পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৪২)

ধাৰ পৰিশোধ আৰু পুনৰ ধাৰবৃদ্ধি

 এইদৰে সকলো সৰঞ্জাম যোগাৰ কৰি পাচৰ বছৰত আঢ়ৈশ মোন পকা চাহ তৈয়াৰ কৰি কলিকতাৰ বজাৰত বিক্ৰি কৰাত আগৰ বছৰৰ খৰচ বাদে মহাজনৰৰ পাঁচ হেজাৰ টকা ধাৰ মৰিল। তেতিয়া পুনৰ বাগিচা বঢ়োৱাৰ উদ্দেশ্যে ১৯১৫ সনত নেশ্যনেল কোম্পানীৰ লগত বন্দবস্ত কৰিলো। উক্ত কোম্পানীয়ে ১৯১৯ সনলৈকে মাহে ৫০০৲ পাচশ কৰি খৰচ দি কাৰবাৰ চলোৱাই থাকোতে আকৌ সাত হেজাৰ ধাৰ লগাত টকাৰ তাগাদা কৰি বাগিচা চলাবলৈ টকা নিদিয়া হল। তেতিয়া বাগান চলাবলৈ অসমৰ্থ হৈ ৰঙ্গাজান বাগিচাৰে মেনেজাৰ ছাহাবক অক্টেভিয়ছ ষ্টীল কোম্পানিৰ লগত বন্দবস্ত কৰি দিবলৈ অনুৰোধ কৰিলে। তেখেতে অনুৰোধ ৰক্ষা কৰি কোম্পানিলৈ লেখাত কোম্পানীয়ে বেষ্ট ছাহাব আৰু তেওঁক বাগান চাই ৰিপৰ্ট দিবলৈ লেখিলে। দুইজন ছাহাব আহি বাগান দেখি সন্তোষ পাই বেচিবনে বুলি সুধিলে। বাগান দেখি তেওঁলোকৰ লবলৈ বৰ মন গৈছিল। মই কেতিয়াও নেবেচো বোলাত তেওঁলোকে “কোম্পানীয়ে টকা দিব, তুমি বাগানৰ সকলো প্ৰকাৰে উন্নতি কৰিবলৈ যত্ন কৰা” বুলি কৈ কোম্পানীলৈ ৰিপৰ্ট দিলে। তেওঁলোকৰ ৰিপৰ্ট পাই কোম্পানীয়ে টকা দিয়াত মই দুগুণ উৎসাহেৰে বাগান বঢ়োৱা কামত লাগি গলো। অন্যান্য কিছুমান কামতো টকা খৰচ কৰাত আৰু চাহৰ বজাৰ পৰি যোৱাত আৰু বাগান বঢ়োৱাত প্ৰায় চল্লিশ হাজাৰ মান টকা ধাৰ বাঢ়ি গল।