পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৪৫)

লগত চাহ দিয়াৰ বন্দবস্ত কৰি তেওঁৰ ধাৰ মাৰিবলৈ ধৰিলো। অবশেষত মোৰ হিছাপ মতে পাঁচ শ আৰু তেওঁলোকৰ হিছাপ মতে সোতৰ শ বাকী ওলালত মই টকা দিবলৈ বন্ধ কৰিলো।

 ১৯২০ সনত বাগান চলাবলৈ একেবাৰে অসমৰ্থ হোৱা দেখি তেওঁলোকে আগৰ বাকী টকাৰ মবলগ কৰি দিলে পুনৰ দহহেজাৰ টকা ধাৰ দিম বুলি বুদ্ধি কৰি কোৱাত ইপিনে ময়ো কোনো মহাজনৰ ওচৰত ধাৰলৈ টকা নাপাই— তেওঁলোকৰ মতেৰেই আগৰ বাকী টকাৰ মবলগ কৰি দিবলৈ বাধ্য হলো। তেতিয়া তেওঁলোক বাগিচালৈ আহি মোৰ হতুৱাই মবলগ কৰাই নিলেহি। পাছত মই ধন বিচৰাত আঠশ টকাৰ ধান দি নগদ টকা দিব নোৱাৰো বুলি কলে। এইদৰে চালাকি কৰি মোৰপৰা বত্ৰিশ শ টকা আদায় কৰিলে।

 তেতিয়া মই একেবাৰেই বিপাঙ্গত পৰি গাৱঁৰ মানুহৰ ওচৰত ধাৰ বিচাৰিবলৈ ধৰিলো। প্ৰথমতে শ্ৰীযুত গোপীকা উকিল আৰু শ্ৰীযুত হৰনাথ কেৰেণীকে ধাৰলৈ টকা খুজিলো। তেওঁলোকে আজি দিম কালি দিম বুলি কৈ কৈ অৱশেষত টকাৰ যোগাৰ নহয় বুলি কলে।

 তেওঁলোকৰ ওচৰত টকা নাপাই ৰায় ছাহাব দণ্ডধৰ বৰুৱা আৰু দেবেশ্বৰ গোসাইৰ ওচৰত টকা বিচাৰিলো। তেওঁলোকেও নানা অসুবিধা আৰু খৰচৰ বাট দেখুৱাই টকা দিব নোৱাৰে বোলাত মই একেবাৰেই বিপদত পৰিলো। তেতিয়া কোনো উপায় নাপাই পানীকৰা গাঁৱৰ শ্ৰীযুত মঠাই