সমললৈ যাওক

পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৪৮)

এটাইবোৰ কাৰবাৰতে বগীধলাৰ লাভৰ টকাকে খৰচ কৰা হৈছিল।

 

ঘৰুৱা বিপদ

 ১৯৩১ সনত মোক কিছুমান ঘৰুৱা বিপদেও পাইছিল। মোৰ শৰীৰ অসুখ হল। গোলাঘাটৰ মিলত থাকোতেই এটি লৰাৰ জন্ম হৈছিল। লৰা ওপজাৰ ৮/১০ দিনৰ পাছত এদিন ৰাতি আমি খাই বৈ বঙ্গলাৰ তলমহলত শুই আছিলো, ৰান্ধনি বামুণ আৰু পৰগণীয়া চাকৰটোৱে ওপৰ মহলত শুইছিল; পৰগণীয়া চাকৰটোৱে বিৰি খাইছিল। তাৰ বিৰিৰ ফিৰিঙ্গতি তক্তাৰ ফাকৰ মাজে সৰকি আহি মাক পিতেকে গাত লৈ থকা লেজাইখনত পৰি জুই লাগি গল। ভৰিত গৰম পাই মাকে সাৰ পালে। লৰাটিৰ গাৰ পৰা এবেগেত মান আঁতৰত জুই জ্বলা দেখি চিঞৰ মাৰি মোক মাতিলে। মই ওপৰৰ কোালিতে শুইছিলো। চিঞৰত সাৰ পাই উঠি দেখো যে, লেজাইখন পুৰি বিছনাত জুই লাগিছে। মাকে লৰাটি লৈ আতৰ হল। মই বিচনা-পাতি আৰু লেজাই খন টানি বাহিৰলৈ উলিয়াই পেলালে। চাকৰকেইটাই নামি পানী ঢালি জুই নুমাইলেহি। ঈশ্বৰে কথামপিহে লৰাটিক ৰক্ষা কৰিলে। তাত প্ৰায় এমাহ থাকিয়ে বাগানলৈ আহিলে। আহি পোৱাৰ ২০/২৫ দিন মানৰ পাছতে লৰাটিৰ গ্ৰহনী আৰু জ্বৰ হল। লৰা লোৱা কুলিজনীয়ে কানি খুৱাই দিলে ৰাতি লৰাটি বেহুচ হৈ গল। লৰাটিৰ হুচ আনিবলৈ আমি যে অনেক যত্ন কৰিলোৱেই তাৰ উপৰি ডাক্তৰ বেজেও