(২৮)
বেছিকৈ বিক্ৰী হয়। সেই বছৰত আমি কানিৰ মহল লোৱাত তেওঁলোকৰ আমালৈ হিংসা লাগিল। অন্য মহলৰ পৰা কানি আনি দোকানত চুৰকৈ বেচিবলৈ ধৰিলে। পৰমেশ্বৰৰ কৃপাত আমি অতি সাবধানেৰে চলাত কানিৰ কাৰবাৰত আমাৰ কোনো লোকচান কৰিব নোৱাৰিলে। আমাৰ যথেষ্ট লাভ হৈছিল।
ককাইদেৱৰ মৃত্যু
ক্ৰমে আমাৰ দোকানৰ অবস্থা ভাল হবলৈ ধৰিলে। ইপিনে মোলৈকো বিবাহ কৰাবৰ সময় হ’ল। আই, বৌ আৰু ককায়ে পুৱা-গধূলি সদায় ক’ত ভাল ছোৱালী পায়, কি দৰে বিয়া পাতিব, সেইবোৰ কথা পাতিবলৈ ধৰিলে। অবশেষত বৌৰ ভনীয়েকজনীকে বিয়া কৰোৱাৰ স্থিৰ কৰিলে। কাৰণ একে ঘৰৰে দুই জনী বোৱাৰী হলে অনেক দিনলৈ প্ৰীতিৰে থাকিব পৰা হব বুলি ভাবিলে।
ককাইদেৱৰ শহুৰেক মৰাৰ পাছত ভতিজাকহঁতে তেওঁৰ লৰা তিৰোতাক দেখিব নোৱাৰিছিল; সময়ে সময়ে খুব হিংসা কৰিছিল। ইয়াতো আমাক দদাইৰ পুতেকহঁতে সদাই হিংসা কৰিছিল। এই কথা-বাৰ্ত্তাবিলাক চিঠি পত্ৰেৰ ককাইদেৱে জনাই ছোৱালীৰ বন্দবস্ত কৰিলে। বিধিৰ নিৰ্ব্বন্ধ কোনেও খণ্ডাব নোৱাৰে। আই বৌৰ লগত পৰামৰ্শ কৰি তেওঁলোকক সপৰিবাৰে দেশৰ পৰা তুলি আনি ঘৰতে বিয়া পতাৰ স্থিৰ কৰি তেওঁ দেশলৈ যাত্ৰা কৰিলে। আই-বৌৰ মনত আনন্দৰ পাৰ নাই। দেশত ২ মাহ মান থাকোতেই