পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮০)

চাবলৈ গৈ দেখো, লাইনৰ কোঠালি এটাত বাপেকটো বেহুচ হৈ পৰি আছে; লৰা ছোৱালী হালে কোঠালি চুকত বেৰত থিয় হৈ আছে। বেমাৰি আৰু লৰা ছোৱালী দুটাৰ অৱস্থা দেখি ডাক্তৰলৈ বৰ খং উঠিল। তেতিয়াই চকিদাৰ মই, ডাক্তৰ, আটাইকেইজনে ধৰি আনি তাক হাসপতালত থলো; লৰা ছোৱালীকিটাক খোৱা বোৱা ঠিক কৰাই দিলো। তাতে মোক ইনফ্লুয়েঞ্জাই আক্ৰমণ কৰিলে। ৰাতি খাই-বৈ শুই থকাৰ পাছত ৰাতিপুৱাই মোৰ প্ৰবল ইনফ্লুয়েঞ্জা হল। পিছত এই বেমাৰেই ঘৰৰ আনবিলাকলৈ বিয়পিলে। মোৰ আৰু পৰিবাৰৰ বেমাৰ অত্যন্ত টান হৈছিল। বাকীবোৰে ৪/৫ দিন বেমাৰ ভুগিয়েই ভাল হৈছিল। লেটেকুজানৰ বিপিন ডাক্তৰৰ চিকিৎসাত সকলোৱে আৰোগ্য লাভ কৰিলো। সেই বছৰ ইনফ্লুয়েঞ্জা বেমাৰত মহাযুদ্ধত যিমান সৈন্য মৰিছিল, তাৰ দুগুন মানুহ মৰিল।

 এবাৰ দোকানত চোৰে চুৰ কৰিবলৈ আহিছিল। সেই সময়ত আইৰ পেটৰ বিষত শুব নোৱাৰাত পৰ দি থাকিব লগীয়া হৈছিল। তাতে আকৌ বৰ্ত্তমান হাট বহা ঠাইডোখৰ কিনি নিজৰ মাটিত দোকান আদি সজোৱা হৈছিল। পাকঘৰ আগৰ ঠাইতে আছিল। আমি খাই-বৈ আইক দুজন দুজনকৈ পৰ দি থকাৰ বন্দবস্ত কৰি কথা বতৰা হৈ পাকঘৰতে আছিলো। চাকৰ এটাই দোকানৰ পৰা গৈ কলে চোৰ আহিছে হব পায়।” মই হাতত লণ্ঠন লৈ বাহিৰলৈ ওলাই অহাত চোৰ লৰ মাৰিলে। খেদি নিয়াত ধলাগুৰিৰ ৰাস্তাই যাব ধৰিলে। হোলা এটি পাৰ হৈ যাব