পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬০)

 এওঁক বিয়া কৰাই সুখ সন্তোষেৰেই কাল কটাইছিলো। এওঁৰ ওপৰত আইৰ বৰকৈ কটাক্ষ পৰিব নোৱাৰিছিল। অকস্মাৎ কেতিয়াবা অলপ কটাক্ষ পৰিলে তেওঁ বেদৰ বানী বুঢ়াৰ বচন বুলি এৰি পেলাইছিল। মনত অলপো ক্ৰোধ বা দুখ বেজাৰ নেৰাখিছিল। প্ৰকৃততে তেওঁ এজনা সৰবৰহী তিৰোতা আছিল। আগৰে পৰা যদিও মোৰ খেতি বাতি আছিল, তথাপি এওঁৰ দিনত বৰ ধুম ধাম খেতি বাতি হৈছিল। এওঁৰ দিনত ধান খেতি, কুহিয়াৰ আৰু হাতীৰ কাৰবাৰ কৰি বহুত টকা লাভ কৰিছিলো।

 বিয়া কৰোৱাৰ দুবছৰৰ পাছত শ্ৰীমান সোনা বোপাৰ জন্ম হয়। বুঢ়ীমাকৰ নাতি দেখি আনন্দৰ পাৰ নাই। বিধি বিধান কোনেও খণ্ডাব নোৱাৰে। লৰা জন্ম হোৱাৰ এমাহ মানৰ পাছতে হাতী বেচিবলৈ মই মেলালৈ যাব লগা হল। মই যাবলৈ ওলাইছো, এনেতে মাকে আহি কলে যে, তেওঁৰ গাটো অলপ জ্বৰ জ্বৰ লাগিছে, অন্য কোনো বিকাৰ নাই। তেতিয়া মই ‘আলমাৰিত সুধা সমুদ্ৰ আছে, জ্বৰ উঠিলে তাৰে কেইপালিমান খাবা’ বুলি কৈ মেলালৈ যাত্ৰা কৰিলো।

 মই যোৱাৰ পাছতে তেওঁৰ জ্বৰ হল, মই কৈ যোৱা মতে সুধা সমুদ্ৰ খাবলৈ মন কৰি আলমাৰী খুলি দৰব উলিয়াই খালে। দুৰ্ভাগ্যবশতঃ সেই আলমাৰীত কিছুমান ৰাংপানীও আছিল। কোনটো সুধা সমুদ্ৰ আৰু কোনটো ৰাংপানী চিনিব নোৱাৰি ৰাংপানীকে সুধা সমুদ্ৰ বুলি খাই দিলে।