পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬৩)

গোপাল সিঙ্গৰ জীয়েককে খুজিবলৈ কলেহি। তেওঁ কোৱা মতে ছোৱালী খোজা হল। তেওঁ ককায়েকক ছোৱালী দিবলৈ জোৰ কৰি ধৰাত ককায়েকে দিবলৈ ৰাজি হৈ বিয়া পাতিলে। সেই সময়ত মোৰ কাৰবাৰবোৰ আৰু ঐশ্বৰ্য্য বিভুতি দেখি ছোৱালী দিবলৈ কোনেও দ্বিৰুক্তি নকৰে। তেওঁৰ জীয়েকৰ বয়স ১১ বছৰহে হৈছিল। তাত বোৱা কাম শিকাবলৈ বুলি যোৰহাটৰ বুঢ়ীমাকৰ ঘৰত আছিল গৈ। আমি ছোৱালী দেখিবলৈ পোৱাই নাছিলো।

 মোৰ হাতীৰ জামদাৰজনে কথাটি জানি শিৱসাগৰৰ পৰা হাতী লৈ উভতি আহোতে কলগছ কিনাৰ ভাও ধৰি বুঢ়ীমাকৰ ঘৰত সোমাই ছোৱালী চাই আহি আমাৰ আগত ছোৱালী ভাল বুলি কোৱাত আমিও বিয়া পাতিলো। তেওঁক অসমীয়া ধৰণে ধুলিয়া, গায়ন, হাতী-ঘোৰা, দোলা-দুলীয়া লগত লৈ বিয়া কৰোৱা হল।

 বিয়াৰ কেইমাহমান পাছৰ পৰা আকৌ অশান্তি ভোগ কৰিব লগীয়া হল কাৰণ কোনোবাই কিবা যাদু কৰা কাৰণেই নে কিবা ভুত লাগিয়েই, এওঁক সদায় ঘৰৰ পৰা বাজ কৰি নিয়ে। প্ৰথম দিনা ৰাতি শোৱা বিচনাৰ পৰা উঠি গৈ পাক ঘৰত সোমাই আইৰ বিচনাত শুই আছিলহি। মই সাৰ পাই তেওঁক নেদেখি কেউফালে বিচাৰ খোচাৰ কৰি নেপালো। অৱশেষত পাক ঘৰত আইৰ লগত শুই থকা পালোগৈ।

 আকৌ এদিন ৰাতি বিচনাৰ পৰা উঠি গোলাঘাটৰ ফালে গৈ থাকোতে মোৰ পেহীৰ পুতেকৰ দোকানৰ ওচৰত