(৫৮)
এইদৰে আমি দুখ বেজাৰ কৰি থাকোতেই বৌৰ মাকে আমাক অন্য ঠাইত আতৰি থাকিবলৈ কলে। বেমাৰ দিনক দিনে বেছি হৈ আহিছিল। তেতিয়া আমি কলৈ যাম, কি কৰিম বুলি ভাবি চিন্তি বিমাতৃৰ ভাই-বোৱাৰীয়েকৰ ঘৰলৈ যোৱাৰ ঠিক কৰিলে। তেওঁৰ লগত কোনোদিন আমাৰ দেখাশুনা নাছিল। গিৰীয়েকৰ নাম সুধি সুধি তেওঁৰ ঘৰ ওলাই পৰিচয় দিয়াত তেওঁ বৰ সাদৰ সম্ভাষণ কৰি আমাক থাকিবলৈ দিলে। তেওঁৰ ছোৱালী এটি মাত্ৰ; তাইকো বিয়া দি থৈছিল।
তেওঁৰ ঘৰত এমাহ মান থাকোতেই বৌৰ ভায়েক
আহি গাওঁ ভাল হল বিয়া কৰাবগৈ লাগে বুলিলে।
তেতিয়া আমি পণ্ডিত মতাই আনি তেওঁৰ আগতে বিয়াৰ
অন্য এটা দিন ঠিক কৰি তেওঁক ওভোতাই পঠালো।
পাছত বিয়াৰ দিনা বিয়া কৰাবলৈ গৈ দেখো যে, তেওঁলোকৰ
ঘৰত বিয়াৰ কোনো আয়োজন নাই। মাকে কলে, গাঁৱৰ
মিত্ৰ-কুটম ভাই-বন্ধুসকলে এই বছৰত বিয়া দিবলৈ মানা কৰাত
বিয়া পতা নাই। পিছবছৰত আহি বিয়া কৰাবাহি।
তেতিয়া আমি দুখে বেজাৰে লাজে অপমানে মৰ্ম্মাহত হৈ
ঘৰলৈ উভতি আহিলো। বৌৰ প্ৰেতকাৰ্য্যাদি কৰি আতাই
মনত ভাবিলো যে, মোৰ বিয়া পাতিবলৈ আহি জয়ে জয়ে
ককাইদেৱে প্ৰাণ হেৰুৱালেহি, এইবাৰ আহি বৌৱেও প্ৰাণ
এৰিলেহি। অতএব আমি ছোৱালীলৈ টোপালি থকা উচিত
নহয়। তাতে লোকৰ হাতত দোকান দি বিদেশত আহি
থকা উচিত হোৱা নাই; ঘৰলৈ উভতি যাওঁগৈ।