ৰামৰ হৰধনু ভঙ্গ

ৱিকিউৎসৰ পৰা
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪

৩৯ অধ্যায়

ৰামৰ হৰধনু ভঙ্গ

দুলৰি ।
অনন্তৰে মহা,           ঋষি বিশ্বামিত্ৰ,

ৰাম লক্ষ্মণক লই ।

সহৰিষ মনে,           মধুৰ গমনে,

মিথিলা পাইলন্ত গই ॥১

ঋষিৰ পাচত,           হৰিষে মনত,

চলন্ত ৰাম লক্ষ্মণ ।

যেন শিশু সিংহ,          দেখিতে বিড়িঙ্গ,

গজৰ যেন গমন ॥২

মৃদু সুকোমল,           চৰণ যুগল,

চলাৱন্ত লয়লাসে ।

দিশ পাশ আতি,           কৰি প্ৰজ্বলিত,

ৰামৰ দেহা প্ৰকাশে ॥৩

পৰম মধুৰ,           লাৱণ্য প্ৰচুৰ,

সাক্ষাত যেন মদন ।

মহা মনোহৰ,          মূৰুতি সুন্দৰ,

দেখি চাৱে সৰ্ব্বজন ॥৪

ঈষত হসিত,           বৰিষে অমৃত,

দেখান্তা লোকৰ গাৱে ।

জুৰায় মন প্ৰাণ,           ন ভাসে নয়ন,

যেতেক ৰামৰ চাৱে ॥৫

লগত উভতি,           চলে সৰ্ব্বজন,

প্ৰশংসিয়া বহুভাৱে ।

ইতো পুৰুষক,          তুলিলে কোনে নো,

সুবৰ্ণ কুক্ষীয়া মাৱে ॥৬

যিটো ভাগ্যৱতী,           পাইলা আঙ্ক পুত্ৰ,

তাইৰ বিধি সুপ্ৰসন্ন ।

সি জনীৰ সম,           পুণ্য জানো আৰ,

নতো কৰে একো জন ॥৭

ৰামৰ সমান,           পুৰুষ উত্তম,

ই তিনি লোকত নাই ।

ত্ৰৈলোক্যৰ ৰূপ,           ইহান শৰীৰে,

থৈলা বিধি এক ঠাই ॥৮

সীতাৰ সদৃশ,           এহেন্তেসে বৰ,

বিধি নিৰ্মিলন্ত জানি ।

স্বয়ম্বৰ সম-           য়ত মিথিলাত,

দৈবে মিলাইলন্ত আনি ॥৯

জনক নৃপতি,           কি কাৰ্য্য কৰিলা,

অঙ্গীকাৰ বিপৰীত ।

কঠিন ধনুত,           কোমল শৰীৰে,

ন পাৰিবে গুণ দিত ॥১০

ইহেন বৰত,           আপোন ইচ্ছায়ে,

সীতাক দিবে ন পাইল ।

যেন কোন জনে,           হাতৰ অমৃত,

আপুনি ঠেলি পেলাইল ॥১১

যেন নৱনিধি,           পায়া হেৰুৱাৱে,

দৰিদ্ৰ আপোন দোষে ।

ৰামক দেখিয়া,           যত নৰ নাৰী,

এহি মতে সবে ঘোষে ॥১২

মুনিৰ পিচত,           পৰম হৰিষে,

চলন্ত ৰাম লক্ষ্মণ ।

বিশ্বামিত্ৰ মুনি,           স্বয়ম্বৰ শালা,

পাইল গৈয়া কতক্ষণ ॥১৩

জনক নৃপতি,           দেখি সচকিতি,

উঠিলন্ত চালি গাৱে ।

আপুনি আসন,           পাৰিয়া দিলন্ত,

বুলি আতি মৃদু ভাৱে ॥১৪

পাচে জানুশিৰে,           পৰশি সাদৰে,

কৰিলন্ত নমস্কাৰ ।

সঅৰ্ঘে ঋষিক,           কৰিলন্ত পূজা,

হৰিষৰ নাই পাৰ ॥১৫

সুখে আসনত,           বসিয়া আছন্ত,

বিশ্বামিত্ৰ মুনিবৰ ॥১৬

দক্ষিণত ৰাম,           ৰামত লক্ষ্মণ,

আৰো শিষ্য নিৰন্তৰ ।

গৌতমৰ পুত্ৰ,           নামে শতানন্দ,

পুৰোহিত জনকৰ ॥১৭

ৰাম লক্ষ্মণক,           দেখি শতানন্দ,

পুছিলা বিশ্বামিত্ৰত ।

কাহাৰ কুমাৰ,           ৰূপে মনোহৰ,

দেখি নতো হেন মত ॥১৮

শতানন্দ আগে,           ঋষি বিশ্বামিত্ৰে,

কহিলা কথা সকল ।

দশৰথ মহা,           ৰাজাৰ তনয়,

ৰাম এন্তে মহাবল ॥১৯

ৰামৰ কনিষ্ঠ,           এহেন্তে লক্ষ্মণ,

পৰম গুণে যুকুত ।

চৰণে পৰশি,           মাতৃক তোমাৰ,

কৰিলা ৰামে মুকুত ॥২০

ৰামৰ চৰণ,           প্ৰসাদে অহল্যা,

ঘোৰ শাপ নিস্তৰিলা ।

গৌতম আসিয়া,           ৰামক প্ৰশংসি,

অহল্যাক সম্বৰিলা ॥২১

শুনি শতানন্দে,           গৈলন্ত হৰিষ,

পাইলন্ত মাতৃ নিস্তাৰ ।

ৰামক প্ৰশংসি,           ঋষিক বোলন্ত,

প্ৰসাদ ইটো তোমাৰ ॥২২

নোহন্ত মানুষ,           পৰম পুৰুষ,

জানিলোঁ ৰাম নিশ্চয় ।

জগত নিস্তাৰ,           হেতু অৱতাৰ,

ভৈলা এন্তে মহাশয় ॥২৩

যিতো পদধূলি,           সদা আৰাধন্ত,

ব্ৰহ্মা আদি দেৱগণে ।

যাক আশা কৰি,           সৰ্ব্ব পুৰুষাৰ্থ,

এৰে মহা মহাজনে ॥২৪

হেনয় পৰম,           দুৰ্ল্লভ ধূলাক,

পাইলা মাতৃ মোৰ লাগ ।

জানি লোক তৰা,           কোটি জনমৰ,

আছে তান মহাভাগ ॥২৫

আমিয়ো চক্ষুৰে,           দেখিলো ৰামক,

কত বা পুণ্যৰ ফলে ।

এহি বুলি শতা-           নন্দে ৰাঘৱক,

অৰ্চ্চিলন্ত কৌতুহলে ॥২৬

যত যত মহা,           মহাৰাজগণ,

আছয় বসি সভাত ।

ৰামক দেখিয়া,           সমস্তে ৰাজাৰ,

মুখত হৰিল মাত ॥২৭

ৰাঘৱৰ মহা,           তেজে ধৰষিল,

ভৈলন্ত আতি সঙ্কুচিত ।

প্ৰমত্ত সিংহক,           দেখি মৃগগণ,

হোৱে যেন ভয়ে ভীত ॥২৮

স্বয়ম্বৰ সম-           জ্যাত যত যত,

আছে নৰ নাৰীচয় ।

ৰামৰ অদ্ভুত,           ৰূপক দেখিয়া,

ভৈগৈলা মহা বিস্ময় ॥২৯

যাৰ যেহি অঙ্গে,           ৰামৰ ৰূপত,

পৰি গৈল দৃষ্টিপাত ।

পুনৰপি আৰ,           পালটি নাসয়,

বহিল তম্ভি তথাত ॥৩০

ৰামক দেখিতে,           নখণ্ডে তৃপিতি,

লাগি গৈল যেন ধ্যান ।

অমৃতক যেন,           পিৱন্তে পিৱন্তে,

জুৰায় তনু মন প্ৰাণ ॥৩১

জনক নন্দিনী,           দেখিলা ৰামক,

ৰূপ আতি বিপৰীত ।

ৰামৰ ৰূপত,           নিমজিল মন,

ভৈগৈল দেবী মোহিত ॥৩২

মনত বোলন্ত,           কোল লো বিধিয়ে,

স্ৰজিলা ৰূপ ৰামৰ ।

কোটি এক কাম,           দেৱো জানো আন,

নুহিবেক সমসৰ ॥৩৩

এহেন্তেসে মোৰ,           হৈবে নিজপতি,

কৰিলোঁ মনে নিশ্চয় ।

ইহান আগত,           দেখোঁ যেন মৰা,

আছে যত ৰাজাচয় ॥ ৩৪

ৰামত বিনাই,           আন পুৰুষক,

নবৰিবোঁ কদাচিত ।

কিবা কাজে মোৰ,           পিতৃ কৰিলন্ত,

অঙ্গীকৰ বিপৰীত ॥৩৫

তথাপি আনক,           নভজিবোঁ যদি,

ধনুত গুণ লগাৱে ।

পিতৃত বচন,           ছন্ন কৰি মই,

ভজিবোঁ ৰামৰ পাৱে ॥৩৬

ৰামৰ নখৰ,           সমান নাহিকে,

ইতিনি লোকৰ মাজে ।

ইহাঁঙ্ক এৰিয়া,           আন পুৰুষক,

ভজিবোঁ কমন কাজে ॥৩৭

মোহোৰ কৰ্ম্মৰ,           ফলে জানো আনি,

ৰামক মিলাইলা বিধি ।

অকস্মাত্ যেন,           দৰিদ্ৰৰ হাতে,

উপগত নৱ নিধি ॥৩৮

ৰামক এৰিয়া,           কোন অভাগিনী,

আনক ভজিবে যায় ।

হাতৰ অমৃত,           এৰি কোন জনী,

মৰিবেক বিষ খাই ॥৩৯

এহি মতে সীতা,           দেৱী কৰিলন্ত,

ৰামৰ চৰণ সাৰ ।

তেজি আন কাম,           বোলা ৰাম ৰাম,

যত লোক সমজ্যাৰ ॥৪০



৪০ অধ্যায়

পদ।


ৰাম লক্ষ্মণক দেখি জনক নৃপতি ।

বিশ্বামিত্ৰ মুনিত পুছিলা মহামতি ॥১

কিবা নাম আন দুই কাহাৰ তনয় ।

মহাৰূপৱন্ত আতিশয় শুভান্বয় ॥২

আপোনাৰ কহিয়ো কুশল আগমন ।

আজ্ঞা কৰিয়োক কিবা সাধোঁ প্ৰয়োজন ॥৩

শুনি হাসি বিশ্বামিত্ৰ বুলিলা বচন ।

আৰা দুই দশৰথ ৰাজাৰ নন্দন ॥৪

আন ৰাম নাম সৰ্ব্ব গুণৰ আলয় ।

আন নাম লক্ষ্মণ পৰম শুভালয় ॥৫

শ্ৰেষ্ঠ ৰাম কনিষ্ঠ লক্ষ্মণ বীৰবৰ ।

জানিবা ৰামক তুমি পৰম ঈশ্বৰ ॥৬

পৰম পুৰুষ হৰি জগত আধাৰ ।

ৰামৰূপে ভৈলা পৃথিৱীত অৱতাৰ ॥৭

হৰিবা ভূমিৰ ভাৰ ৰাক্ষস সংহাৰি ।

তযু গৃহ লক্ষ্মী আছে সীতা নাম ধৰি ॥৮

ৰামৰেসে ভাৰ্য্যা সীতা জানা স্বৰূপত ।

দিয়োক সীতাক তুমি বিবাহ ৰামত ॥৯

হৈবেক তোমাৰ তেবে পৰম কল্যাণ ।

এহি প্ৰয়োজনে আসি আছোঁ তযু থান ॥১০

ত্ৰৈলোক্য বিজয়ী ৰাম মহা ধনুৰ্দ্ধৰ ।

ত্ৰিভুবনে নাহিকে ৰামৰ সমসৰ ॥১১

জনক নৃপতি মাতিলন্ত হেন শুনি ।

মোহোৰ বচন শুনিয়োক মহামুনি ॥১২

নাহি দশৰথ ৰাজা পৃথিৱীত সম ।

তাহান তনয় ৰাম পুৰুষ উত্তম ॥১৩

মহা সুকুমাৰ ৰূপ লাৱণ্য প্ৰচুৰ ।

ভুবন মোহন আতি মুৰুতি মধুৰ ॥১৪

এন্তে সে নিশ্চয় পতি হৈবন্ত সীতাৰ ।

কিন্তু মই এক কৰি আছাঁ অঙ্গীকাৰ ॥১৫

মৃগ মাৰি মহাদেৱে দুৱাৰে আমাৰ ।

এৰি গৈলা ধনুখান যেন ব্ৰজসাৰ ॥১৬

তাক ঘৰে থৈয়া মই বুলিলোঁ বচন ।

ইহাতে লগাইতে গুণ পাৰে যিটো জন ॥১৭

তাহান্তে বিবাহ সীতা দিবোঁহো নিশ্চয় ।

ন পাৰিলা গুণ দিবে যত ৰাজাচয় ॥১৮

ৰামক দেখিয়া বসি গুণে মনে মনে ।

মিছা অঙ্গীকাৰ কৰিলোঁহো কি কাৰণে ॥১৯

এন্তে সে জানিবা বৰ সীতাৰ উচিত ।

বিধাতা আনিয়া কৰিলন্ত উপস্থিত ॥২০

মহা উচপিচ মুনি কৰি মোৰ চিত্ত ।

ন পাৰিবে ৰাঘৱে ধনুত গুণ দিত ॥২১

ৰামক চাহন্তে অঙ্গীকাৰ হেৰুৱাওঁ ।

অঙ্গীকাৰ চাহোঁ যেবে ৰামক নাপাওঁ ॥২২

একক চাহন্তে মোৰ অপৰ নঘটে ।

বাজিয়াঁ ৰহিলোঁ মই উভয় সঙ্কটে ॥২৩

বিশ্বামিত্ৰে বোলন্ত জনক মহাভাগ ।

ইসব চিন্তাক তুমি কৰাঁ পৰিত্যাগ ॥২৪

কোন বস্তু ধনু খান ৰামৰ আগত ।

ন জানাহা তুমি ৰামচন্দ্ৰৰ মহত্ত্ব ॥২৫

ঈষত কটাক্ষে ধনু ভাঙ্গিবন্ত ৰামে ।

পাইবন্ত সীতাক চিন্তা কৰাঁ কিবা কামে ॥২৬

বুলিলা জনকে বিশ্বামিত্ৰক দুনাই ।

কেমনে গুচিব চিন্তা শুনিয়ো আতাই ॥২৭

ধৰিলেক ধনু মহা মহা ৰাজাগণে ।

লাৰিবাকো ন পাৰিলা অনেক যতনে ॥২৮

কোমল শৰীৰ ৰাম বয়সত অল্প ।

পৰম কঠিন ধনু যেন ব্ৰজ কল্প ॥২৯

তাক ধৰি গৈয়া ৰামচন্দ্ৰে কি কৰিব ।

আছো গুণ দিবে লাৰিবাকো ন পাৰিব ॥৩০

ধনুত লগাইবে গুণ ৰামৰ না লাগে ।

সমাজত লঘু কেনে হৈব মহাভাগে ॥৩১

অঙ্গীকাৰ লাৰি সীতা দিবোঁহো ৰামক ।

কৈত খুজি পাইবোঁ আৰ ইমত বৰক ॥৩২

অজিজ্ঞাসি পূৰ্ব্বত কৰিলোঁ অঙ্গীকাৰ ।

তাক এৰিলাত দোষ নাহিকে আমাৰ ॥৩৩

যদি দোষ হৱে তাক নকৰোঁহো ডৰ ।

গুচিবে সকলে দোষ প্ৰসাদে ৰামৰ ॥৩৪

শুনি বিশ্বামিত্ৰে হাসি বুলিলন্ত বাণী ।

কৰাঁহা সংশয় তুমি ৰামক ন জানি ॥৩৫

এন্তে সে ঈশ্বৰ চৰাচৰ জগতৰ ।

ধনু ভাঙ্গিবন্ত কোন প্ৰয়াস ৰামৰ ॥৩৬

চাহি থাকা জনক নৃপতি কৌতুহলে ।

ধনুতে পৰীক্ষা আজি পাইবাহা সকলে ॥৩৭

শুনি সীতা মনে কোপ কৰন্ত ঋষিক ।

মোহোৰ বিপক্ষ এন্ত আচৰন্ত কিক ॥৩৮

অঙ্গীকাৰ লাৰি মোক বিহা দিবে চান্ত ।

ঋষিৰ কাৰণে পিতৃ তাহাক ন পান্ত ॥৩৯

ধনু ভাঙ্গিবাক এন্ত বোলন্ত কিসক ।

ইহান নিমিত্তে মই ন পাইবোঁ ৰামক ॥৪০

ৰাম মোৰ স্বামী হাতে মিলাইলেক বিধি ।

বিশ্বামিত্ৰ হেতু হেৰুৱাইবোঁ নৱনিধি ॥৪১

লবনু পুতলি যেন সুকোমল তনু ।

হেন ৰামে কিমতে ভাঙ্গিব ব্ৰজ ধনু ॥৪২

ন লাগে ভাঙ্গিবে ধনু সীতা দেন্ত হাক ।

অঙ্গীকাৰ এৰি বিহা দিয়োক আমাক ॥৪৩

পাচে বিশ্বামিত্ৰ ঋষি বুলিলা বচন ।

শুনিয়োক ৰাম ৰঘুকুলৰ নন্দন ॥৪৪

ধনুখানি ভাঙ্গি বিহা কৰিয়ো সীতাক ।

উঠিয়া সত্বৰে ৰাখিয়োক মোৰ বাক ॥৪৫

শুনি ৰামচন্দ্ৰে উঠিলন্ত তাৱক্ষণে ।

কঙ্কালত বস্ত্ৰ কাছিলন্ত ৰঙ্গমনে ॥৪৬

ঋষিক প্ৰণামি চলিলন্ত ৰঘুবৰ ।

দেখিহাসি তুলিলেক ৰাজা নিৰন্তৰ ॥৪৭

বৰ বৰ বীৰে না পাৰিলে লাৰিবাক ।

ভৈলোঁ লঘু লোকে বেঢ়ি হাসিলে আমাক ॥৪৮

শিশুমতি হুয়া তাক প্ৰতি কৰে সাস ।

হেনসে ইহাৰ জানকীক ভৈল আশ ॥৪৯

বিশ্বামিত্ৰ মুনি শুনি চপৰাইলা মাথ ।

জানো ধনু ভাঙ্গিবে না পাৰে ৰঘুনাথ ॥৫০

অসুখ অশান্তি আতি মনত সীতাৰ ।

হৰি হৰি বিধি সিদ্ধি ন ভৈল আমাৰ ॥৫১

হাসিয়া চলন্ত ৰামচন্দ্ৰ মহাবল ।

প্ৰত্যেক ভৰিত মহী কৰে টলবল ॥৫২

প্ৰমত্ত কেশৰী যেন যান্ত মহাশয় ।

দেখি ৰাজাগণ ভৈল পৰম বিস্ময় ॥৫৩

গুচিল সবাৰ হাসি বিবৰ্ণ বদন ।

সীতা গোসানীৰ মন ভৈগৈল প্ৰসন্ন ॥৫৪

ধনুৰ নিকটে গৈয়া চাপিলন্ত ৰামে ।

কৰে চিকি মিকি সুবৰ্ণৰ চিত্ৰ কামে ॥৫৫

বাম হাতে লীলায়ে ধৰিলা ধনুখান ।

ক্ষেপিলন্ত আকাশক কতোদূৰ মান ॥৫৬

পুনু ৰাম হাতে ধৰি পৰম নিপুণ ।

নিমিষেকে ধনুত লগাইলা ৰামে গুণ ॥৫৭

আগত থাপিলা নিয়া তুলি বাম ভৰি ।

দিলা টান গুণত দক্ষিণ পাচ কৰি ॥৫৮

টানন্তে ধনুৰ আগ পাচ নামি আইল ।

দেখি সবে ৰাজাগণ মাথা চপৰাইল ॥৫৯

বিশ্বামিত্ৰ মাথা তুলিলন্ত হাস্য কৰি ।

ৰামৰ ভৰত থিৰ নুহি বসুন্ধৰী ॥৬০

ধনু টানিবাৰ দেখি হৰিষ সীতাৰ ।

পৃথিবী কম্পিতে চিন্তা ভৈল আৰ বাৰ ॥৬১

ভৰি থিৰ ন ভৈলে ন পাইবে বল গাৱে ।

পৃথিবীক কাতৰ কৰিলা সীতা মাৱে ॥৬২

মাতৃ বসুমতী কৃপা কৰিয়োক মোক ।

থিৰ হুয়া প্ৰভু ৰাঘৱক ধৰিয়োক ॥৬৩

দিগগজ সকল তুমি সবে হৈবা থিৰ ।

শুনিয়ো অনন্ত তুমি ন লাৰিবা শিৰ ॥৬৪

হে কুৰ্ম্ম ভালে অনন্তক ধৰি ৰহা ।

দিগপাল সকল স্বামীৰ হৈব সহা ॥৬৫

এহি মতে সীতা হুয়া আছন্ত আকুল ।

পাচে ৰামচন্দ্ৰ জগতৰ আদি মূল ॥৬৬

গুণগাচ এৰি দিয়া টঙ্কাৰ কৰিলা ।

প্ৰচণ্ড শবদে আতি ব্ৰহ্মাণ্ড লৰিলা ॥৬৭

দশোদিশ ব্যাপি প্ৰতিধ্বনি গৈল বৰে ।

ত্ৰাস ভৈল সৰ্ব্বজনে বোলে বজ্ৰ পৰে ॥৬৮

সাতোখান স্বৰ্গ বাৰম্বাৰ লৰি গৈল ।

সপ্তদীপা বসুমতী টলবল ভৈল ॥৬৯

কাখৰ লঙ্ঘিল সাতো সাগৰ খলকি

জলজন্তু ভৈল ত্ৰাস প্ৰলয়ক শঙ্কি ॥৭০

দিগগজ সকল কম্পে তৰতৰিমনে ।

মহাত্ৰাসে কম্পিল পাতাল সাতোখন ॥৭১

কম্পিলন্ত অনন্ত যতেক নাগগণ ।

কূৰ্ম্ম কম্পি ফোকাৰ তেজয় ঘনে ঘন ॥৭২

মেৰু আদি কম্পিল যতেক গিৰিবৰ ।

ভয় হুয়া কম্পে আতি দেৱাসুৰ নৰ ॥৭৩

চৰাচৰ লোক কম্পি কম্পি লৈল থাই ।

সমাজৰ লোকৰ চেতন জ্ঞান নাই ॥৭৪

কৰ্ণত হানিলা তাল হৃদয় শুকাইল ।

পাচে কতোক্ষণে কথমপি ধাতু আইল ॥৭৫

পাচে ৰামে গুণত ধৰিয়া বল দিল ।

ঠাত্কাৰ কৰি ধনু মাজতে ভাঙ্গিল ॥৭৬

পুনৰপি প্ৰকম্পিত ভৈল ত্ৰিভবন ।

প্ৰলয় মিলিল হেন বোলে সৰ্ব্বজন ॥৭৭

মিথিলাৰ লোকমানে ভৈল পূৰ্ব্বৱত ।

চেতন লভিয়া পাচে ৰাজাগণ যত ॥৭৮

ৰামক নিৰখি মহাভয় চিত্ত ভৈল ।

হেট মাথে চক্ষু মুদি মৰা যেন ৰৈল ॥৭৯

ত্ৰাসত হৃদয় কম্পে বুদ্ধি নোহে থিৰ ।

মনে বোলে নতু দেখি শুনি হেন বীৰ ॥৮০

জানিলোঁহো এন্তে ৰাম মানুষ নোহয় ।

দেৱতো উত্তম দেৱ হেন মনে লয় ॥৮১

ৰামচন্দ্ৰে ধনুখান ভাঙ্গি অপ্ৰয়াসে ।

হাসি বসিলন্ত গৈয়া বিশ্বামিত্ৰ পাশে ॥৮২

ধৰিয়া ৰামক বিশ্বামিত্ৰ মুনিবৰ ।

চুম্বন কৰিয়া প্ৰশংসিলা বহুতৰ ॥৮৩

ধন্য ৰামচন্দ্ৰ তুমি বিক্ৰম তোমাৰ ।

ৰহিল নিৰ্ম্মল যশ জুৰিয়া সংসাৰ ॥৮৪

ধনু ভাঙ্গিলন্ত ৰামচন্দ্ৰ মহাশয় ।

আনন্দে নধৰে সীতা দেবীৰ হৃদয় ॥৮৫

পৰম প্ৰেমত নীৰ বহে নয়নৰ ।

সুপ্ৰসন্ন বিধি বুলি উঠিলা সত্বৰ ॥৮৬

সুবৰ্ণৰ পুষ্প মালা হাতে তুলি লৈলা ।

বিষ্ণুক বৰিবে যেন লক্ষ্মী সাজ ভৈলা ॥৮৭

সখীগণ মাজহন্তে বাজ ভৈলা সতী ।

হৰৰ পাশক যেন চলিলা পাৰ্ব্বতী ॥৮৮

দিশ পাশ প্ৰকাশিয়া শৰীৰ জ্বলয় ।

গজেন্দ্ৰৰ পাশে যেন হস্তিনী চসয় ॥৮৯

ৰাজহংস জিনি আতি গতি লয় লাস ।

চলি যান্ত ৰতি যেন মদনৰ পাশ ॥৯০

ৰাঘৱৰ নিকট চাপিয়া বৰবালা ।

সাদৰে মাথাত দিলা সুবৰ্ণৰ মালা ॥৯১

বৰিল ৰামক আনন্দৰ নাহি পাৰ ।

চৰণত ধৰি কৰিলন্ত নমস্কাৰ ॥৯২

দেখি ৰামচন্দ্ৰে পাচে সীতাক আশ্বাসি ।

আপোনাৰ পাশক চপাইলা প্ৰভু হাসি ॥৯৩

প্ৰকাশন্ত সীতা সতী ৰাঘৱৰ পাশে ।

চন্দ্ৰৰ পাশত যেন ৰোহিনী আকাশে ॥৯৪

লক্ষ্মী নাৰায়ণ দুই ভৈল এক থান ।

জগতৰ ভৈল আসি পৰম কল্যাণ ॥৯৫

সমস্ত লোকৰ ভৈল পৰম মঙ্গল ।

জয় জয় বুলি জোকাৰন্ত সৰ্ব্বজন ॥৯৬

আকাশত থাকি দেৱগণ অসংখ্যাত ।

পুষ্প বৰিষিলা ৰাম সীতাৰ মাথাত ॥৯৭

দুন্দভি বজায়া দেৱে কৰে জয় জয় ।

মুখ্য মুখ্য অপেচৰা কাছিয়া নাচয় ॥৯৮

ত্ৰিজগত লোকৰ মিলিল মহোত্সৱ ।

দশোদিশ ছানি মাত্ৰ শুনি জয় ৰাৱ ॥৯৯

সাৰ্থক লভিল বৰ মাৱ সীতা সতী ।

ভৈলন্ত আনন্দ আতি জনক নৃপতি ॥১০০

ৰাজাগণে দেখে সীতা ৰামক বৰিল ।

বজ্ৰপাত ভৈল যেন সম্যকে মৰিল ॥১০১

সীতাক চাহিয়া সবে তেজিল নিশ্বাস ।

কি কাৰণে বৰিষেক খাটিলোঁ প্ৰবাস ॥১০২

সীতাত নৈৰাশ হুয়া যত ৰাজাচয় ।

মহা মৰ্ম্মে সবে তেজিলেক লাজ ভয় ॥১০৩

কোপে অপমানে আতি প্ৰজ্বলিত ভৈল ।

জনক ৰাজাক আতি গৰ্জ্জিবাক লৈল ॥১০৪