পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(২০)

দৰে প্ৰায় ডেৰ মাহ পিতাৰ শুশ্ৰুষা কৰাৰ পাছত তেখেত পৰলোক প্ৰাপ্ত হল।

 পিতাৰ পৰলোক হোৱা মাত্ৰে অন্ত্যেষ্টি ক্ৰিয়া কৰিবলৈ ভতিজাকক টেলিগ্ৰাম দি মাতিলে। তেওঁ টেলিগ্ৰাম পায়ে পৰিবাৰ সহ আহি পাই সকলো কাম কাজ কৰিলেহি। ৺পিতাৰ সম্পত্তিৰ অংশ বিচাৰো বুলি পিতাৰ প্ৰেত কাৰ্য্যাদি আমাক কৰিবলৈ নিদিলে।

 

বিমাতৃৰ আত্মসাৎ আৰু ভুতৰ উপদ্ৰব

 ৺পিতা পৰলোক হোৱাৰ পাছৰ পৰা বিমাতৃৰ আলৈ আহুকাল আৰু অসুখ অশান্তি ক্ৰমাৎ বেছি হবলৈ ধৰিলে। পিতাৰ অন্ত্যেষ্টি ক্ৰিয়া কৰি এটোৱাৰ পাচতে দোকান দুখনৰ বৰ দোকানখন আৰু পাবলগীয়া বিলত বাকীখিনি ভতিজাকক দিলে। ইখন দোকান, মাটি-বাৰী, হাতী, মহাজনৰ দেনা আৰু মহাজনৰ ঘৰত জমা থকা ১০,০০০৲ দহ হেজাৰ টকা জীয়েক-জোঁৱায়েকলৈ ৰাখিলে। মোৰ বিষয়ে কোনো কথা উত্থাপন নকৰিলে। এনেকি অনেক দিনীয়া গোমস্তাজনকো পয়ছা এটাও নিদিয়াকৈ খেদি দিলে।

 যি লোকৰ অনিষ্ট কৰে, তাৰ নিজৰেহে অনিষ্ট হয়। পিতাৰ অতুল সম্পত্তিৰ পৰা আমাক বঞ্চিত কৰি যি জন ভতিজাকক সম্পত্তি খুৱাইছিল, সেই ভতিজাকৰ ঘৈনীয়েকৰ গাত ভুত লাগি দেশৰ পৰা অহাৰ ১০/১৫ দিনৰ পাছৰ পৰাই বলিয়া বকিবলৈ ধৰিলে। এদিন গিৰিয়েক দৈগোৰোঙ্গলৈ গৈ ঘূৰি আহোঁতে বাটৰ পৰাই তেওঁৰ গাত ভুত লাগি