(৮৪)
কালিয়নী বাগিচাৰ ওচৰতে মাটিবাৰী ভাঙ্গাই ঘৰ-দুৱাৰ কৰি ললে। সাধাৰণ কথাতে মোৰ বাগানৰ পৰা ওলাই গল। তেওঁৰ ডাঙ্গৰ লৰাটি মোৰ তেল কলৰ মেনেজাৰ আছিল। তাত এশ টকা চুৰ কৰি খোৱা ধৰা পৰাতো মই তেওঁক পুলিছত নিদি কামৰ পৰাই বিদায় দিছিলো। তেনেস্থলতো ⁕⁕⁕কে মোৰ অনিষ্ট চিন্তাতহে মগ্ন হল। কালিয়নী বাগিচাৰ ৪০/৫০ একৰ মান মাটি ৰাইজৰ আৱশ্যকতা দেখুৱাই দৰখাস্ত ⁕⁕⁕ ⁕⁕⁕ ⁕⁕⁕ ⁕⁕⁕ উঠাই দিব লগা হল। তাত মোৰ ⁕⁕⁕ হেজাৰ টকা লোকচান হল। তথাপি মই তেওঁ লোকৰ বেমাৰ আজাৰত ডাক্তৰ পঠাই সহায় কৰিয়ে আছো। পুতেককো পুনৰ সেই বাগানত মহৰি কৰি ৰখা হৈছিল। বাগানৰ হাওলাত লোৱা টকা আঢ়ৈ শ তেওঁলোকৰ সুবিধা ক্ৰমেহে ⁕⁕⁕ কৰিছিল; মই কোনো তাগাদা কৰা নাছিলো। তেওঁলোকে মোৰ অনিষ্ট কৰিবলে চাওঁতে নিজৰ হে বেছি অনিষ্ট হোৱা যেন অনুমান হয়। এতেকে নিজে থাকিলে আনে একো কৰিব নোৱাৰে।
মোৰ এই জীৱন সোঁৱৰণ কথাখিনি লেখিবৰ মন নাছিল। অনেক বন্ধু বান্ধৱে আগ্ৰহ কৰি কোৱাত আৰু মোৰ পো নাতসিকলে জানিবৰ অৰ্থে লেখি ৰাখিলো।
—অন্ত—