পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৬)

আমি আহিবলৈ ধৰিলো। সেই সময়ত মৰঙি আলি বৰ বেয়া। বাটটো ঠেক আৰু দুই দাতিত হাবি, মাজডোখৰত বোকাও। সেই দেখি মানুহৰ চলাচলো কম। আমি বাটতে গাড়ী লগ পাম বুলি আহি আহি গৰু চৰা বিল পালোহি। সেই ঠাইডোখৰ বৰ জয়াল; ভয়ে ভয়ে আহি দোকানৰ মুখ পাই গাড়ী নেদেখি বৰ চিন্তিত হলো। বাটে বাটে গাড়ী গৈ আছে বুলি ভাবি দৈগোৰোঙ্গ নৈৰ ঘাটলৈকে চাবলৈ গলো। তাতে গাড়ী নাই। লণ্ঠনটোও ক’লা পৰি পোৰ নিদিয়া হল। তেতিয়া খড়িয়া মাছ মৰা মানুহে এৰি যোৱা বজালৰ জুই থকা জোৰ এটা পাই তাৰ পোহৰেৰে আলিত গাড়ীৰ ‘লিক’ চাই লিক নেদেখি উভটি আহি পুনৰ দোকান পালোহি। ৰাতি বৰ এন্ধাৰ; কাকো ক’তো নেদেখি বাট হেৰুৱাই গাড়ীখন ধলাগুৰি ফাললৈকে গ’ল নে কি বুলি ভাবি সেই ফালে যাবলৈ ধৰিলো। প্ৰায় ডেৰ মাইল মান গৈ কুলি লাইনৰ ওচৰত গাড়ীখন লগ পাইহে আমাৰ ধাতু আহিল। গাড়ীৰ লগে লগে আহি ২ মান বজা ৰাতি দোকান ঘৰ পালেহি।

 ঘৰটোৰ ভিতৰখন বৰ লেতেৰা হৈ আছিল। মালবোৰ যতে পাই ততে ভৰাই থলো। দোকানৰ ওচৰত থকা ৰামজিত বঙ্গালীয়ে মালবোৰ সুমোৱাত ৰাতিয়েই সহায় কৰি দিছিল। পাচ দিনা পুৱা ঘৰ দুৱাৰ পৰিস্কাৰ কৰি মালবোৰ পৰিপাটিকৈ থলো। সেই দিনা পংকিয়াল গাৱঁত থকা “মালমৰীয়া” গোসায়ে আমাৰ খোৱা বোৱাৰ সুবিধা কৰি দিছিল। সেই নিমিত্তে আমি তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ।