পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৪০)

হৈ ৰবিবাৰ এটাত বাগিচা চামগৈ বুলি কৈ মোক পঠাই দিলে।

 এদিন ৰবিবাৰে দুপৰীয়া আহি বাগিচা চালেহি। বাগিচা দেখি বৰ সন্তোষ পাই মোক মাতি গল। মই যোৱাত নানা প্ৰকাৰে সজ পৰামৰ্শ দি কবলৈ ধৰিলে— “বেছি দামৰ নতুন মেচিন কিনি ধাৰ বৃদ্ধি নকৰিবা, বাগিচাও নেবেচিবা। কাৰবাৰ ভাল হয় মানে সস্তা দামৰ পুৰণি মেচিন বিচাৰি আনি পাত তৈয়াৰ কৰা। “টাইম্‌ছ অব আসাম” কাগজত পুৰণি মেচিন আদিৰ নিমিত্তে জাননী দিয়া। অনেক বাগিচাত কামৰ উপযোগী ছেকেণ্ড হেণ্ড মেচিন এনেই পৰি আছে। কেঞাৰ ধাৰত মন বিচলিত নকৰিবা। লাহে লাহে ধাৰ মাৰিব পাৰিবা। ধাৰ কৰি আনি ধনবোৰ তুমি খাই থোৱা নাই। এটা মহৎ কাৰবাৰ কৰাত খৰচ হৈছে মাত্ৰ। কোম্পানীক বাগিচাৰ অংশ দিবলৈ মন নেমেলিবা। বাগিচা খোলাৰ পৰা তোমাৰ যিমান টকা খৰচ হৈছে, তাৰ আধা টকা দি ভাগ লবলৈ সিহঁতে বিচাৰিব। খৰচৰ পকা হিছাপ তোমাৰ নাই যেতিয়া বাগিচাৰ অংশ যে যাবই, সম্পূৰ্ণ খৰচো পোৱাৰ আশা নাই। তোমাৰ বাগিচাখনৰ বেগতে উন্নতি হোৱা লক্ষণ দেখিছো, সেই নিমিত্তে যৎপৰোনাস্তি যত্ন কৰি পুৰণি মেচিন বিচাৰি লৈ ২/৪ বছৰ কাম চলোৱা। বাগিচাৰ উন্নতি হলে মনৰ ইচ্ছামতে কাম কৰিবা। কোম্পানিক অৰ্দ্ধাংশ বেচিলে তোমাৰ অৰ্দ্ধস্বত্ব ধ্বংস হব। পিচত ধাৰ বেছি দেখুৱাই বাকী অংশও লৈ থব পাৰিব। তেতিয়া তোমাৰ সকলো দুখ কষ্ট, যত্ন, পৰিশ্ৰম, হেপাহ