পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৮)

 পিতাৰ মৃত্যুৰ ডেৰমাহ মানৰ পাছত তেওঁ আমাৰ খবৰ কৰিবলৈ আহি ৰঙাজানৰ নাপিতৰ ঘৰতে আছিলহি। তাতে মোৰ লগত দেখা দেখি হৈ কথা-বতৰা হওঁহক। উইল কৰি মোক এহেজাৰ টকা দি গৈছে বোলাত টকা খুজিবলৈ মোক পৰামৰ্শ দিছিল। এই দৰে খবৰ-খাবাৰ কৰি গৈ পাছত মোক নিবলৈ আকৌ এবাৰ আহিছিল। মোৰ যোৰহাটলৈ যাবৰ মন নগল।

 

পিতাৰ উইল আৰু মৃত্যু

 ককাইদেউক খেদোৱাৰ পাছৰ পৰাই পিতাৰ শৰীৰ ক্ৰমাৎ বেয়া হবলৈ ধৰিলে। যেতিয়া শয্যাগত হল, তেতিয়া এদিন গুৰ আনিব লাগে বুলি মোক গোলাঘাটলৈ যাবলৈ কলে। সেই সময়ত গাড়ীৰ সুবিধা নাছিল, হাতীৰে মাল অনা নিয়া কৰা হয়। ককাইদেউ যোৱাৰ পৰা দুইখন দোকানৰ খাতা পত্ৰ লিখা, হুন্দি দিয়া, কানি বেচা, আৰু মাল অনা নিয়া কৰা ইত্যাদি সকলো কাম গোমস্তা এজনেৰে সৈতে ময়ে কৰো। সেই দিনা মই গোলাঘাটলৈ যাবলৈ ওলালত ৺পিতাই কলে “তুমি বজাৰ পায়ে হাতীটো শ্ৰীযুত বিষ্টুচৰণ উকিলৰ ঘৰলৈ নি তেওঁক আমাৰ ঘৰলৈ পঠাই দিবা; বৰ দৰ্কাৰ আছে। তুমি গুৰ কিনি তাতে ৰৈ থাকিবা। তেওঁ ঘূৰি গলে মাল বোজাই কৰি লৈ আহিবা।”

 মই পিতাৰ চতুৰালি বুজিব নোৱাৰি কোৱামতে গোলাঘাট পায়ে উকীলক হাতীত তুলি পঠাই দিলো। তেওঁ আমাৰ ঘৰত আহি পিতাৰ তাবৎ সম্পত্তি বিমাতৃ আৰু ভতিজাকৰ