পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৯)

পিতৃৰ স্নেহৰ পৰিচয়

 এইদৰে অনেক দুখ-দুৰ্গতি সহ্য কৰি গোলাঘাটত বিমাতৃৰ তত্ত্বাবধানত কাল কটাই কিছু ডাঙৰ দীঘল হৈ আত্মবোধ জন্মিল। পিতা ডিব্ৰুগড়লৈ বদলি হৈ সপৰিবাবে আমাক লৈ গল। তাতে ৺ককাইদেৱৰ বিবাহ হল। ৺পিতৃদেৱে পেন্সন্ লৈ ৰঙ্গাজানলৈ আহি দোকানৰ কাৰবাৰত ধৰিলে। আমি তেখেতৰ সকলো কামৰ সহায় হলো। তেতিয়া আমাৰ ওপৰত বিমাতৃৰ হিংসাভাব ক্ৰমাৎ প্ৰৱল হব ধৰিলে। ৺পিতৃক অনেক প্ৰকাৰৰ কু-পৰামৰ্শ দি ৺ককাইদেৱক দোকানৰ পৰা একেবাৰেই দিগবাস কৰাই খেদোৱালে। লগত সগৰ্ভা তিৰোতা লৈ ৺ককাইদেৱে কান্দি-কাতি দোকানৰ পৰা ওলাই যোৱা দৃশ্যলৈ মনত পৰিলে আজিও হিয়া বিদীৰ্ণ হয়। হায় হায়! এই দৃশ্য দেখি পিতৃ আৰু বিমাতৃৰ কোনো কষ্ট বোধ নহৈছিল। তেওঁ ওলাই যোৱা দৃশ্যত বাটৰ বাটৰুৱা আৰু ওচৰ-চুবুৰীয়াৰ চকুৰ পানী ওলাইছিল। মোৰ হিয়া ভাগি গৈছিল; অনেক দিনলৈ আত্মহাৰা হৈ ফুৰিছিলো।

 ভ্ৰাতৃহাৰা হবৰ দিনাৰে পৰা দোকানৰ সকলো কামৰ ভাৰ মোৰ আৰু গোমস্তা এজনৰ ওপৰত পৰিল। দুখন দোকানৰ সকলো কাৰবাৰ আমিয়েই চলাই ৺পিতৃক চহকী কৰিছিলো। তথাপি আমাৰ ওপৰত বিমাতৃৰ ইৰ্ষা ভাব নুগুচিল। শেষত ৺পিতাৰ তাবৎ সম্পত্তি উইল কৰাই লেখাই ললে।

 অনেক লোকে বঢ়াই বুজাই কোৱাত উইল কৰোতে মোৰ নামে এহেজাৰ টকা লেখি গৈছিল। বিমাতৃয়ে