পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮২)

 সময়ে সময়ে অনেক কুলিক মাৰকিল কৰিছো; কিন্তু কাৰো ওপৰত খং ভাব ৰখা নাই। আনকি বৰকাঠনি বাগিচাৰ মোৰ ওপৰত মকৰ্দ্দমা লগোৱা কুলীটোও পিছত অৱস্থা বিপৰ্য্যয়ত মোৰ বাগানলৈকে অহাত মৰম কৰি ৰাখিছিলো। সকলোকে মৰমৰ চকুৰেই চাওঁ। বাগানৰ মাল-বস্তু কোনো কুলিয়ে হেৰুৱালে বা নষ্ট কৰিলে মাৰকিল নকৰি বুজনি দিওঁ। কিন্তু কুলিৰ ভিতৰত কাজিয়া কৰিলে যাৰ গাত দোষ পাওঁ, তাক যথোচিত দণ্ড দিওঁ। পাছত তেনেদোষ নকৰিবলৈ বুজনি দিও।

 

অন্তৰৰ ভাব

 মোৰ পুত্ৰ-পৌত্ৰসকলে মা লক্ষ্মীৰ ওপৰত সকলো কামতে নিৰ্ভৰ কৰিব। প্ৰতি বৃহষ্পতিবাৰে তেওঁৰ পূজা কৰাব। সদায় তেওঁৰ উপাসনাত মনোযোগ দিব।

 মোৰ পিতাৰ নাম স্থায়ী হৈ থাকিবলৈ আমোক্তাৰনামাত থকা চহীটো যত্ন কৰি ৰাখিব।

 পৰিয়ালৰ ভিতৰত যিজন কৰ্ত্তা হব, তেওঁ মোৰ পিতাই যুজত জিকি পোৰা মুখে খজা বন্দুক, মেডেল, পেন্সনৰ কাগজ আৰু কাঠৰ ৰুল আদি সদাই নিজৰ জিমাত ৰাখিব আৰু মোৰ লৰা ছোৱালীবিলাকে এই বহীত বৰ বাপেকৰ বিষয়ে লেখা কথাখিনি ৰঙা চিয়াহিৰে লেখি ৰাখিব।

 কাৰবাৰ চলাওঁতে সম্পত্তি বন্ধক দিয়া দলিল-পত্ৰ আৰু চিঠি-পত্ৰবোৰ পকাকৈ বন্ধাই চিৰস্থায়ী কৰি ৰাখিব। মোৰ নিচিনা বিদ্যা-বুদ্ধি নোহোৱা, শাৰীৰিক বা মানসিক