পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(১৭)

পৰমেশ্বৰক ধ্যান কৰিবলৈ ধৰিলে। তেতিয়াহে জন্মদাতৃ মাতৃলৈ মনত পৰিল। গোলাঘাটৰ পৰা গাড়ী এখন খুজি আনি সগৰ্ভা ভাৰ্য্যাক তুলি লৈ মাতৃৰ উদ্দেশে ৰাওনা কৰি গল।

 তেওঁলোক ওলাই যোৱা দৃশ্যত আৰু কান্দোন-কাটোনত বাটৰ বাটৰুৱাই কান্দিছিল, মোৰ হিয়া ভাগি চুড়মাৰ হৈছিল। মোক এৰি তেওঁলোকো বিমুৰ্চ্চিত হৈ গৈছিল। এনে দৃশ্য দেখিও পিতৃৰ বা বিমাতৃৰ অলপো কষ্ট অনুভব নহৈছিল।

 তেওঁ গৈ ৺মাতৃৰ লগ পালে। ২০/২৫ বছৰৰ পাছত বোৱাৰী সহ পুত্ৰক দেখা পাই মাতৃয়ে হাততে চন্দ্ৰ পোৱাৰ দৰে হল। তিনিও একেলগে থাকিবলৈ ধৰিলে। যিদিনা তেওঁলোকৰ মা পোৰ মিলন হৈছিল, সেইদিনাৰ বৰ্ণনা অতুলনীয়।

 দোকান চলাই থাকোতে ককাইদেৱে এবাৰ মিলিটেৰিত ভৰ্ত্তি হৈছিলগৈ। পাছত পিতৃয়ে গম পাই মিলিটেৰি ছাহাবক অনেক কাবৌ-কোকালি অনুনয়-বিনয় কৰি কৈ নাম কটাই আনিছিল।

 তেওঁ চিলাই কামত বৰ নিপুণ আছিল। বৌদেউক আইৰ লগতে গৈ মেলেং বাগিচাত চিলাইৰ কাম কৰি তিনিও জনৰ জীবিকা আৰ্জ্জন কৰিছিল। চিলাই কলটো নিজৰ আছিল। তাতে দোকান এখন দিবলৈকো মন কৰিছিল!

 ৰঙাজানৰ দোকানত থাকোতে তেওঁ বাগানৰ মেনেজাৰ ছাহাবৰ আগত ঘোৰাত উঠি অহা-যোৱা কৰাত আৰু কুলিৰ গাহৰিবোৰ আমাৰ বাৰিত সোমালে গুলিয়াই মৰাত বাগানৰ ছাহাবজনে তেওঁক মুঠেই ভাল নেপাইছিল।