পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬৭)

বোৱাৰীয়েকে হলে শাহুয়েকলৈ কোনো ক্ৰোধ ভাব নেৰাখিলে। মই ২/৩ দিনৰ পাছত খেতি পথাৰ দোকান আদি চাই যাওঁহি। বোৱাৰীয়েকে শাহুয়েকক চাবলৈ মাহেকে পষেকে অহা যোৱা কৰি থাকে। তথাপি আইৰ ক্ৰুৰ স্বভাব পৰিবৰ্ত্তন নহল। বোৱাৰীয়েকক কোনো দিনে স্নেহৰ চকুৰে নাচালে।

 শ্ৰীমান সোণাক মাহীয়েকে নিজ গৰ্ভৰ সন্তানৰ দৰে পালন কৰিছিল। তাৰ অলপ অসুখ অশান্তি হলেই বৰ কাতৰ হৈছিল। খেতি পথাৰৰ দিনত আইৰ বেমাৰ এজাৰত ঘৰলৈ আহি খেতি পথাৰৰ সাৱধান লয়হি আৰু গাইকো শুশ্ৰুষা কৰেহি।

 মোৰ ধাৰ-ঋণ মাৰি নিজগৰীয়া হোৱা সময়ত বিদেশত তীৰ্থ কৰিবলৈ যাবৰ মন কৰিলে। তেওঁৰ মনৰ ভাব বুজিব পাৰি মই লৈ গৈ কানপুৰ, অযোধ্যা, কাশী, বাৰনসী আদি ঠাইত ফুৰাই গয়াত পিণ্ডাদি দি বাগানলৈ ঘূৰি আহিলো। অহাৰ আগতে ডাঙ্গৰ ছোৱালীজনী দেশতে বিয়া দিবলৈ মন কৰাত উপযুক্ত পাত্ৰত ছোৱালাটি বিয়া দিয়া হল। বিয়াত তেওঁ মুক্তহস্তে টকা খৰচ কৰিছিল। দুভাগ্যবশতঃ সেই ছোৱালীটিৰ দ্বিৰাগমন কৰাবলৈ নাপালে।

 আইৰ শৰীৰ ক্ৰমাৎ পৰি অহা সময়ত বাগানৰ কামত মই অত্যন্ত ব্যস্ত থাকিব লগীয়া হোৱাত আইক শুশ্ৰুষা কৰিবলৈ সময় নেপাইছিলো। তেওঁ বৰ সাৱধানেৰে শুশ্ৰুষা কৰি পালন কৰিছিল। মই বিশেষ দৰ্কাৰত গোলাঘাটলৈ গৈছিলো। সেই দিনাই মাতৃয়ে বোৱাৰীয়েকৰ হাতে পানী দুনী খাই