পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৬৫)

নোৱাৰে। বাৰে বাৰে পলাই যোৱাত আৰু বিচাৰি হাইৰাণ হোৱাত মনত অশান্তি বাঢ়িবলৈ ধৰিলে। সেই সময়ত মোৰ অৰ্থ-বিভুতি হোৱাত সকলোৰে পৰা মান-সম্ভ্ৰম পাইছিলো। তেনেস্থলত মোৰ তিৰোতা পলাই ফুৰাটো বৰ অপমানজনকো। সেই কাৰণে আয়েও মুঠেই দেখিব নোৱাৰিছিল। কেইদিন মানৰ পিছত আকৌ এদিন ১/২ মান বজা ৰাতি বিচনাৰ পৰা উঠি গোলাঘাটৰ ফাললৈ যাবলৈ ধৰিলে। ৰাতিপুৱাত লুৰকীহাটত সম্ৰান্ত মুছলমান এজনে লগ পাই “তই কৰ ছোৱালী ইমান ৰাতিপুৱাই অকলে অকলে আহিছ? নিশ্চয় তই পলাই আহিছ” বুলি টানকৈ সোধাত বাপেকৰ নাম আৰু মোৰ তিৰোতা বুলি কলে। তেতিয়া তেওঁ বুজাই কলে “তই ভাল মানুহৰ জীয়াৰী আৰু ভাল মানুহৰ তিৰোতাও; তেনেস্থলত খোজ কাঢ়ি অকলে অকলে যাব নেলাগে। মই গাড়ীৰে বাপেৰৰ ঘৰত থোৱাম।” নিজৰ পৰিবাৰক ৰখি থাকিবলৈ কলে।

 তেওঁ তৎক্ষণাৎ বিমাতৃক খবৰ দিলে। মোলৈকো খবৰ দিছিল; কিন্তু বিমাতৃয়ে খবৰ পোৱা মাত্ৰে গাড়ী পঠিয়াই তেওঁৰ ঘৰলৈ নিয়ালে। বাৰে বাৰে পলাবলৈ ধৰাত একোপধ্যে ৰাখিব নোৱাৰি কেতিয়াবা কিবা ঘটনা কৰে বুলি ভাবি বাপেকক লৈ যাবলৈ খবৰ দিলো। মোৰ চিঠি পাই বাপেকে আহি লৈ গলহি। ঘৰত মাকে “কিয় পলাই ফুৰ” বুলি সোধাত আমাৰ ঘৰত থাকিবৰ মন নেযায় আৰু মোক দেখিলেই ভয় লাগে বুলি কৈছিল। তাতো সদায় মন মাৰি থাকিছিল। মাকে নানা বেজ জ্ঞানী লগাই পানী কটাই গা