পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩)

 শ্ৰদ্ধেয় ৺পিতৃদেৱ সকলো বিষয়ে ভাল আছিল যদিও তেখেত বৰ স্ত্ৰৈণ্য আৰু আত্মজ পুত্ৰৰ প্ৰতি নিৰ্দ্দয় আছিল। বিমাতৃৰ কথা পেলাব নোৱাৰি জ্যেষ্ঠ পুতেকক সগৰ্ভা ভাৰ্য্যাসহ দিগবাসে খেদাইছিল। বিমাতৃৰ চক্ৰান্তত পৰিয়েই ৺শ্ৰদ্ধেয় মাতৃদেবীক পুত্ৰহাৰ কৰি পৰিত্যাগ কৰিবলৈ বাধ্য হৈছিল।

 মৃত্যুৰ ইতিপূৰ্ব্বেই সকলো সম্পত্তি উইল কৰি বিমাতৃক দি গৈছিল। ৺বিষ্টু উকিলে উইল কৰোতে অনেক কোৱাতহে মোৰ নামে এহেজাৰ টকা উইলত লেখে।

 

পিতৃদেৱৰ কাৰ্য্য পৰিচয়

 শ্ৰদ্ধেয় ৺পিতৃদেৱ সৈনিক বিভাগত থকা সময়ত আসামলৈ অহা-যোৱা কৰা অত্যন্ত দুৰ্গম আছিল। তাতে আকৌ সৈনিকসকলৰ থকাৰ কোনো স্থিৰতা নাছিল। কোন দিন কোন মুহূৰ্ত্তত কোন সৈনিক কলৈ যাব লাগে একো নিৰ্ণয় নাছিল। তেনে অসুবিধাহ পৰি ৺পিতৃদেৱে আমাৰ শ্ৰদ্ধেয়া মাতৃক ২য় পত্নী স্বৰূপে ৰাখিবলৈ বাধ্য হৈছিল। এই নিঃকিনক জন্ম দিয়াবলৈকে ভগবানে ইচ্ছা কৰি সিবিলাকৰ মিলন ঘটালে।

 দেশত ৺পিতৃদেৱৰ বিয়া কৰোৱা পত্নী আছিল। তেওঁ ছোৱালী এটিৰ মাতৃ হওতেই পিতৃ আসামলৈ আহে। মোৰ জন্মৰ চাৰি বছৰৰ পাছত দেশ সুস্থিৰ হোৱাত বিমাতৃ আহি গুৱাহাটীত আমাৰ লগ হয়হি।