পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৫৪)

বিবাহ

 ককাইদেউৰ মৃত্যুৰ পাছত মোৰ বিবাহৰ কোনো কথা বতৰা নাছিল। যেতিয়া আমি নিজ উপাৰ্জ্জনত পোহপাল যাব পৰা হলো, তেতিয়া আমাৰ বিমাতৃৰ আইৰ লগত মিল হৈ পুৰ্ব্বৰ ইৰ্ষাভাব এৰি দুইৰো অহাযোৱা আৰু একেলগে খোৱা লোৱা চলিবলৈ ধৰিলে। ঈশ্বৰৰ কেনে বিচিত্ৰ লীলা যে, যাৰ উৎপীড়নত আয়ে পেটৰ পোৱালী আৰু গিৰিয়েকক এৰি লোকৰ ঘৰত কান্দি ভাত খাই জীৱন কটাইছিল, তেনেকুৱা দুজনী মানুহকে পুনৰ মিল কৰাবলৈ বিমাতৃৰ অৱস্থা ক্ৰমৎ পেলাই দিলে। অবশেষত তেৱো খেতি কৰাইহে খাইছিল।

 তেওঁলোক দুজনাৰ মিল হোৱাৰ পৰাই মোৰ বিবাহৰ কথা উত্থাপন হবলৈ ধৰিলে। দুইজনা মাতৃয়ে মোৰ বিয়া পাতিবলৈ উত্ৰাৱল হল। বিহাৰ দেশৰ ব্ৰাহ্মণ পণ্ডিত এজন বিমাতৃৰ গুৰু আছিল। তেওঁ সদায় বিমাতৃৰ দোকানতে থাকে। তেওঁ যেনে চালাক-চতুৰ, কামতো তেনে পাৰ্গত। বিমাতৃৰ কোনো মামলা মকৰ্দ্দমা লাগিলে তেৱে চলায়। পিতা জীয়াই থাকোতে তেওঁ সোণ তৈয়াৰ কৰিব জানো বুলি বহুত টকা লোকচানো কৰালে। দুইজনা মাতৃয়ে মোলৈ ছোৱালী বন্দৱস্ত কৰাৰ ভাৰ তেওঁকে দিলে।

 তেওঁৰ গাত ছোৱালী বন্দবস্ত কৰা ভাৰ পৰিলত তেওঁ শিৱসাগৰলৈ অহা যোৱা কৰোতে দেখি শুনি থকা ঘনৰামসিং ৰাজপুতৰ ছোৱালীজনীকে বন্দবস্ত কৰিলে। এওঁ পুলিছৰ