পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৫৬)

মোৰ আয়ে বোৱাৰীয়েকক মুঠেই দেখিব নোৱাৰিছিল। খাওঁতে বওঁতে উঠোতে বহোতে সদায় গালি শপনি পাৰি মাৰ কিল কৰে। বোৱাৰীয়েকে নকৰিব লগীয়া কামবোৰ গালি শপনি পাৰি কৰয়। বোৱাৰীয়েকে সকলো অত্যাচাৰ সহ্য কৰাতো শাহুয়েকৰ মৰম নলগাত মোৰ অন্তৰত আঘাত লাগিছিল। অন্য প্ৰকাৰে আইৰ অত্যাচাৰ গুচাব নোৱাৰি যেতিয়া মিনতি কৰি কোৱা হল, তেতিয়া মোকো তেওঁৰ নিচিনাকৈ বেয়া পাবলৈ ধৰিলে। এইদৰে কষ্টভোগ কৰি কিছুদিন থাকোতেই বাপেকে জীয়েকক নিবলৈ আহি ওলালহি। মই কোনো আপত্তি নদৰ্শাই ৰংমনে পঠাই দিলো। ঘৰত গৈ অলপদিন থাকোতেই তেওঁৰ মৃত্যু হল। আইৰো মনৰ হেপাহ পূৰ হল। প্ৰেতাদি কাৰ্য্য কৰি আগৰ দৰে মনৰ শান্তিত থাকিবলৈ পালো।

 প্ৰথম পত্নীৰ ওপৰত আইৰ অসহনীয় অত্যাচাৰ দেখি পুনৰ বিয়া নকৰাবলৈ মন কৰি দোকান আদিৰ কাৰবাৰত বিশেষ যত্ন কৰিছিলো। দুবছৰৰ ভিতৰত ধাৰ ঋণ মাৰি দুহেজাৰ মান টকা জমা কৰিলো। হাতত টকা জমা হোৱা দেখি পুনৰ বিয়া পাতিবলৈ আই আৰু বৌৰ তত্ নাইকীয়া হল। বৌৰ নুমলীয়া ভণীয়েকেৰেই বিয়া পাতোগৈ বুলি দেশলৈ যাবলৈ ওলাল। তেওঁলোকৰ অনুৰোধক্ৰমে ময়ো যাবলৈ বাধ্য হলো। বিয়া কৰাবলৈ যাম বোলা শুনি মহাজনে দুজন বিশ্বাসী গোমস্তা পঠাই দিলে। তেওঁলোক দুজনক দোকান চমজাই আমি দেশলৈ যাত্ৰা কৰিলো। আমি বিয়া কৰাবলৈ যোৱাৰ কথা দেশত কালৈকো খবৰ দিয়া নাছিলো।