। যি এজন আছিল, তেওঁলোকেও মৰঙ্গিৰ মানুহৰ লগত স্থায়ী ভাবে মিলাপ্ৰীতিৰে আছিল। সেই সময়ৰ মৰঙ্গিৰ মানুহে নিজ ঠাইৰ উন্নতিৰ কামনা কৰি কোনেও কাৰো অহিত নিচিন্তিছিল। অলপ লেখা-পঢ়া জনা লৰাবোৰকে কামত সুমাই শিক্ষিত কৰাইছিল। কালৰ কি বিষদৃশ গতি যে, আজি কোনো এখন বাগিচাতে মৰঙ্গিৰ দুজন মানুহে একে লগে কাম কৰি খাব নোৱাৰে। বৰ্ত্তমান মৰঙিত বহুত শিক্ষিত লৰা হৈছে যদিও ইমানবোৰ