পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩৩)

লক্ষ্মী পূজা

 গধূলি খাই-বৈ উঠি সদায় ৰামায়ণ বা মহাভাৰত পঢ়ি আই আৰু বৌক শুনাও। এদিন লক্ষ্মী চৰিত কিতাপ এখন পঢ়ি থাকোতে লক্ষ্মী পূজা কৰিবলৈ আমাৰ মন উদ্বিগ্ন হ’ল। প্ৰতি বৃহস্পতিবাৰে গোহালি ঘৰত লক্ষ্মী পূজা কৰিম বুলি আয়ে সংকল্প কৰি পূজাৰ আয়োজন কৰিলে। পূজা কৰা হল। মা লক্ষ্মীৰো আমাৰ ওপৰত ক্ৰমাৎ সুদৃষ্টি পৰিল।

 ৺আইৰ আদৰ্শমতে আজিলৈকে পূজা কৰি থকা হৈছে। মোৰ সতি-সন্ততিবিলাকেও এইদৰে পূজা চলাই থাকিব বুলি মই আশা কৰো। মা লক্ষ্মীৰ সুদৃষ্টি হলে যি কাৰবাৰতে হাত দিয়া যায়, তাতে সুফল ফলে; তেওঁৰ কুদৃষ্টি হলে কোনো কাৰবাৰত মানুহে উন্নতি কৰিব নোৱাৰে।

 

কুহিয়াৰ খেতি

 ধান খেতিত আশাতীত লাভ পাই কুহিয়াৰ খেতিও কৰিবলৈ মন গল। ১৯০৮ সনত কেন্দুগুৰি ছাপৰিত মাটি ভঙ্গাই কুহিয়াৰ ৰোৱালো। সেই মাটিডোখৰ বাৰিষা পানীত তল যায়, গুৰত দাম আছিল যদিও সেই ঠাইৰ কুঁহিয়াৰৰ খেতিত মোৰ লাভ নহৈছিল। সেই নিমিত্তে ১৯১০ সনত বগিধলালৈ কুহিয়াৰ খেতি উঠাই নিয়ালো। তাত ৩০০ একৰ মাটি ত্ৰিশসনা গ্ৰাণ্ট মঞ্জুৰ কৰাই লৈ কেইবছৰ মানতে

৪০/৫০ একমান মাটিলৈকে কুঁহিয়াৰ খেতি কৰাই দিলো।