পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৮১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৭৭)

বৰকাঠনিৰ ছাহাবজনো আহিব নোৱাৰিলে। কুলিকেইটাই মই পলুৱাই আনিছিলো বুলি পূৰ্ব্বে জবানবন্দী দিয়াইছিল। আজি নিজে পলাই অহা বোলাত মকৰ্দ্দমা ডিছমিছ কৰি মোক খালাছ দিলে। সত্যৰ সদায় জয়। এই মকৰ্দ্দমাত মহকুমাধিপতি ছাহাবৰ মনোভাবো মোৰ বিপক্ষে আছিল আৰু কাছাৰিত উকিল মহৰি বহুতেই মোৰ শাস্তি ফাটেক জৰিমনা দুয়োটাই হব বুলি মত প্ৰকাশ কৰিছিল।

 ধলাগুৰিত দোকান থাকোতে মাল খোৱা কুলিবিলাকে দোকান উঠাই অনাৰ পাচত মোৰ পংকিয়াল দোকানৰ পৰাই মাল খাইছিল। মাজে মাজে মোক দুই চাৰি সেৰ চাহ খাবলৈকো দিছিল। সেইদৰে দিয়া চাহেই দহ বাৰ সেৰ গোট খাই আছিল। তাকে কোনোবা কুলিয়ে ছাহাবক লগোৱাত ছাহাবে পুলিছ মাতিলে। ছাহাবৰ ডাকোৱালে কথাটোৰ সম্ভেদ দিয়াত চাহবোৰ লুকাই লেটেকুজানৰ কেঞাৰ দোকানৰ পৰা এসেৰ চাহ অনাই ৰাখিলো। পুলিছে সেই চাহ খানাতলাছ কৰি পাই বৰ আনন্দ কৰিছিল। কিন্তু এনে চাহ বজাৰত ঢেৰ পায় বোলাত আৰু ছাহাবেও তেওঁৰ চাহ নহয় বোলাত পুলিছ গুচি গল। সেই ডাকোৱালৰ হতুৱাই ঈশ্বৰে ৰক্ষা কৰিলে।

 সকলো কামকে একান্ত মনে মনোযোগ দি অহঙ্কাৰ নকৰাকৈ সৰলভাবে আৰু উৎসাহেৰে কৰিলেহে উন্নতি হয়। মই যেতিয়া খেতি কৰাইছিলো, তেতিয়া হালোৱা ৰোৱনী বা দাৱনীৰ কাম চাই মহাজন হৈ থকা নাই; সিহঁতৰ প্ৰত্যেকৰ লগত যাৰ যি কাম, সেই কাম ময়ো কৰিছিলো।