(১৪)
বিমাতৃৰ অত্যাচাৰ উৎপীড়নত অত্যন্ত কাতৰ হৈ থাকি থাকি আৰু পিতৃয়ে তাৰ কোনো প্ৰতিকাৰ নোলোৱাত ভগ্নমনোৰথ হৈ বৰ্ম্মা দেশলৈকে গৈ সৈনিক শ্ৰেণীত ভুক্ত হবলৈ মন কৰিছিলো। আমি থকা মিলিটেৰি স্কুলৰ শিক্ষকজন বৰ্ম্মা যুদ্ধত হাওলদাৰ হৈ গৈ শেষত সুবাদাৰ মেজৰ পদলৈ উঠিছিল। তেওঁলৈকে লেখা লেখি কৰি কামৰ বন্দবস্ত কৰা হল। দুৰ্গাপূজাৰ বন্ধত যোৱাৰ কথা আছিল। পূজা উটাবৰ দিন এজোৰা ধুতি আৰু ত্ৰিশ টকা ৰুপ লুকাই লৈ কেইজনমান মানুহৰ লগতে গোসাণী উটোৱা চাবলৈ গলো। সেই মানুহকিজনে কোনো মতে লগ এৰা নিদিয়াত পলাব নোৱাৰিলো।
পিতাৰ পুত্ৰত্যাগ
মোৰ জ্যেষ্ঠ ভাই লেখা পঢ়াত যেনে পাৰ্গত আছিল, কামতো তেনে নিপুণ হৈ উঠিছিল। যি কাম কৰিব লগীয়া হয়, অতি ৰংমনেৰে কৰে; বিমাতৃৰ অত্যাচাৰ-উৎপীড়ন আশীৰ্ব্বাদ বুলিহে ধাৰণা কৰে। মানুহজন বৰ তেজস্বী আৰু দেখনিয়াৰ। বিবাহ কৰাবৰ উপযুক্ত হোৱাত পিতৃয়ে পাত্ৰী বিচাৰিবলৈ ধৰিলে।
আসাম ফ্ৰন্টিয়াৰত এজন ৰাজপুত জামাদাৰ আছিল, তেওঁলোকৰ কেইবাটাও লৰা ছোৱালী আছিল। নগাৱঁৰ পৰা কোনোবা মৌজাদাৰ এজনৰ জীয়েকক নিছিল। আসাম ফ্ৰন্টিয়াৰ নগাৱঁৰ পৰা ডিব্ৰুগড়লৈ বদলি হোৱাত তেৱো