পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭২)

মই গছ চাই মিকিৰক কাটিবলৈ লগাই দি অলপ আঁতৰত মাটিৰ অৱস্থা চাই আছিলো। তেনেতে মোৰ ফাললৈকে গছ হাউলী গল। হঠাৎ বৃন্দা সিং-অৰ মোৰ ফালে চকু পৰাত চিঞৰ মাৰি আঁতৰ হবলৈ কলে। চিঞৰ শুনি ওপৰলৈ চাই গছ হালি অহা দেখি ভয় খাই কাটি খোৱা কাঠৰ ওপৰেদিয়েই জাপ মাৰি দিলো। বৃন্দাসিঙে নেদেখা হলে কাঠে হেচা মাৰি মাৰিলেহেতেন।

 এবাৰ গৰঙ্গাত আমাৰ লগা আপোন মানুহ দুজন আছিল। তাত ঢলাগুৰিৰ কুলি এটাক দোকানৰ ধাৰৰ পয়ছা খোজাত দিব নোৱাৰা বোলাত দোকানিয়ে সেৰি ডগা এটা তাৰ গালৈ মাৰি পঠোৱাত তাৰ কলিজাত লাগি তাৰ তাতে মৃত্যু হোৱাত ছেশ্যন কেছ হোৱাত ময়ো আসামীৰ লগত শিৱসাগৰলৈ যাবলৈ ওলাই কমৰবন্ধা ষ্টেশ্যনলৈ ৰাতি খোজ কাঢ়ি গৈছিলো। আমোলাপটি পাৰ হৈছো, এনেতে হঠাৎ মোৰ ভয়ানক কলেৰা হোৱাদৰে অতিপাতকৈ বমি হোৱাত তাৰপৰা মোক ওভতাই আনি আমাৰ মহাজনৰ দোকানত ৰাতি থৈ গল। তাতে দৰব দিয়াত ভাল পালো। ৰাতিপুৱা গাড়িৰে ঘৰ পালোগৈ।

 শ্ৰীমান নুনুৰ মাক গৰম পানীত গা ধুবলৈ যাওঁতে গাৰীৰ পৰা নুনু অকস্মাৎ সৰি পৰাত গাৰ ওপৰেদিয়েই চকা গল। লগত গয়াপ্ৰসাদ, সোনা আৰু যতিনো গৈছিল। লৰাই তৎক্ষণাৎ চকু থিৰ কৰ বেহুচ্ হল। গয়াপ্ৰসাদে ডাঙ্গি ধৰিলে, সোনা আৰু যতিনে লৰালৰিকৈ পানী আনি মূৰত দিয়াত হে হুচ্ আহিল।