ৰাম-লক্ষণৰ নাগপাশ মোচন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৯ অধ্যায়।
শ্ৰীৰাম লক্ষ্মণৰ নাগপাশেৰে বন্ধন।
- পদ।
ওৱাৰিৰ ভঙ্গ দেখি ৰাৱণ খঙ্গাইল।
কহিৰ বানৰ গোট অদভূত আইল ॥১
চাৰি গোটা পাত্ৰ মোৰ মাৰিলা ডাঙ্গৰ।
যুদ্ধত শকত বীৰ আতি থুলন্তৰ ॥২
আপোন বিনাশ জানি চিন্তা বৰ পাইল।
সকল ৰাক্ষস বল চৌপাশে জণ্টাইল ॥৩
লঙ্কাক কপিল বৰ্ণ কৰিলা বানৰে।
ৰাক্ষসে ধাইলেক তাক মহা আড়ম্বৰে ॥৪
বীৰবাহু বল আৰ সুবাহু বানৰে।
কাঠগড়া নিৰ্ম্মিলেক আদেশে ৰামৰে ॥৫
পূৰব দুৱাৰে কুমুদাক্ষ নামে হৰি।
দশ কোটি সেনা লৈয়া থাকিলা আবৰি ॥৬
দক্ষিণ দুৱাৰে কাঠগড়াক আকলি।
ত্ৰিশ কৌটি বানৰ থাকিলা মহাবলী ॥৭
বালী ৰাইৰ শ্বশুৰ সুষেণ নাল হৰি।
দশ কৌটি সৈন্য লইয়া থাকিলা আৱৰি ॥৮
উত্তৰ দুৱাৰে আছে ৰাম মহা বীৰ।
লক্ষ্মণ শ্ৰীহৰি আৰু দুৰ্জ্জয় শৰীৰ ॥৯
গোলাঙ্গুল জাতি আৰো গৱাক্ষ বানৰ।
কৌটি সহস্ৰেক বাছে ডাহিনে ৰামৰ ॥১০
দশ কৌটি বানৰ ৰামৰ বাম পাশে।
ধূম্ৰে ৰহা কৰন্ত বৈৰৰ নাহি আশে ॥১১
সৰভ গৱয় গন্ধমৰ্দ্দন যে গজে।
অসংখ্যাত বানৰ ফুৰয় সব সাজে ॥১২
বিভীষণে গদা হাতে থাকিলা উল্লাসি।
সব সাজে ৰামৰ আজ্ঞাক বাত চাহি ॥১৩
সুষেন ফুৰন্ত ফটকৰ চাৰি দ্বাৰ।
সুগ্ৰীৱৰ বোলে লৈয়া কটক অপাৰ ॥১৪
সহস্ৰ সংখ্যাত অক্ষৌহিনী কপি বলে।
লঙ্কাক ৰাঘৱে বেঢ়িলন্ত সমদলে ॥১৫
হাতত পৰ্ব্বত বৃক্ষ শিলা শাল তাল।
আকৰ্ণ শবদ মিলি গৈলা কোলাহল ॥১৬
ৰাৱণে আদেশ সেনাপতি সব সাজ।
সব সাজে ৰাক্ষস লঙ্কাৰ হোৱা বাজ ॥১৭
চাৰিয়ো দুৱাৰে চতুৰঙ্গ দলে তোল।
নিকলিলা ৰাক্ষস ৰাজাৰ শুনি বোল ॥১৮
সিন্দুৰে মণ্ডিত চলাইলেক মত্ত গজ।
সাক্ষাততে ভাৰ্গৱ মাহুত সব সাজ ॥১৯
মেঘত বিজুলী যেন বিভূষিত কালা।
সাক্ষাতে চলিলা যেন চন্দ্ৰমাৰ কলা ॥২০
ঘোড়া সব সাজিল ভূমিত নেদে পাৱ।
যেন দেখি আকাশক কৰয় উৰাৱ ॥২১
সুশিক্ষিত ৰাহুতে চলাইলে বৰ জাম্পে।
খুৰাৰ প্ৰহাৰে সবে বসুমতী কাম্পে ॥২২
ৰথ সব চলি ভৈলা নগৰ বিয়াপি।
আকাশত মেঘ সব চলিলেক চাপি ॥২৩
কৌটি সহস্ৰেক কোম্ভকৰ কোবে ধাৱে।
সমৰে ভঙ্গাইবোঁ দেৱ ৰাজা যদি আৱে ॥২৪
খাণ্ডায়ে পদাতি সব আৰাৱ কৰয়।
ফলাৰ ছাতিত খসি কপাট পৰয় ॥২৫
ৰাক্ষসৰ গিৰে ধূলি উৰিলা অপাৰ।
পৃথিৱীয়ে গগনে দেখিয় একাকাৰ ॥২৬
ৰাক্ষস বানৰ বলে দেখা দেখি ভৈলা।
বাদ্য ভণ্ড ৰিঙ্গ জাণ্টি উথলিয়া গৈলা ॥২৭
নিশাচৰ সেনা বলে কৰে পাঞ্চ কাণ্ডি।
বানৰক সমৰে সালয় গাণ্ডি মুণ্ডি ॥২৮
কাষ্ঠগড়া বাজ হুইয়া যুজয় বানৰ।
শিলা বৃক্ষ হানি মু্ণ্ড ভাঙ্গে ৰাক্ষসৰ ॥২৯
ৰাক্ষসৰ সেনায়ে দিলেক অস্ত্ৰজাক।
শিলায়ে বানৰ বলে চুৰ কৰে তাক ॥৩০
কপিবলে শিলা বৃক্ষ হানিলেক যত।
নিশাচৰে শৰে চূৰ্ণ কৰে আকাশত ॥৩১
আশেষ বানৰ বল প্ৰাঞ্চীত চড়িল।
বৃক্ষ শিলা বৰিষি ৰাক্ষস সংহাৰিল ॥৩২
নিশাচৰ সৈন্য যুজে প্ৰাঞ্চীত চড়িয়া।
ভূমিত আছাৰি মাৰে বানৰক নিয়া ॥৩৩
চাপিয়া কোবাৱে গদা পৰিঘৰ বাৰি।
গড়হন্তে বানৰ পৰয় প্ৰাণ ছাৰি ॥৩৪
ৰাক্ষসেয়ো পটোৱাৰে থাকে ঢাল ধৰি।
লাঠি হানি বানৰে পেলাৱে চিত কৰি ॥৩৫
ৰাক্ষসে বানৰে লাগি গৈলা হাতাহাতি।
ধুমাজয় ৰণত লাগিল লাঠালাঠি ॥৩৬
ৰাক্ষস বানৰে যুজে হইয়া এক পিণ্ড।
চাপিয়া পৰয় যেন পৰ্ব্বতৰ ভিণ্ড ॥৩৭
ৰাক্ষসে বানৰ বল মাৰি মাৰি খান্ত।
ৰাক্ষসক মাৰিয়া বানৰে দোহে আন্ত ॥৩৮
বানৰে আগক লাগি দিৱয় লৱৰ।
বজ্ৰৰ সদৃশ কৰি মাৰয় চৱৰ ॥৩৯
চৱৰৰ চোটে সবে দশন সৰয়।
বানৰৰ হাতত ৰাক্ষস কুল ক্ষয় ॥৪০
দুয়ো কুল সেনায়ে বোলয় তোল তোল।
প্ৰলয়ত যেন দুই সাগৰ কল্লোল ॥৪১
ৰাউত সমে ঘোড়া মাৰি আন্তক বিচাৰে।
লাঠি হানি ৰথ ভাঙ্গে সাৰথিক মাৰে ॥৪২
অদভূত যুদ্ধ ভৈলা বানৰে ৰাক্ষসে।
দুই ভিতি সেনাৰ ৰুধিৰে নদী বহে ॥৪৩
ঘোড়া সব মৰিয়া সাগৰত ভাসি যাই।
দিগগজ সমান হস্তী অন্তৰ্দ্দিশে প্ৰায় ॥৪৪
কটকৰ সংগ্ৰাম সংক্ষেপে কৰি থওঁ।
মুখ্য মুখ্য বীৰৰ যুদ্ধৰ কথা কওঁ ॥৪৫
ইন্দ্ৰজিত অঙ্গদৰ দুৰ্ঘোৰ সমৰ।
প্ৰজঙ্ঘ ৰাক্ষস সমে সম্পাতি বানৰ ॥৪৬
জাম্বুমালী হনুমন্তে ভৈলা ঘোৰ ৰণ।
মিত্ৰঘোষে সম্মুখ ভৈলন্ত বিভীষণ ॥৪৭
তপন ৰাক্ষস সমে যুজে বীৰ নল।
সুকৰ্ণক কৰে ৰণ নীল মহাবল ॥৪৮
সুগ্ৰীৱ ৰাজাৱে সমে যুজয় প্ৰজঙ্ঘ।
বিৰূপাক্ষ ৰাক্ষসক লক্ষ্মণে অভঙ্গ ॥৪৯
অগ্নিকেতু যজ্ঞকেতু সুপ্ৰৰশ্মি কেতু।
এহি চাৰি সম্মুখ ৰামক যুদ্ধ হেতু ॥৫০
বজ্ৰ মুঠি ৰাক্ষসক ইন্দ্ৰজানু সজ।
তপন সহিতে যুদ্ধ কৰে কপি গজ ॥৫১
সুষেন সহিতে যুজে দ্বিবিদ বানৰে।
সুশীলক যুজে বিন্দুমালি নিশাচৰে ॥৫২
ঋষভেয়ো সম্মুখে যুজয় সাৰণক।
অতিকায় কুন্তে দুই মিলি বিনোদক ॥৫৩
ধূম্ৰাক্ষক মাৰুতিয়ে কেশৰীৰ পিতা।
বেগদৰসিয়ে শুক ৰাক্ষসৰ ভিতা ॥৫৪
মহাপাৰ্শ্বক যে গন্ধমাৰ্দ্দনে আকলি।
বিদ্যুতজিহ্ব ৰাক্ষসক যুজে শতবলী ॥৫৫
মকৰাক্ষ বীৰৰ সম্মুখ জাম্বৱন্ত।
নিকুন্ত ৰাক্ষস সমে ধূম্ৰাক্ষ যুজন্ত ॥৫৬
নৰান্তক ৰাক্ষসে সম্মুখ পনসক।
গৱাক্ষ সহিতে যুদ্ধ কৰে দেৱান্তক ॥৫৭
ত্ৰিশিৰায়ে কৰয় সৰভ সমে যুদ্ধ।
অকম্পন সমে যুজে বানৰ কুমুদ ॥৫৮
কৌটি কৌটি সমৰ লাগিলা ঘাটা ঘাটি।
কাণ্ডে খাণ্ডে জাঠি জোঙ্গে ভৈলা কাটা কাটি ॥৫৯
নিশাচৰে কপি বলে ভ্ৰুকুটা ভ্ৰুকুটি।
কতো কতো ভূমিত পৰিয়া লুটা লুটি ॥৬০
ত্ৰিদশে অজয় বীৰবৰ ইন্দ্ৰজিত।
গদাহানি অঙ্গদক পাৰিলা ভূমিত ॥৬১
দুই হাতে উচ্ছায়া অনেক দূৰ তুলি।
নিষ্ঠুৰ কোবেক বৈসাইলেক হুঃ বুলি ॥৬২
গদাৰ প্ৰহাৰ যেবে বালীপুত্ৰ পাইলা।
দশগুণ তেজ বলে ৰাৱণিক ধাইলা ॥৬৩
চাৰি ঘোড়া ৰথৰ মাৰিলা লাঞ্জ বাৰি।
সাৰথিয়ো ভূমিত পৰিলা প্ৰাণ ছাৰি ॥৬৪
লাঠি হানি ৰথক ভাঙ্গিলা সেহি থানে।
হেঁট মুখে ইন্দ্ৰজিত পৰিলা সন্ধানে ॥৬৫
তাৰাৰ তনয় আতি নাদিলা অপাৰ।
ইন্দ্ৰজিতে বোলে কিনো বানৰা দুৰ্ব্বাৰ ॥৬৬
কৰ্ণমানে প্ৰজঙ্ঘে তানিয়া ধনুখান।
সম্পাতিক সন্ধানে হানিলা পঞ্চবাণ ॥৬৭
শৰ হানি নিশাচৰে তুলিলন্ত হাস।
দুৰ্জ্জন বানৰা আদি জীৱন্তে নযাস ॥৬৮
ক্ৰোধিলন্ত সম্পাতি মলিন মুখ বৰ্ণ।
প্ৰজঙ্ঘক বৃক্ষ হানিলেক অশ্বকৰ্ণ ॥৬৯
মাথাত পৰিয়া ভাঙ্গিলেক শিৰখুলি।
প্ৰজঙ্ঘ চলিলা যম সদনক বুলি ॥৭০
শৰ হানি তপন নলৰ পাশে গৈল।
তালুত মুটুকি দিয়া ঢেল নিকলাইল ॥৭১
ৰুধিৰ বজাইলা মুখে পৰিলা তপন।
নলৰ প্ৰহাৰে গৈলা যমৰ সদন ॥৭২
মাৰুতিক হাসি জাম্বুমালী বীৰে ধাইল।
দৃঢ় শকতিৰ কোব হৃদয়ে বসাইল ॥৭৩
তাহাৰ ৰথত চৰি কপি মহাবীৰ।
চৱৰে ছিণ্ডিল তাৰ গিৰি সম শিৰ ॥৭৪
নিশাচৰে মিত্ৰঘ্নে অনেক শত শৰে।
বিভীষণ বীৰক হানিলা নিৰন্তৰে ॥৭৫
ৰাৱণৰ কনিষ্ঠ নিশঙ্ক বীৰবৰ।
শৰে হানি ৰণত চেদিলা তাৰ শীৰ ॥৭৬
সুগ্ৰীৱক প্ৰজঙ্ঘে বিন্ধিলা দশ শৰে।
চাতিয়ান বৃক্ষে বীৰ নিলা যম ঘৰে ॥৭৭
বিৰূপাক্ষে লক্ষ্মণক সৰ জাঁক দিল।
ৰামৰ কনিষ্ঠে তাক যম ঘৰে নিল ॥৭৮
অগ্নিকেতু যজ্ঞকেতু নাম নিশাচৰে।
সুপ্ৰতঘ্ন ৰশ্মিকেতু চাৰি বীৰ বৰে ॥৭৯
চাৰি মিলি ৰাঘৱক দিলা শৰ জাঁক।
আমাৰ হাতত তুলি পলাইবাক থাক ॥৮০
হেন শুনি ৰাৱণৰ ক্ৰোধ বৰ মনে।
চাৰি গোটা নৰাচ জুৰিলা নিয়া গুণে ॥৮১
শৰে হানি শিৰ ছেদিলন্ত একৈকৰ।
মৰিয়া ৰাক্ষস গৈলা যমৰ নগৰ ॥৮২
মহেন্দ্ৰক বজ্ৰবৰ মাৰিলন্ত তুষ্টি।
তেতিক্ষণে তাহাৰ পৰাণ গৈলা ছুটি ॥৮৩
দিলেক সৰভে দ্বিবিধক শৰ জাঁক।
মুষ্টি হানি দ্বিবিধেয়ো মাৰিলন্ত তাক ॥৮৪
নীল মহাকপিক সুবেল নিশাচৰে।
নিৰন্তৰে শৰীৰক তাৰিলন্ত শৰে ॥৮৫
তাহাৰ ৰথক চায়া দিলা শৰ জাঁক।
সুকৰ্ণ মৰিয়া গৈলা যমৰ সভাক ॥৮৬
বিন্দুমালী সুষেনক ঘোৰ সমৰত।
অসংখ্যাত অস্ত্ৰে বিন্ধিলেক শৰীৰত ॥৮৭
মহাবীৰ সুষেনে কৌতুকে তাক পাইল।
পৰ্ব্বতৰ শৃঙ্গ গোট হানিয়া পঠাইল ॥৮৮
গদা লৈয়া বিন্দুমালী ৰথৰ নামিল।
একে কোবে গিৰিৰ শৃঙ্গক সংহৰিল ॥৮৯
ক্ৰোধিলা সুষেন যেন মত্ত গজ লীলা।
আৰকা হানিলা তাক অসংখ্যাত শিলা ॥৯০
শিলা বহি যান্তে বিন্দুমালী ভেট পাইল।
গদাৰ প্ৰহাৰে চুৰ কৰিয়া পঠাইল ॥৯১
নিশাচৰে বোলে মই কিবা চাওঁ আৰ।
সুষেণক বৈসাইলেক গদাৰ প্ৰহাৰ ॥৯২
সুষেন বানৰ আতি সমৰে প্ৰচণ্ড।
ৰাক্ষসক হানিলেক পৰ্ব্বতৰ খণ্ড ॥৯৩
শিলাৰ প্ৰহাৰে তৰা হিয়া ভৈল চূৰ।
বিন্দুমালী নিশাচৰ গৈলা যমপুৰ ॥৯৪
এহি মতে যতেকৰ দ্বন্দ্বযুদ্ধ ভৈল।
ৰামসেনা জিনিল ৰাক্ষস ক্ষয় গৈল ॥৯৫
ইন্দ্ৰজিত এৰি সবে পৰিলা নিশেষ।
সূৰ্য্য অস্ত গৈল ভৈলা ৰজনী প্ৰবেশ ॥৯৬
নিশাযুদ্ধ ভৈল যেন ৰাক্ষস বানৰে।
অন্ধকাৰে নিচিনয় আপন কি পৰে ॥৯৭
ভালুক বানৰ বুলি হানে নিশাচৰে।
ৰাক্ষসৰ মত বুজি যুজয় বানৰে ॥৯৮
কলিয়া মেঘক যেন কাল মেঘে ধাইল।
অসংখ্যাত ভালুকে ৰাক্ষস খেদি খাইল ॥৯৯
মাথাত কামোৰ মাৰে খেদি পাৱে যাক।
যাৱে প্ৰাণবৰ্ত্তে কদাচিতো নেৰে তাক ॥১০০
ৰাক্ষসেয়ো বানৰক মাৰে হাত গুৰি।
মাথাত কামুৰি ছোবাৱয় মৰমৰি ॥১০১
খাৱা খাই লাগিলা মিলিল ধুমাজয়।
নিশাচৰ ভালুক অৰনক ভৈলা ক্ষয় ॥১০২
ৰাঘৱে দেখন্ত অন্ধকাৰ তমোময়।
চতুৰ্দ্দিশে বেঢ়িলন্ত নিশাচৰ চয় ॥১০৩
যজ্ঞকেতু মহাপাৰ্শ্ব বীৰ মহোদৰ।
শুক যে সাৰণ বজ্ৰদংষ্ট্ৰ নিশাচৰ ॥১০৪
ছয়ো বানে ৰামৰ ফুটিল ছয় শৰে।
চতুৰ্দ্দিকে আকাশ বেঢ়িলা নিৰন্তৰে ॥১০৫
ছয়ো বানে ৰাঘৱে বিন্ধিলা মৰ্ম্ম স্থানে।
ছয় হন্তে পলাই গৈলা ৰাখি জীৱ মানে ॥১০৬
সুবৰ্ণৰ শৰ অগ্নি সব আসৰিস।
অন্ধকাৰ ফেৰিয়া প্ৰসন্ন দশ দিশ ॥১০৭
যি দিশে ৰাক্ষস সব গুচি গুচি যাই।
ৰামৰ অব্যৰ্থ শৰে খেদি খেদি খাই ॥১০৮
ইন্দ্ৰজিত মনে মনে কৰে বৰ খঙ্গ।
বানৰ গোটত মোৰ এত মান ভঙ্গ ॥১০৯
গুঞ্জ যেন চক্ষু ফুৰাইলেক ক্ৰোধ দৃষ্টি।
অঙ্গদক কৰিলেক ঘোৰ শৰ বৃষ্টি ॥১১০
গদা মুদ্গৰ হানে বহু শৰ জাঁক।
দুৰ্জ্জন বানৰা আজি মাৰোঁ থাক থাক ॥১১১
শাল বৃক্ষ অঙ্গদে ফুৰাইলা যেন ডাঙ্গ।
অস্ত্ৰ উফৰিয়া গৈলা নুচুইলেক অঙ্গ ॥১১২
আথাকে ৰাৱণি শৰ মাৰিতে লাগিলা।
গিৰিসাই অঙ্গদৰ কটক ভাঙ্গিলা ॥১১৩
সৈন্য ভাঙ্গিবাৰ দেখি অঙ্গদে খঙ্গিলা।
ইন্দ্ৰজিত কুমাৰক হানিলন্ত শিলা ॥১১৪
শিলা পৰি ৰাৱণিৰ ৰথ গৈলা ভাগি।
ইন্দ্ৰজিতে ডেৱ দিলা পৃথিৱীক লাগি ॥১১৫
ক্ৰোধিয়া বোলন্ত আজি লৈবোহোঁ পৰাণ।
তেতিক্ষণে ৰাৱণি ভৈলাহা অন্তৰ্দ্ধান ॥১১৬
ইন্দ্ৰজিত বীৰক ভঙ্গাইলা যুবৰাজে।
শ্ৰীৰাম লক্ষ্মণ জিনিলন্ত ৰণমাজে ॥১১৭
দেৱলোকে আকাশত আশেষ হৰিষে।
তিনিৰো মাথত মালা কুসুম বৰিষে ॥১১৮
কপিবলে মিলি অঙ্গদক প্ৰশংসিল।
সাধু যুৱৰাজ পিতৃনামক আদিল ॥১১৯
ইন্দ্ৰে যাত হাৰিলেক তাহাক ভঙ্গাইল।
অদভূত বীৰতো যশক বৰ পাইল ॥১২০
অন্তৰ্দ্ধান হুইয়া বীৰ ৰাৱণি কুপিল।
যজ্ঞভূমি সংযোজিয়া অগনি জ্বালিল ॥১২১
মায়াৱন্ত ৰাক্ষস লোহিত বস্ত্ৰ মাথে।
অগণিত হুময় লোহাৰ শ্ৰুব হাতে ॥১২২
কলিয়া ছাগল আনি মাথা ছেদ কৰি।
আহুতিক কৰয় লোহাৰ শ্ৰুব ধৰি ॥১২৩
ভয়ৰা কাষ্ঠক আনি সমিধে আপোনে।
যজ্ঞক কৰয় ইন্দ্ৰজিত ৰঙ্গ মনে ॥১২৪
বৰদত্ত বীৰে যেবে আহুতি দিলেক।
সুবৰ্ণৰ বৰ্ণ উঠিলেক পুৰুষেক ॥১২৫
মূৰ্ত্তি ধৰি অগনিয়ে লৈলন্ত সমস্ত।
বহ্নি মাজ হন্তে উঠিলেক দিব্য ৰথ ॥১২৬
হেমময় দিব্য ৰথখান যেন আছে।
যত অস্ত্ৰ শস্ত্ৰ সব নিবন্ধিয়া আছে ॥১২৭
স্বস্তি স্বস্তি মঙ্গলক কৈলা দ্বিজগণে।
যজ্ঞত তৃপিতি পাইলা যক্ষ ৰক্ষগণে ॥১২৮
ৰণজয় হৈব হেন পাইলেক মঙ্গল।
বিমৰিষি বোলে মেঘনাদ মহাবল ॥১২৯
আজি মই সাধিবোঁ বাপৰ যত কায।
ৰাম লক্ষ্মণক মাৰি পেশোঁ যম ৰাজ ॥১৩০
নিবাৰণ কৰোঁ আজি যত পৃথিবীক।
পশুজাতি হুয়া যুজিবাক আইলি কিক ॥১৩১
এহি বুলি আৰোহিলা সেহি দিব্য ৰথে।
অন্তৰ্দ্ধান হুইয়া বীৰ গৈলা বায়ুপথে ॥১৩২
ৰথখান চলয় ত্ৰিদশ আগোচৰ।
ৰাম লক্ষ্মণক লাগি প্ৰহাৰয় শৰ ॥১৩৩
দুই হান্তোক অগ্নিশৰে সমৰে নাচন্ত।
ৰাক্ষস কুলক যেন দহন্তে আছন্ত ॥১৩৪
দুইহাঙ্কো চৌভিতি বেঢ়ি দিলা শৰ জাল।
ত্ৰিকণ্টিক বেৰখ হানয় কনিয়াল ॥১৩৫
অৰ্দ্ধচন্দ্ৰ ভল্ল বান আৰো বসুদন্ত।
ভল্ল ভিণ্ডিপাল শতঘ্নী যে পৰ্য্যন্ত ॥১৩৬
চৌভিতি বেঢ়িয়া পৰে নানা অস্ত্ৰ জাঁক।
বানৰত পৰিয়া মৰয় জাঁকে জাক ॥১৩৭
দুই ভাই মিলি শৰ অনেক হানিল।
ৰাৱণিক নপাই আসি তূণত পশিল ॥১৩৮
ৰাম লক্ষ্মণেয়ো আকাশক ছাইল শৰে।
আপনাক ৰাখিতে হানিলা নিৰন্তৰে ॥১৩৯
ব্ৰহ্মাৰ বৰত অগণিত উতপন্ন।
ৰাৱণিৰ শৰে তাক কৰিলন্ত চূৰ্ণ ॥১৪০
লক্ষ্মণে বোলন্ত দাদা আজ্ঞা দিয়া মোক।
যাৱে প্ৰাণে বৰ্ত্তিবাৰ হিত চিন্তিয়োক ॥১৪১
ইন্দ্ৰজিত সমে যত ৰাক্ষসৰ কুল।
ব্ৰহ্ম অস্ত্ৰ হানি কৰোঁ সবাকো নিৰ্ম্মূল ॥১৪২
ৰাঘৱে বোলন্ত ভাই হেন কি বোলস।
একৰ দোষতে কেনে সবাকে মাৰস ॥১৪৩
পাপিষ্ঠ জনেসে কৰিবেক হেন কৰ্ম্ম।
প্ৰাণান্তিকো বীৰৰ নোহয় যেন ধৰ্ম্ম ॥১৪৪
নুযুজিয়া পলাই আপনি উপস্থিত।
শৰণ পশয় ৰণে হুয়া নিশকত ॥১৪৫
মুখে তৃণ লইয়া যিটো কৰয় কাতৰ।
হেনয় প্ৰাণীৰ বাপু নকৰিয়ো শৰ ॥১৪৬
অন্ধকাৰ ৰাত্ৰিত দাৰুণ তমোময়।
অন্তৰীক্ষে ইন্দ্ৰজিত মায়ায়ে মাৰয় ॥১৪৭
সবে মিলি আলোচিয়া উপায় জোৰাহা।
ৰণশ্ৰমী বীৰগণ বানৰক চাহাঁ ॥১৪৮
তহিত আছন্ত দুই পাঞ্চ সেনাপতি।
দশকো পঠাইলা ৰিপু খুজিবাক প্ৰতি ॥১৪৯
সুষেনৰ পুত্ৰ দুই নীল মনুমান।
অঙ্গদ যে অন্নপ্ৰস্ত গন্ধ যে মাৰ্দ্দন ॥১৫০
দ্বিবিদ সৰভ গজ নল সমে দশ।
ইন্দ্ৰজিত খুজিবাক গৈলন্ত আকাশ ॥১৫১
বৃক্ষশিলা শিখৰ পৰ্ব্বত ধৰি কৰে।
খুজিয়া নপাইলা তাক গগন ভিতৰে ॥১৫২
ইন্দ্ৰজিত আছে সবাতো অগোচৰে।
সৈন্যক জৰ্জ্জৰীকৃতে বিন্ধিলেক শৰে ॥১৫৩
ৰামত কহিলা আসি আকাশৰ নামি।
মায়াবী ৰাক্ষস খুজি নপাইলোহোঁ আমি ॥১৫৪
ইন্দ্ৰজিত শৰ মাৰি হানয় আথাকে।
ৰাম লক্ষ্মণক বিন্ধিলেক শৰ জাঁকে ॥১৫৫
ভাল দুই বীৰ হেন ৰাৱণি বোলয়।
এহি বুলি গণ্ডি মুণ্ড ছাপিয়া চালয় ॥১৫৬
ৰাক্ষস মাৰিলে যত তাৰ মান পাইলোঁ।
এহি মায়া কৰি মই ইন্দ্ৰক ভাঙ্গাইলোঁ ॥১৫৭
শত বৰিষত মায়া নপাৰে জানিত।
মাৰিয়া পঠাওঁ যাহাঁ যমৰ সন্নিত ॥১৫৮
কুশৰ কণ্টক দিতে নাহি আৰ সন্ধি।
নাগপাশে দুয়ো ভাই কৰিলেক বন্দী ॥১৫৯
তনু ভৈল যেন ঘট সহস্ৰ জলিয়া।
হাতে ধনু ধৰি ৰাম পৰিলা ঢলিয়া ॥১৬০
লক্ষ্মণ পৰিল দৃঢ় মুঠি ধৰি ধনু।
অতি অচেতন আজুৰি নেই জুনু ॥১৬১
দুইহান শৰীৰে বহে ৰুধিৰ অপাৰ।
পৰ্ব্বতৰ পৰা পৰি যাই গেৰু ধাৰ ॥১৬২
বীৰ শয়নত শুতিলন্ত দুই ভাই।
বানৰ লোকৰ শোকে প্ৰাণ ফুটি যাই ॥১৬৩
হাহা বিধি আবেসে কিসত কিস ভৈল।
ৰামৰ আগত প্ৰাণ আমাৰ নগৈল ॥১৬৪
সুগ্ৰীৱ বোলন্ত নুহি অনুশোচ বেলা।
দুৰ্ঘোৰ আপদ পাইলে নুজুৱাই হেলা ॥১৬৫
বৰ বৰ বাৰ সবদিশে বেঢ়ি থাকাঁ।
বৃক্ষ শিলা ধৰি ৰাম লক্ষ্মণক ৰাখাঁ ॥১৬৬
ৰাজাৰ আদেশে কতো ৰাখয় আকাশে।
হনুমন্ত প্ৰথমে বেঢ়িয়া চাৰি পাশে ॥১৬৭
উৱাহ নৰহে দেখি ৰাম লক্ষ্মণৰ।
শ্ৰী হানি ভৈলেক সকল বানৰৰ ॥১৬৮
যত যত আছে মুখ্য মুখ্য বীৰবৰ।
ইন্দ্ৰজিতে মৰ্ম্মস্থানে হানিলা সবাৰ ॥১৬৯
ৰাৱচাৱ নাহি তেজ বহিলা সকল।
সূৰ্য্য অস্ত গৈলে যেন সঙ্কোচে কমল ॥১৭০
শ্ৰীৰাম লক্ষ্মণ দুইৰো বিনাশ আকলি।
আকাশত ৰাৱণি হাসয় খলখলি ॥১৭১
নিশাচৰে বোলয় খবৰ মান পাইলোঁ।
নিশা যুদ্ধে দুয়ো ভাইক যমক পঠাইলোঁ ॥১৭২
শুনি সবে ৰাক্ষসৰ উল্লাসিল গাৱে।
বান্য ভণ্ড ৰিঙ্গ জাণ্টি ঢাক ঢোল বাৱে ॥১৭৩
ইন্দ্ৰজিতে ৰণজয় কৰিয়া আছয়।
নগৰ মাজত নন্দি বধাই বাজয় ॥১৭৪
মাধৱে বোলন্ত কথা ভৈলা জপ্ৰজোল।
একে হাতে কোনে ধৰিবেক দুই শল ॥১৭৫
ৰাৱণিৰ কথা যত এখন আছোক।
ৰামৰ কাহিনী কহোঁ বানৰৰ শোক ॥১৭৬
সুগ্ৰীৱ কান্দন্ত ৰাঘৱৰ পাৱে পৰি।
হৃদয়ত মুষ্টি হানে মাটিত বাগৰি ॥১৭৭
হা মিত্ৰ কত মই পাতেক কৰিলোঁ।
তোমাৰ আগত মই কিয় নমৰিলোঁ ॥১৭৮
যম কৰণক তুমি চলিলা আপোনে।
হৰিষ বদনে মোক মাতিবেক কোনে ॥১৭৯
যাহাৰ প্ৰসাদে হৰাইবাৰ ৰাজ পাইলো।
সি হেন মিত্ৰক মই কমনে হৰাইলো ॥১৮০
হৰি হৰি কৈক যাহা প্ৰাণৰ লখাই।
জন্মান্তৰে আছিলো সোদৰ দুই ভাই ॥১৮১
মইসে জানিলোঁ মোত যতমান স্নেহ।
কিয় প্ৰাণ নযায় দাৰুণ সাৰ দেহ ॥১৮২
বিভীষণে আসিয়া দেখিলন্ত দুই ভাই।
বীৰ শয়নত শুতিছন্ত একে ঠাই ॥১৮৩
ৰামৰ চৰণে ধৰি কাদন্ত সুগ্ৰীৱ।
গিৰিসাই বোলে মই কিক ধৰোঁ জীৱ ॥১৮৪
ৰামৰ লক্ষ্মণৰ ভৈলা হেনসে বিপতি।
দুই হানো নাসাত নাহি পৱনৰ গতি ॥১৮৫
এতমান তেবে মোৰ মনে ভৈলা স্নেহ।
এহি শোক অগনিত পেলাইবোহোঁ দেহ ॥১৮৬
এহি মিত্ৰ বিভীষণে সু্গ্ৰীৱক চাইল।
জল লইয়া সুগ্ৰীৱৰ লোতক গুচাইল ॥১৮৭
নকান্দা নকান্দা মিত্ৰ পৰিহৰাঁ শোক।
ৰাজাৰ আকুলে হৈবে আউল সৰ্ব্বলোক ॥১৮৮
সব সৈন্যে মিত্ৰ তুমি দুই ভাইক ৰাখাঁ।
সেনা থিৰ কৰোঁ মই সাৱহিতে থাকাঁ ॥১৮৯
বানৰ ভালুক সবে নুবুজিয়া মন।
কানাকানি কৰে দেখোঁ তবে কপিগণ ॥১৯০
সন্ধুক্ষণ ভৈলন্ত সুগ্ৰীৱ কপিৰাজে।
চাৰি পাত্ৰ লৈয়া বিভীষণ ভৈলা সাজে ॥১৯১
গদাহাতে চতুৰ্দ্দিশে সৈন্য কৰি থিৰ।
ৰামৰ সন্তাপ তাপে নসহে শৰীৰ ॥১৯২
ইন্দ্ৰজিত মায়াবলে সবাক জিনিয়া।
লঙ্কাত পশিলা গৈয়া সব সৈন্য লৈয়া ॥১৯৩
জয় জয় বাদ্য ভণ্ড বাজে আগে পাছে।
ভঙ্গি ভাৱ কৰিয়াছে ৰাক্ষস পিশাচে ॥১৯৪
আউৰে আউৰ হাতাহাতি ডেৱা ডেইপাৰে।
কাহাকো ভাবুকি ৰিঙ্গ কাহাকো চিহৰে ॥১৯৫
পৰিহাসে থাপা ভুকু মাৰিয়া পলাই।
পাইক ভাই ধৰ বুলি তাকে খেদি যাই ॥১৯৬
মুখে চূণ চুই নাচে থিউয়ুৰা কৰি।
আশেষ ৰাক্ষস মিলি বজাৱে চাপৰি ॥১৯৭
দুই খান পাৱ তুলি উপৰক মেলে।
ছৱালক ভাবুকি পাৰয় চক্ষু ঢেলে ॥১৯৮
ৰাৱণে শুনয় পু্ত্ৰ ৰণজয় ভৈলা।
ইন্দ্ৰজিত পু্ত্ৰ দেখি উল্লাসিয়া গৈলা ॥১৯৯
বাপু আসি ভৈলি সাৰ পিতৃ পিতামহ।
কিবা ৰণ জিনিলি প্ৰস্তুত কথা কহ ॥২০০
চৰণে পৰিয়া নমিলেক ছপকৰে।
বাপেকত কহে ইন্দ্ৰজিত বীৰবৰে ॥২০১
যাৰ কাৰ্য্যে চিৰকাল নিদ্ৰা নযাৱাহাঁ।
হৃদি সিদ্ধি নাহিকে নিশ্বাস ফোকাৰাহাঁ ॥২০২
যাৰ কাৰ্য্যে লঙ্কাপুৰী ভৈলা ৰণ্ড ভণ্ড।
তাহাৰ কৰিলোঁ আজি প্ৰাণান্তিক দণ্ড ॥২০৩
দুই ভাই পৰিয়া আছন্ত ৰবিতলে।
মায়াশৰে বান্ধি ধৰি থৈলো মায়াবলে ॥২০৪
খৰ যে দুষণ ত্ৰিশিৰাৰ মান পাইলোঁ।
ৰাক্ষস কুলৰ ঘোৰ সন্তাপ গুচাইলোঁ ॥২০৫
সিংহাসন হন্তে গাৱ ছালি কৌতূহলে।
হসিত বদনে চাপি ধৰিলন্ত গলে ॥২০৬
ৰাৱণিক প্ৰশংসা কৰিলা লঙ্কানাথ।
আশ্বাসি চুম্বন দিয়া ঘ্ৰানিলন্ত মাথ ॥২০৭
মেঘনাদ বাপু তোক প্ৰশংসিবো কিক।
কুলৰ প্ৰদীপ ভৈলা পিতৃতো অধিক ॥২০৮
মন্দোদৰী সাৰ্থক যে পতিব্ৰতা সতী।
তই হেন পুত্ৰ যাৰ মই হেন পতি ॥২০৯
ৰাৱণিক আশ্বাসিয়া ঠাৱক পঠাইল।
এবে কি কৰিবো বুলি বিমৰিষি চাইল ॥২১০
ৰাৱণ ৰাজাৰ চিত্ত উত্ৰাৱল কৰে।
সীতাত কহিলে জানোঁ প্ৰাণ পৰিহৰে ॥২১১
ৰাৱণে গুণয় পাছে যেহি কিনো হয়।
স্ত্ৰীজাতি চঞ্চল ক্ষণেকে উটলয় ॥২১২
সীতায়ে বুলিবে মোৰ মৰিলেক স্বামী।
ৰাৱণৰ পটেশ্বৰী কিক নোহোঁ আমি ॥২১৩
স্ত্ৰীজাতি উত্ৰাৱল সৰ্ব্বলোকে ভাষি।
বুলিব মৃতক ৰামে কি কৰিব আসি ॥২১৪
হেন শুনি ৰাৱণৰ মনে মনে হাস।
সীতা পটেশ্বৰী হইব মনে অভিলাষ ॥২১৫
দশগ্ৰীৱ ৰাজা পাছে কাৰ্য্য বিমৰিষি।
আগক আনিলা মাতি বৃদ্ধ যে ৰাক্ষসী ॥২১৬
শুনিলা কি বচন ত্ৰিজটা কৃপাময়ী।
ইন্দ্ৰজিত পুত্ৰ মোৰ ভৈলা ৰণজয়ী ॥২১৭
যি কাৰণে সীতা মোক কৰয় নৈৰাশ।
তাহাৰ স্বামীক পুত্ৰে কৰিলা বিনাশ ॥২১৮
ৰামৰ মৰণ দেখি সমৰ ভূমিত।
নৈৰাশ দেখিয়া মোত বলাইবেক চিত ॥২১৯
পুষ্পক যানত নিয়া সীতাক তোলাহাঁ।
সমৰ ভূমিক লাগি সীতাক লৈযাহাঁ ॥২২০
অবিলম্বে চলা ঐত থাকি কৰাঁ কিক।
প্ৰত্যক্ষে দেখিবে সীতা মৃতক স্বামীক ॥২২১
ত্ৰিজটাক ৰাৱণে কৰিলা বহু মান।
অশোকা বনক নিলা পুষ্পক বিমান ॥২২২
জনকৰ জীউক সেহি বিমানতে তুলি।
ৰথ ডাকি চলিলা ৰামৰ পাশ বুলি ॥২২৩
সীতাদেবী পুষ্পক ৰথত চড়িলন্ত।
জয়নন্দি বধাই লঙ্কাত শুনিলন্ত ॥২২৪
ৰাৱণৰ আদেশ শুনন্ত সতী সীতা।
ৰামৰ মৰণ লোকে কহে চতুৰ্ভিতা ॥২২৫
চক্ষু বলাই চান্ত সীতা বিমানৰ হন্তে।
পৃথিবীক ঢাকিলা বানৰ অপৰ্য্যন্তে ॥২২৬
দুই পাশে সীতায়ে চৌদিশে আলিল।
সকলে দেখিলা দেবী বৰণ কপিল ॥২২৭
কাংসপৰি জিম গৈলা সকলে বানৰ।
বায়ু নবহন্তে যেন তবধ সাগৰ ॥২২৮
শ্ৰীহানি ভৈলেক পাইলেক যেন মন্দে।
ৰাম লক্ষ্মণক বেঢ়ি বেঢ়ি কতো কান্দে ॥২২৯
সীতা দেবী আকোলিলা বিমানতে থাকি।
স্বামী দেৱৰক কপি বলে আছে ৰাখি ॥২৩০
নিশ্চেষ্ট স্বৰূপে পৰি আছন্ত দুই ভাই।
শৰে হানি ইন্দ্ৰজিতে থৈলন্ত জণ্টাই ॥২৩১
সকল শৰীৰে বহে বোম্বালে ৰুধিৰ।
দেখিয়া সীতাৰ বহে নয়নৰ নীৰ ॥২৩২
স্বামী দেৱৰৰ মৃত্যু ভৈলা হেন জানি।
পুষ্পক ৰথত ঢলি পৰিলা গোসাঁনী ॥২৩৩
পঠাইবে আপন কেহোঁ নাহি পৰিচয়।
বিমৰ্ষিত ভৈলা দেবী দেখি তমোময় ॥২৩৪
কতো বেলি শৰীৰত আসি ভৈলা জীউ।
হাকুলে ব্যাকুলে কান্দে জনকৰ জীউ ॥২৩৫
হৰি হৰি অলখণী প্ৰাণ ধৰোঁ কিক।
কাঁচক লাগিয়া আনি হৰাইলোঁ মাণিক ॥২৩৬
উতপাত কৰে যিটো নেতকামলিত।
হেন প্ৰভু শুতি আছা কেৱলে মাটিত ॥২৩৭
হা হা ৰাম মোহোৰ বল্লভ প্ৰাণেশ্বৰ।
আমাৰ অন্তৰে প্ৰভু গৈলা যমঘৰ ॥২৩৮
ৰাজ্যভাৰ ধন যত অসাৰ কৰিলা।
দাৰুণ সমৰে পৰি প্ৰাণক সুজাইলা ॥২৩৯
স্বামীৰ শোকত মোৰ প্ৰাণ হৌক হত।
অবিলম্বে ভেট পাইবোঁ যম কৰণত ॥২৪০
প্ৰাণে উৎসৰ্গিলোঁ যেবে ভৈলোঁ পৰবাসু।
গোসাঁনীক অনুশৌচ কেনে জীৱ শ্বাশু ॥২৪১
হেন কি দাৰুণ সংসাৰৰ মোহ মায়া।
ৰামত অধিক মোৰ গোসাঁনীক দায়া ॥২৪২
ৰামত অধিক মোৰ গোসাঁনীত স্নেহ।
কিক ছাৰি নজাই দাৰুণ ছাৰ দেহ ॥২৪৩
বুলিবন্ত গৈল প্ৰায় চৌধয় বৰিষ।
পথ চাহি থাকিবন্ত পৰম হৰিষ ॥২৪৪
পদুলি পদুলি পাতিবন্ত দীপ ঘট।
তেহোঁ কেনে জানিবন্ত বিধিৰ কপট ॥২৪৫
পণ্ডিতে শ্বাশুত কিবা কৈলা শাস্ত্ৰ জানি।
বুলিলন্ত সীতা দেবী আয়তা কল্যাণী ॥২৪৬
ৰাজধৰ পুত্ৰ এন্তে হৈব পুত্ৰৱতী।
ৰামৰ মৰণ তেহোঁ কিছো নজানন্তি ॥২৪৭
বিধৱা লক্ষণ শুনি আছোহোঁ লোকত।
অনুমাত্ৰ নেদেখোহোঁ মোৰ শৰীৰত ॥২৪৮
নীলফুল মৃদুল কুন্তল সুকোমল।
ভুজ যুগ সুকোমল শুনয় বিৰল ॥২৪৯
নেত্ৰ নীলোৎপল সম তিল ফুল নাস।
অবিৰল দশন দাড়িম্ব পৰকাশ ॥২৫০
বাহু দুই মৃণালৰ কান্তি সৰোবৰ।
নীলতন যুগ জ্বলে আতি মনোহৰ ॥২৫১
হাত দুইত পদ্ম দুই আছয় লিখিল।
শঙ্খ দুই মুঠিক বিধিয়ে নিৰমিল ॥২৫২
বলিত গম্ভীৰ নাভি জঙ্ঘন বিপুল।
উদৰত শোভয় পঙ্কতি লোমাঙ্কল ॥২৫৩
উৰু যুগ ৰাম যেন কদলী কোমল।
জঙ্ঘা দুই বৰ্ত্তুল কুন্দত বলিয়াইল ॥২৫৪
চৰণ যুগল শোভে ৰকত কমলে।
আৰকত কুৰি নখ প্ৰতিবিম্ব জ্বলে ॥২৫৫
কঠোৰ বচনী নহে সুকোমল ধ্বনি।
সৰ্ব্ব সুলক্ষনী যে সম্পূৰ্ণ বিতোপনী ॥২৫৬
একোয়ে নেদেখোঁ মোত কুলক্ষনী ছটা।
কিসকা বিধৱা ভৈলোঁ কহিয়ো ত্ৰিজটা ॥২৫৭
হেন বাণী শুনি পাছে ত্ৰিজটা ৰাক্ষসী।
সীতাক প্ৰবোধ বোলে পুষ্পকত বসি ॥২৫৮
স্বামী দেৱৰক তোৰ চাহাতো জানেকী।
মৃতকৰ মুখ কি জ্বলয় ভকভকি ॥২৫৯
বিষাদ এৰিয়া মাৱ মন কৰা থিৰ।
জীৱন্তে আছন্ত তোৰ সুস্বামী দেৱৰ ॥২৬০
পুষ্পক বিমানে ইটো কল্যাণক কহে।
বিধৱা নাৰীক ইটো খানিক নবহে ॥২৬১
কুলক্ষণ তোহোৰ নেদেখোঁ এক অঙ্গে।
বিধৱা নোহস তাক জানোঁ সাঙ্গে সাঙ্গে ॥২৬২
শৰ পৰি মূৰ্চ্ছা গৈয়া আছা দুই ভাই।
জীৱন্ত শুনিবি মাৱ আনন্দ বৰ্ধাই ॥২৬৩
ধূম্ৰ যেবে আছয় অগনি আছে জ্বলি।
কাৰ্য্যৰ যে নিমিত্তে কাৰণ পৰিমিলি ॥২৬৪
কান্দয় যে ৰামসেনা দেখিয়া শ্ৰীমন্ত।
নিশ্ৰীক দেখিলে জানা ৰাম নিজীৱন্ত ॥২৬৫
এবমস্তু বুলি সীতা থাকিলা বিমানে।
পৰিৱৰ্ত্তি গৈলা পাছে অশোকাৰ বনে ॥২৬৬
সীতা থৈয়া ৰথক থাপিলা পূৰ্ব্ব থানে।
জনক জীউৰ কথা আছো এহিমানে ॥২৬৭
ঘোৰ শৰ জালে বন্দী আছা দুই ভাই।
বৰ বৰ বীৰে ৰাখে চতুৰ্দ্দিশে চাই ॥২৬৮
কতো বেলি ৰামে পাছে পাইলন্ত চেতন।
শোণিতে শৰীৰ ভৈলা লোহিত বৰণ ॥২৬৯
লক্ষ্মণক দেখিলে শৰীৰে জীৱ নাই।
মহামৰ্ম্মে ফোকাৰন্ত হা প্ৰাণ ভাই ॥২৭০
হা বিধি কি কৰিলোঁ কৈক লাগি যাওঁ।
লক্ষ্মণ সমান ভাই কৈত খুজি পাওঁ ॥২৭১
সীতা গোসাঁনীত জীৱনত কোন ফল।
পৃথ্বী ফাট দেন্ত যদি যাওঁ ৰসাতল ॥২৭২
সব বন্ধু এৰি মোক কৰিলেক সাৰ।
লখাই এৰি যাই মোৰ কি কাৰ্য্য জীবাৰ ॥২৭৩
ভাৰ্য্যা পুত্ৰ বন্ধু সব পাই যথা তথা।
হেন নতো শুনুহোঁ সোদৰ পাই কোথা ॥২৭৪
মেঘ সবে বৃষ্টি উপজাৱে দশোদিশে।
মাৱৰ অপত্য একো দিশে নবৰিষে ॥২৭৫
এভো প্ৰাণ ভাইৰ শোকে নবহে যাৱত।
কি কথা কহিবোঁ গৈয়া সুমিত্ৰা মাৱত ॥২৭৬
সুমিত্ৰায়ে বুলিবন্ত কহিবা লখাই।
কি মতে বুলিব আইলোঁ ৰণত পেলাই ॥২৭৭
দুস্তৰৰ সখা মোৰ বান্ধৱ লখাই।
মোক এৰি যাস কৈক প্ৰাণৰ ভৈয়াই ॥২৭৮
সীতা হেন ভাৰ্য্যাক প্ৰবন্ধে খুজি পাই।
কৈক গৈলে পাইবোহোঁ লক্ষ্মণ হেন ভাই ॥২৭৯
দণ্ডকা বনত মৰোঁ জানকীৰ শোকে।
সকৰুণ বাক্যে বাপু প্ৰবোধিলি মোকে ॥২৮০
মোৰ দুখ দেখি তোৰ শৰীৰত ঘাহা।
যম পুৰে গৈলি বাপু মোক লৈয়া যাহাঁ ॥২৮১
একে বেলি পাঞ্চ পাঞ্চ শত হান শৰ।
সহস্ৰ অৰ্জ্জুনে তোক নোহে সমসৰ ॥২৮২
এতিক্ষণে কৌটি সংখ্যা ৰাক্ষস মাৰিলি।
মায়াশৰে এবে কেন চেতন হৰিলি ॥২৮৩
শুনিয়ো সুগ্ৰীৱ মিত্ৰ মোৰ বোল কৰাঁ।
অঙ্গদ প্ৰমুখ্যে কিষ্কিন্ধাৰ দিশ ধৰাঁ ॥২৮৪
মিত্ৰৰ ধাৰক তুমি সকলে সুজিলা।
সসৈন্যে প্ৰাণক টাঙ্কি অনেক যুজিলা ॥২৮৫
হনুমন্ত জাম্বৱন্ত দধিমুখ তাৰ।
নিৰন্তৰে বীৰে হিত চিন্তিলা আমাৰ ॥২৮৬
তুমি সব বন্ধু হৈবা জনমে জনমে।
আমি চলি ভৈলোঁ বিধি লিখিত কৰমে ॥২৮৭
আধৃতি থাকিল মোৰ একে খানি কায।
বিভীষণ বপুৰায়ে নপাইলন্ত ৰাজ ॥২৮৮
মিছাত কৰিলোঁ তাঙ্ক ৰাজ্য অভিষেক।
যমকৰণত দুখ থাকিল অনেক ॥২৮৯
ৰাৱণি নমাৰে যাৱে শীঘ্ৰে যায়ো দেশ।
হেন শুনি কপি বলে কান্দিলা আশেষ ॥২৯০
লক্ষ্মণৰ শোকত আকুল ভৈলা মন।
পুনু গৈলা মূৰ্চ্ছা ৰাম হৰিলা চেতন ॥২৯১
এতাহন্তে বিভীষণে সেনা থিৰ কৰি।
চাৰি পাত্ৰ সহিতে হাতত গদা ধৰি ॥২৯২
পৰ্ব্বতৰ আকাৰ ৰাক্ষস দেখে যাই।
ইন্দ্ৰজিতে পাইলা বুলি বানৰ পলাই ॥২৯৩
থিউ লাঞ্জে পলাই নচাৱে আউৰ পাছ।
জোলকে জোলকে পৰে ইগাছ সিগাছ ॥২৯৪
আউৰে আউৰে বোলে সবে ভৈলেক প্ৰলয়।
মায়াশৰ মাৰি জুনু সবাকো মাৰয় ॥২৯৫
এহি বুলি নিৰন্তৰে বানৰ পলাই।
বাপ ভাই দদা আউৰে আউৰক নচাই ॥২৯৬
ককা ভায়া সাৰা হেৰা আসি পাইলে মোক।
ব্যুহ ভঙ্গে পলাই মুণ্ড বাজে ঠাকঠোক ॥২৯৭
আউৰে আউৰ ডৰে কতো ভূমিতে পৰয়।
সহস্ৰ সংখ্যাতে পাছে তাকে গৰকয় ॥২৯৮
ৰাম লক্ষ্মণক মাৰি মায়া পৰিহৰি।
আমাক মাৰিতে আসে হাতে গদা ধৰি ॥২৯৯
কাল পৰ্ব্বতেক যেন হেৰা আসে চাহাঁ।
আপোনাৰ জীৱ ৰাখি সত্বৰে পলাহাঁ ॥৩০০
সুগ্ৰীৱক বোলন্ত অঙ্গদ যুৱৰাজ।
কিসক পলাই সৈন্য কি ভৈলা অকায ॥৩০১
অসংখ্য পদাতি বল দশোদিশে যাই।
সাগৰত ঢেউ যেন উথলিলা বাই ॥৩০২
অঙ্গদে বোলন্ত কিক পুছিতে লাগয়।
ৰাম পৰিবাৰ দেখি বানৰ পলায় ॥৩০৩
ভালুক বানৰ পলাই বিহ্বল স্বভাৱ।
কাণ্ডাৰ বিহিনে যেন থিৰ নোহে নাৱ ॥৩০৪
এতাহন্তে বিভীষণে হাতে গদা লৈ।
ৰাম লক্ষ্মণৰ পাশ ছাপিলন্ত গৈ ॥৩০৫
বুলিলন্ত ধূম্ৰক সুগ্ৰীৱ মহাৰাজা।
সৈন্য পলাইবাৰ মই আবে পাইলো মজা ॥৩০৬
ধূম্ৰ চলি যাহা ঝাণ্টে সৈন্য কৰাঁ থিৰ।
বোলাঁ ইন্দ্ৰজিত নুহি বিভীষণ বীৰ ॥৩০৭
শুনি ভালুকৰ ৰাজা শীঘ্ৰ বেগে ধাইলা।
আশ্বাস কৰিয়া সবে সৈন্যক চপাইলা ॥৩০৮
বিভীষণে তিন্তা হাতে দুইৰো মুখ মাজি।
হেনসে অভাগ্য মোৰ সুগ্ৰীৱৰে সাজি ॥৩০৯
হা মোৰ মিত্ৰ মোৰ হা হাৰে লখাই।
দুয়ো এৰি যাহা মোক বিপাকে পেলাই ॥৩১০
হৰি হৰি আবে কৈক যাওঁ কি কৰিলোঁ।
এবেসে জানিলোঁ মই বিপাঙ্গে মৰিলোঁ ॥৩১১
আমাৰ ভতিজা কিনো মন্দ আচৰিল।
ন্যায় যুদ্ধে নোৱাৰিয়া অন্যায়ে মাৰিল ॥৩১২
যাহাৰ বলত ত্যজিলোহোঁ বন্ধুলোক।
সিটো গোসাঁই চলিল অনাথ কৰি মোক ॥৩১৩
ৰাৱম দদাৰ সাফলিল মনোৰথ।
কি কাৰ্য্য জীৱন মই চলোঁ যমপথ ॥৩১৪
সুগ্ৰীৱ বোলন্ত মিত্ৰ ত্যজিয়োক শোক।
আপনাক থিৰ কৰি আশ্বাসিয়ো মোক ॥৩১৫
ৰাম লক্ষ্মণৰ শোকে দহে অন্তৰ্গত।
অগনিয়ে পোৰে পিম্পলিৰ দেশ পথ ॥৩১৬
ৰাম লক্ষ্মণক মায়াশৰে আছে জান্তি।
সি কাৰণে মূৰ্চ্ছা গৈয়া আছন্ত নমাতি ॥৩১৭
ক্ষণেকে জীৱন্ত থিৰ কৰিয়োক মন।
ৰাৱণক মাৰি লঙ্কা কৰিবন্ত ছন ॥৩১৮
শুনি বিভীষণৰ সন্তাপ গৈলা দূৰ।
সুগ্ৰীৱ বোলন্ত শুনা সুষেণ শ্বশুৰ ॥৩১৯
আমাৰ আদেশে ঝাণ্টে চৌদোল অনাহাঁ।
ৰাম লক্ষ্মণক কিষ্কিন্ধাক লৈয়া যাহাঁ ॥৩২০
দুয়ো ভাইক ভাল মতে তৈতে নিয়া চাহাঁ।
মোহোৰ লগতে হনুমন্তক থোৱাহাঁ ॥৩২১
সসৈন্যে চলাহাঁ ঐত কিছু নাহি কায।
দুয়োহন্তে ৰাৱণ মাৰি ছন কৰোঁ ৰাজ ॥৩২২
সূৰ্য্য পুত্ৰ হুই মই বীৰ বলিয়াৰ।
ৰাক্ষস শুকান ৰণ পুৰি কৰোঁ ছাৰ ॥৩২৩
হনুমন্ত বায়ুয়ে জ্বালিব নিৰন্তৰে।
কৌটি এক ৰাৱণে নুহিবে সমসৰে ॥৩২৪
সাফলোহোঁ বাসুকি সদৃশ দুই বাহু।
ৰাৱণক গ্ৰাসওঁ চন্দ্ৰক যেন ৰাহু ॥৩২৫
দেখন্তোক ত্ৰিদশে মিত্ৰৰ সাধু কায।
সীতাক উদ্ধাৰি বিভীষণে দেওঁ ৰাজ ॥৩২৬
নমোঁ নমোঁ ৰামচন্দ্ৰ প্ৰভু ৰঘুনাথ।
যাৰ নাম গুণে কৰে পাপক বিঘাত ॥৩২৭
তোমাত শৰণ লৈলো নচাৰিবা মোক।
বোলাঁ ৰাম ৰাম যত সভাসদ লোক ॥৩২৮
- ১০ অধ্যায়।
ৰাম-লক্ষ্মণৰ নাগপাশ-মোচন।
- পদ।
সুগ্ৰীৱক আশ্বাসিয়া, সুষেন বোলন্ত বলী,
- দেবাসুৰে দেখিলাহোঁ ৰণ।
দুৰ্ব্বাৰ দানৱে ৰণে, আশেষ অস্ত্ৰক জানে,
- মাৰিলা অনেক দেৱগণ ॥১
গুৰু বৃহস্পতি জানি, বিশল্যকৰণী আনি,
- নিৰন্তৰে মৃতক জীৱাইল।
দিব্য ঔষধিৰ গন্ধ, যেহিতো থানত আছে,
- তাহাৰ বাত্ৰাক আমি পাইল ॥২
ক্ষীৰোদ সাগৰ তীৰে, দেৱাসুৰগণে মিলি,
- কৰিলন্ত অমৃতক পান।
দ্ৰোণ চন্দ্ৰ নামে মহা, পৰ্ব্বত দুতৰ তুলি,
- সবহি নিলন্ত সেহি থান ॥৩
বায়ুসুত হনুমন্ত, শীঘ্ৰবেগে যায়া তাক,
- চিনি গৈয়া আনন্ত ঔষধি।
শ্ৰীৰাম লক্ষ্মণ দুই, জীৱন্ত হেনসে মতে,
- আন একো নজানোহোঁ বুদ্ধি ॥৪
এতহন্তে বায়ুদেৱ, কামত কহিলা আসি,
- ৰাঘৱক চেতন কৰাইলা।
সাক্ষাততে বিষ্ণু তুমি, অবতৰি আছা প্ৰভু,
- কি কাৰণে চেতন হৰাইলা ॥৫
ঝাণ্ট কৰি গৰুড়ক, স্মৰণ যে কৰিয়োক,
- নাগবান্ধ হৈবেক বিনাশ।
দেৱকাৰ্য্য সাধিয়োক, ৰাৱণক মাৰিয়োক,
- সবাৰো গুচাইয়ো নিৰুৎসাহ ॥৬
বায়ুৰ বচনে ৰামে, চেতন লভিয়া মনে,
- পক্ষীৰ ৰাজাক সুমৰিল।
তেতিক্ষণে গৰুড়ৰ, হৃদিকম্প লৰি গৈল,
- লঙ্কা লাগি উৰাৱ কৰিল ॥৭
পাখাৰ বাৱত আতি, পৃথিবী পৰ্ব্বত যত,
- সপত সাগৰ যে খলকিল।
মেঘ কৈলা খণ্ড খণ্ড, বৈনতানন্দন চাণ্ড,
- ৰাঘৱৰ সমীপ চাপিল ॥৮
গৰুড়ক দেখি সবে, নাগপাশ দূৰ গৈল,
- কতো কতো মৰিলহোঁ জীল।
হাতে জল লইয়া পাছে, পক্ষীৰাজ সকৰুণে,
- দুয়ো ভাইৰ শৰীৰ মাজিল ॥৯
দিব্য পুৰুষে যেবে, কৰতলে পৰশিল,
- ঘাৱ বেথ পলাইলা সকল।
পূৰ্ব্ব কালতোহধিক, শৰীৰ প্ৰসন্ন ভৈলা,
- ষোলগুণ আৰো তেজ বল ॥১০
নিদ্ৰাৰ জাগিয়া যেন, সচকিতে দুয়োভাই,
- উঠিয়া বসিলা তেতিক্ষণে।
গৰুড়ে সহিতে পাছে, গলাগলি লাগি গৈলা,
- সাবটি চুম্বন্ত ঘনে ঘনে ॥১১
আজি আমি দশৰথ, নৃপতিক দেখিলোহোঁ,
- কিবা তুমি অজ পিতামহ।
যাহাৰ প্ৰসাদে আমি, ৰাৱণৰ শৰ বন্ধ,
- এৰাইলো দুৰ্গতি অনেকহ ॥১২
পক্ষীৰাজে দুয়ো ভাইৰ, তেজ বৃদ্ধি কৰাইলন্ত,
- বচন অমৃত বৰিষিয়া।
তোমাৰ আপদ জানি, আসি ভৈলোঁ বেগটানি,
- সচকিত মনে তৰসিয়া ॥১৩
দেৱকাৰ্য্য সাধিলোহোঁ, তোৰা দুইক আৰাধিলোঁ,
- ৰাৱণিৰ নাগ পাশ ভঙ্গে।
তৈসানি হৰিষ হৈৱোঁ, ৰাৱণ মাৰিয়া তুমি,
- সীতা সমে থাকিবাহাঁ ৰঙ্গে ॥১৪
দুয়ো ভাইক প্ৰদক্ষিণে, প্ৰণামি গৰুড় যেবে,
- চলি গৈলা পথে মাৰুতৰ।
হেন দেখি নৃত্য গীত, লাগি গৈলা ভঙ্গিভাৱ,
- বানৰ ভালুক সমস্তৰ ॥১৫
কিছু কিছু হুক হুকি, কুমৰ্থোলী নাচগীত,
- বাদ্য ভণ্ড বজাইলা অপাৰ।
আউৰ আউৰে হাতাহাতি, ৰিঙ্গ জৌত পৰিহাস,
- লঙ্ঘিলেক স্বৰ্গৰ দুৱাৰ ॥১৬
কটকৰ কোলাহল, আকণা শবদ শুনি,
- লঙ্কাত লাগিলা হুলস্থুলি।
ৰাৱণৰ হৃদিকম্প, শুনিয়া লাগিল শঙ্ক,
- গগনমণ্ডলে চাইলা ধূলি ॥১৭
আথে বেথে শুনিবাক, ৰাক্ষস পঠাইলা পাছে,
- কিনো আসি মিলিলা বিস্ময়।
আপদ কালত শুনু, বানৰে হৰিষ কৰে,
- আনন্দ বৰ্ধাই জয় জয় ॥১৮