পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৫৯)

 এইদৰে ভাবি-চিন্তি ঘৰলৈ উলতি আহিলো আৰু গোমস্তা কেইজনৰ পৰা দোকান চমজি লৈ পুনৰ কাৰবাৰত ধৰি বিয়া নকৰাই থাকো বুলি ভাবিবলৈ ধৰিলো। কিন্তু আয়ে ‘হাঁ বোৱাৰী, হাঁ বোৱাৰী’ বুলি হিয়া ধাকুৰি ছোৱালী বিচাৰিবলৈ ধৰিলে। যাকে যতে পায়, তাকে ছোৱালীৰ খবৰ সুধিবলৈ ধৰিলে। এদিন গোলাঘাটত শুনিবলৈ পালে যে, ডিব্ৰুগৰৰ নাওশাল বাগিচাৰ বৰমহৰি শ্ৰীযুত লক্ষীসিংহৰ এজনী পূৰ্ণবয়স্কা বিয়া দিবলগা ছোৱালী আছে; তেওঁ দৰা বিচাৰি ফুৰিছে। বায়েকক গোলাঘাটৰ শ্ৰীযুত মূলসিংহে বিয়া কৰাইছে; বাপেক মাক ছোৱালী আদি সকলো ভাল। সেই কথা শুনি তেওঁক ছোৱালী খুজি বাঢ়ি দিবলৈ আয়ে বৰকৈ অনুৰোধ কৰিলেগৈ।

 আইৰ অনুৰোধক্ৰমে তেওঁ শহুৰেকৰ ঘৰত ছোৱালী বন্দবস্ত কৰি আহি আমাৰ লগত বিয়াৰ দিন ঠিক কৰিলেহি। মই, বামুণ এজন আৰু শ্ৰীযুত মুক্তি সিংহৰ ভায়েকক লগত লৈ বিয়া কৰাবলৈ যাত্ৰা কৰিলো। ডিব্ৰুগড়ৰ ঠাকুৰবাৰীত আমি থাকিবলৈ ললো। তাৰপৰাই অনেক গান বাজানাৰে বৰযাত্ৰী হৈ কন্যা ঘৰলৈ আহিছিলোহক। কিন্তু সেই বাগানৰ মেম ছাহাবৰ বেমাৰ থকাত বাগানৰ ভিতৰত বাদ্য-ভাণ্ড কৰিব নোৱাৰে বুলি বৰ ছাহাবে বাটতে চকিদাৰৰ হতুৱাই বন্ধ কৰালে। তেতিয়া কোনো বাদ্য নবজোৱাকৈ চুপে চাপে গৈ বিয়া কৰোৱা হল। বিয়া হৈ যোৱাৰ পাছত উভয় পক্ষে সুখ সন্তোষেৰে সাদৰ সম্ভাষণ জনাই খাই বৈ ঘৰলৈ আহিলোহঁক।