পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৩)

দিলে; এক সপ্তাহৰ পাছত ছিভিল ছাৰ্জ্জন ছাহাবে সকলোবোৰ লৰা-ছোৱালীৰ টিকাৰ দাগ চাই মোৰ দাগ আটাইতকৈ ভাল দেখি মোক ৩ বজাত তেওঁৰ বঙ্গলালৈ নিবলৈ পিতাক কলে। আমি গৈ পোৱাত মোৰ দাগবোৰৰ পুজ লৈ ছাহাবে তেওঁৰ বছেৰেকীয়া লৰাটোক টিকা দিলে।

 শ্বিলঙ্গত থকা ৪২ নং ৰেজিমেণ্টৰ জাৰুৱা চিপাহীবোৰে ১৮৭৮ সনত ৭ দিনীয়াকৈ বিষহৰি পূজা পাতিছিল। প্ৰতি দিনে ৭ জনীকৈ অকুমাৰী ছোৱালীয়ে পানী তোলে। পূজা উটাবৰ দিনা পেৰেড্ বন্ধ থাকে। ২০/২৫ জন মানুহে তাল খোল বজাই বিষহৰি নাম গোৱা দৃশ্য অতি মনোৰম। নামৰ লগত দেওধাই উঠে। নগৰৰ সকলো গণ্য-মান্য মানুহেও দেওধাই উঠি নাচ গান কৰি নাম গোৱা চাবলৈ যায়। মিলিটেৰিবিলাকৰ ড্ৰিল ঘৰতে পূজা পাতে। পূজা চাবলৈ ৪৪নং ৰেজিমেন্টৰ চিপাহীবোৰ আহিছিল। সেইদিনা ছোৱালীবোৰে পানী তুলি আহোঁতে মানুহৰ ভীৰত বাট পথ বন্ধ হৈ থকা দেখি মিলিটেৰি হাওলদাৰজনে হাতৰ লাখুটি দালেৰে পানী তোলা ছোৱালীকেজনী আহিব পৰাকৈ মানুহ ঠেলি দিছিল। হঠাৎ এটা চিপাহীৰ গাত তেওঁৰ লাখুটি লগাত বহুত তৰ্কাতৰ্কী হৈ মাৰিয়ামৰি হল। তেতিয়া দুই দলক পূজা ঘৰৰ পৰা আঁতৰ হবলৈ কেণ্টন গেৰাজত বিকুল দিলে আৰু ২০/২৫ জন সশস্ত্ৰ চিপাহী পঠাই দুই দলক চত্ৰভঙ্গ কৰি দিলে। তেতিয়াহে সুকলমে পূজা উটাব পাৰিলে। প্ৰায় দুমাহ মানলৈ দুই দলৰ ভিতৰত পুনৰ কাজিয়া হয় বুলি ওপৰস্থ কৰ্ম্মচাৰীসকলে হাত-বজাৰত লাখুটি লৈ কাকো সোমাব নিদিছিল।