বালী - সুগ্ৰীৱৰ যুদ্ধ

ৱিকিউৎসৰ পৰা
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪


৭ অধ্যায়[সম্পাদনা কৰক]

বালী-সুগ্ৰীৱৰ যুদ্ধ[সম্পাদনা কৰক]

দশৰথ পুত্ৰ দুই পাঞ্চটি বানৰে ।
কিষ্কিন্ধাক লাগি চলি গৈলা চপ কৰে ॥১

পাঞ্চ কপি বীৰ সমে শ্ৰীৰাম লক্ষ্মণে ।
কতো দূৰ থাকিলন্ত আৰ হুয়া বনে ॥২

পুত্ৰ বৈৰ বধ শুনি সূৰ্য্যে ৰঙ্গ পাইলা ।
দেৱযোগ্য অলঙ্কাৰ ক্ষেপিয়া পঠাইলা ॥৩

চিকিমিকি কৰয় উত্তম হেন মালা ।
সুগ্ৰীবৰ মাথাত পৰিয়া জ্বলে কালা ॥৪

মালাৰ প্ৰভাৱে আতি সুগ্ৰীৱ জ্বলন্ত ।
হেন দেখি তাঙ্ক ৰাম চন্দ্ৰে বুলিলন্ত ॥৫

শুনিয়ো সুগ্ৰীৱ মিত্ৰ গুছিল প্ৰমাদ ।
মিলিল মঙ্গল পাইলা সূৰ্য্যৰ প্ৰসাদ ॥৬

আউৰ কিবা চোৱা সখি ভৈল শুভক্ষণ ।
বালী বধিবাক শীঘ্ৰে কৰিয়ো গমন ॥৭

বালীৰ তোলায়া খঙ্গ কৰিয়ো গৰ্জ্জন ।
তিৰী চোৰা পাপীষ্ঠক মাৰোঁ এতিক্ষণ ॥৮

সুগ্ৰীৱ চলিল ৰঙ্গে ভয় পৰিহৰি ।
থাকিলন্ত ৰামচন্দ্ৰ হাতে ধনু ধৰি ॥৯

কিষ্কিন্ধাৰ দ্বাৰে গৈয়া লাগিল গৰ্জ্জিত ।
কিচ কিত লাগি গৈল বানৰ পুৰীত ॥১০

সুগ্ৰীৱৰ আতিশয় শুনি সিংহনাদ ।
স্বৰ্গ ফাটি গৈল বুলি দেৱৰ বিষাদ ॥১১

খণ্ড খণ্ড ভৈলা মেঘ মহা কোলাহলি ।
সুগ্ৰীৱৰ গালি শুনি ক্ৰোধি গৈল বালী ॥১২

ত্বৰিতে বজাইল বীৰ ওৱাৰিক ছাৰি ।
সূৰ্য্যৰ উদয় যেন মেঘগণ ফাৰি ॥১৩

ৰণক সম্মুখ ভৈলা প্ৰাণক বিছুই ।
প্ৰমাণত দেখিয় পৰ্ব্বত যেন দুই ॥১৪

আতি ক্ৰোধ নয়নে মাতয় বীৰ বালী ।
সুখে ৰাজ্য ভুঞ্জোঁ তোক দেশৰ নিকালি ॥১৫

তোহোক মাৰিলে দুষ্ট খণ্ডিবেক শাল ।
ৰাখন্তা নাহিকে তোক দশ দিকপাল ॥১৬

ইন্দ্ৰ চন্দ্ৰ কুবেৰ বৰুণ হুইবা সাক্ষী ।
সুগ্ৰীৱ ভৈয়াই হেৰা খাইলে দুই আখি ॥১৭

মই যাক খুজিবোঁ আপুনি আসি মিলে ।
পাপিষ্ঠক মাৰিবো চৱৰ লাঠি কিলে ॥১৮

সুগ্ৰীৱ বোলন্ত দদা এৰাঁ দম্ভ দৰ্প ।
জানিবাহা মইসে তোমাৰ কালসৰ্প ॥১৯

আজি যেবে জীয়া দৰ্প কৰিবাহা পাছে ।
জানিবাহা নিশ্চয় বৰতো বৰ আছে ॥২০

অনা অপৰাধে মোক ডাকিলা দেশৰ ।
ভ্ৰাতৃ বধু হৰি পাপ সাঞ্চিলা অপাৰ ॥২১

মিছাত আসিয়া মোক গৰ্জ্জিলাহা তোৰা ।
জিহ্বাখান মেলি চাহাঁ কলিয়া কি গোৰা ॥২২

আন কথা এৰি ঝাণ্টে যুজক আৰম্ভা ।
এক ভাগ সঞ্চা মাত্ৰ দশ ভাগ লম্ভা ॥২৩

মোক মাৰিবাহা তুমি কোনে পাতিয়াইব ।
তৃণৰ কি অগনিয়ে সাগৰ শুকাইব ॥২৪

নেত্ৰ ফুৰাই মাতিলন্ত ৰাজা বীৰ বালী ।
এবে তোৰ মুখৰ বজাইল বৰ গালি ॥২৫

অসমৰ্থ প্ৰাণীৰ বচন চাতুৰালী ।
সিংহৰ আগত যেন শৃগালৰ টালি ॥২৬

মোৰ পাটে ৰাজা ভৈলে নমাৰিলোঁ তয় ।
আৰ কত সহিবোঁ নীচৰ পৰাভয় ॥২৭

এহি বুলি শাল বৃক্ষ উপাৰি আনিল ।
সামৰ বুলিয়া সুগ্ৰীৱক প্ৰহাৰিল ॥২৮

সুগ্ৰীৱে দেখন্ত বৃক্ষ চাপিলন্ত কোলে ।
বাহুত চাপৰ দিয়া কৰিলা হাম্ফোল ॥২৯

কটাক্ষ নয়নে চাহিলন্ত আগ পাছ ।
মুঠিৰ প্ৰহাৰে ভাঙ্গিলন্ত শাল গছ ॥৩০

বৃক্ষ ভাঙ্গি সুগ্ৰীৱেও কৰন্ত আম্ফাল ।
শীঘ্ৰবেগে সুগ্ৰীৱে হানিল দুই শাল ॥৩১

দণ্ড দুইৰ পথ মানে বৃক্ষ ছানি যায় ।
সমৰত বসি বালী ৰাজা আছে চাই ॥৩২

দেখিলেক বালী বৃক্ষ ক্ষেপিলে আমাক ।
অদভূত শাল দুই হানিলেক তাক ॥৩৩

চাৰি বৃক্ষ এক ঠাই পৰি ভৈল চূৰ ।
অগনি কণিকা নিকালিল বহুদূৰ ॥৩৪

ৰাঘৱে বোলন্ত বাপু শুনিয়ো লখাই ।
অদভূত সমৰ কৰন্ত দুই ভাই ॥৩৫

হেন ৰণ নয়ো দেখো পৃথিৱী ভিতৰে ।
কৌতুক লভিয়া বালী মাৰোঁ একে শৰে ॥৩৬

ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেৱ পুৰন্দৰ ।
অশ্বিনী কুমাৰ আৰু জয়ন্ত কুমাৰ ॥৩৭

যামদগ্নি কুবেৰ বৰুণ শশধৰ ।
স্বকি স্বকি যানে চড়ি চাহন্ত সমৰ ॥৩৮

নিজ ৰথে সূৰ্য্যে যুদ্ধ চাহন্ত প্ৰবন্ধে ।
বাসৱে চাহন্ত যুদ্ধ ঐৰাৱত স্কন্ধে ॥৩৯

ইন্দ্ৰদেৱে দেখিলন্ত সুগ্ৰীৱৰ গলে ।
সূৰ্য্যে দিলা দিব্য মালা আতিশয় জ্বলে ॥৪০

বালীকো দিৱন্ত ইন্দ্ৰদেৱে দিব্যমালা ।
তাক পাই বালীৰ জ্বলয় আতি কালা ॥৪১

সূৰ্য্যৰ বীৰ্য্যত সুগ্ৰীৱৰ উতপতি ।
বালী ৰাজা ভৈলা ইন্দ্ৰদেৱৰ সন্ততি ॥৪২

দেৱবীৰ্য্যে জাত দুই হন্তৰো দিব্য কায়া ।
চিনন নযায় যেন দৰ্পণৰ ছাঁয়া ॥৪৩

সূৰ্য্যৰ লগত দেৱ ততেক আছয় ।
সুগ্ৰীৱ জিনন্ত বুলি কৰে জয় জয় ॥৪৪

বাসৱৰ লগে দেৱ আছে যত যত ।
বালী জিনন্তোক বুলি বাঞ্ছয় মনত ॥৪৫

দেৱতাৰ আশীৰ্ব্বাদে দুহানো উল্লাস ।
দুয়ো দিব্য মালা পিন্ধি কৰন্ত প্ৰকাশ ॥৪৬

অৱসান ভৈল যেবে বৃক্ষৰ সমৰ ।
তৰুবন ছন্ন ভৈল কত প্ৰদেশৰ ॥৪৭

লেঞ্জে মেৰাই পৰ্ব্বতক উপাৰি আনিলা ।
সুগ্ৰীৱক লাগি বীৰ বালীয়ে হানিলা ॥৪৮

শত্ৰুক দলিলোঁ বুলি ক্ষেপিলা পৰ্ব্বত ।
সুগ্ৰীৱ দেখন্ত গিৰি আসন্ত পথত ॥৪৯

লেঞ্জে মেৰাই ধৰিলন্ত মাতঙ্গৰ লীলা ।
সুগ্ৰীৱে হানিলা ৰঙ্গে গিৰি শৃঙ্গ শিলা ॥৫০

শিখৰে শিখৰে এক থান ভৈলা দুই ।
পৃথিবীত পৰি গৈলা চূৰ্ণীকৃত হুই ॥৫১

দুইহান্তকো দুইহন্তে চাহন্ত ক্ৰোধ দৃষ্টি ।
আথে বেথে কৰে দুয়ো পৰ্ব্বতৰ বৃষ্টি ॥৫২

শিখৰে শিখৰে পৰি উফৰিয়া যায় ।
শৰীৰত পৰি গৈয়া অগনি বজায় ॥৫৩

দেৱ বীৰ্য্যে কলেৱৰ বজ্ৰসে সাক্ষাত ।
পৰ্ব্বত পৰিয়া কি কৰিবে তাসম্বাত ॥৫৪

দেখিলন্ত সুগ্ৰীৱ পৰ্ব্বত গোট আসে ।
এক প্ৰহৰৰ পথ বেঢ়ি আগে পাছে ॥৫৫

আৰো প্ৰহৰৰ পথ হোৱয় চড়াৱে ।
লাঠি হানি সুগ্ৰীৱে ভাঙ্গিল বাম পাৱে ॥৫৬

সুগ্ৰীৱে পৰ্ব্বত গোট হানিলন্ত বলে ।
মন পৱনৰ বেগে গিৰি গোট চলে ॥৫৭

তেনয় দুইগোট বালী পৰ্ব্বতক লই ।
লেঞ্জে মেৰাই হানিলন্ত সুগ্ৰীৱক গই ॥৫৮

পৰ্ব্বতে পৰ্ব্বতে ভৈলা আকাশে আন্দোল ।
অগনি কণিকা জ্বলি গৈলা স্বৰ্গকোল ॥৫৯

ত্ৰিভুৱনে লাগি গৈলা অদ্ভুত শবদ ।
নৰ নাগ দেৱগণ ভৈ গৈলা তবধ ॥৬০

ভাগি আসি পৰিল শবদ কৰি দুই ।
আউৰ আউৰ থাকিলন্ত চমকিত হুই ॥৬১

ঠিৱ লেঞ্জ কৰি লাগি গৈল হিঞ্চাহিঞ্চি ।
বাহু দাম্ফি মাৰিয়া আন্দোল কিচাকিচি ॥৬২

থাক থাক মাৰোঁ বুলি উথলিল ৰোল ।
দুই ভাই দুহাঙ্কে ধৰিলা কোলে কোল ॥৬৩

দুই ভাই যুদ্ধ কৰে একপিণ্ড হুই ।
প্ৰমাণত দেখিয় পৰ্ব্বত যেন দুই ॥৬৪

যেহেন দিগ্গজ দুই পৰ্ব্বত ভেদয় ।
টলবল বসুমতী বাসুকি কম্পয় ॥৬৫

কৈলাসে চকিত আতি ভৈলন্ত ঈশান ।
সাগৰত ঢউ ভৈলা পৰ্ব্বত সমান ॥৬৬

মেৰুৰ শিখৰ ফুটি নিকলিল জল ।
দুয়ো ভাইৰ আন্দোলনে মেদিনী যায় তল ॥৬৭

পাতালত হূলস্থূল ভৈলা নাগগণ ।
ঘনে ঘনে কম্পি ভৈল অনন্তৰ ফন ॥৬৮

দেৱাসুৰ গন্ধৰ্ব্ব মনুষ্য বিদ্যাধৰ ।
চমত্কাৰে থাকি গৈলা ভুবন ভিতৰ ॥৬৯

তবধ নয়ন ভৈলা মনত বিস্ময় ।
কি কাৰণে ভৈল আসি অকালে প্ৰলয় ॥৭০

৮ অধ্যায়[সম্পাদনা কৰক]

ঝুমুৰি[সম্পাদনা কৰক]

এহি মতে বীৰ দুই ।
যুজে এক পিণ্ড হুই ॥১

শৰীৰত উঠে জুই ।
বলে দুই ক্ষীণ নুই ॥২

বাহু বাহু বান্ধিলন্ত ।
পাৱে পাৱে ছান্দিলন্ত ॥৩

ফুৰি ফুৰি টানিলন্ত ।
গ্ৰীৱে গ্ৰীৱে জৰিলন্ত ॥৪

হিয়ে হিয়ে তাড়িলন্ত ।
তুলি তুলি পাৰিলন্ত ॥৫

ঘুণ্টা যেন লাগিলন্ত ।
আৰ্ত্তনাদ ছাৰিলন্ত ॥৬

ঘোড়া যেন লৱৰে ।
অসংখ্যাত চৱৰে ॥৭

হাত পাৱ বিহৰে ।
হস্তী যেন চিহৰে ॥৮

কিল ভুকু লাঠি হানি ।
ভুমিত আফালে আনি ॥৯

আঞ্জুৰি আনয় টানি ।
ফুৰে দুয়ো ছিদ্ৰ ছানি ॥১০

দুইকো দুয়ো পাৰে গালি ।
বাহুত মাৰয় তালি ॥১১

যুজয় সুগ্ৰীৱ বালী ।
দুয়ো বজ্ৰৰ বটালি ॥১২

৯ অধ্যায়[সম্পাদনা কৰক]

পদ[সম্পাদনা কৰক]

ৰাঘৱে বোলন্ত কিবা কৰোঁ কৈক যাওঁ ।
সুগ্ৰীৱ মিত্ৰক মই হাতে হৰুৱাওঁ ॥১

কোন দৈববিধি মোক প্ৰবন্ধে ছলিল ।
শত্ৰু মিত্ৰ একো আকলিবে নোৱাৰিলোঁ ॥২

দুহানো শৰীৰ একে সম একে কালা ।
দুহানো গলত দেখোঁ সুবৰ্ণৰ মালা ॥৩

বালী বুলি মাৰো যেবে সুগ্ৰীৱ মৰিব ।
সংসাৰত মোৰ বৰ অখ্যাতি থাকিব ॥৪

কিনো কৰোঁ বিধি মোক মাৰিল বিছুহি ।
সংসাৰত পাপী কিনো ভৈলোঁ মিত্ৰদ্ৰোহী ॥৫

লক্ষ্মণে বোলন্ত দদা শুনিয়োক ৰাম ।
অসন্তোষে সাধিবাক নোৱাৰিবে কাম ॥৬

যাক প্ৰতি ভৈল প্ৰভু তোমাৰ প্ৰবন্ধ ।
সহস্ৰ যুগত তাৰ পৰিবেক স্কন্ধ ॥৭

তিনিয়ো জগত যদি একত্ৰ হোৱয় ।
তথাপি তোমাৰ মিত্ৰ হুইব ৰণজয় ॥৮

বালী নৃপতিৰ হাত সুগ্ৰীৱে এৰাইল ।
কঙ্কালত ধৰিয়া বালীক আলগাইল ॥৯

হুংবুলি আফালিল পৃথিবীক লাগি ।
বোম্বালে ৰুধিৰ বহে কুম্ভ স্থলি ভাগি ॥১০

বালী মূৰ্চ্ছা গৈল বুলি ইন্দ্ৰে কৰে শোক ।
শুভ শুভ জয় জয় কৰে সূৰ্য্যলোক ॥১১

কতো বেলী বালী ৰাজা চেতনক পাইলা ।
আসৰিশ ক্ৰোধ কৰি সুগ্ৰীৱক ধাইলা ॥১২

যেহেন হস্তীক সিংহে পেলাইলে নিঢালি ।
সুগ্ৰীৱক সেহি মতে আকলিলা বালী ॥১৩

ত্ৰিশূলৰ সমান নখৰ চোট ঘালি ।
সুগ্ৰীৱৰ শৰীৰক পেলাইলা বখালি ॥১৪

চেতন হৰিয়া গৈল সুগ্ৰীৱ বীৰৰ ।
বোম্বালে ৰুধিৰ বহি যায় শৰীৰৰ ॥১৫

চেতন লভিয়া বোলে নোহোঁ সমশৰ ।
থাকিলন্ত বেশ ধৰি যেন মৃতকৰ ॥১৬

বালী ৰাজা দেখয় নিৰ্জ্জান ভৈল দান্ত ।
বিমৰিষি বোলে ভৈল বৈৰৰ উপান্ত ॥১৭

ভুবন দহিয়া যেন বহ্নি ভৈলা শান্ত ।
প্ৰহাৰ নকৰি ক্ষণেতেক জিৰাইলন্ত ॥১৮

শুনা সমাজিক জন ৰামৰ চৰিত ।
কলি মল বিনাশন পৰম অমৃত ॥১৯

দেখিয়ো ৰামৰ কেনে লীলা বিপৰীত ।
বনৰ বানৰ সমে কৰিলা সখিত্ব ॥২০

শৰণ মাত্ৰকে প্ৰভু একো নবাচন্ত ।
হেনসে কৃপালু দেৱ ৰাম ভগৱন্ত ॥২১

জানিয়া ৰামৰ পাৱে পশিয়ো শৰণ ।
দুৰ্লভ মনুষ্য তনু পৰে কেতিক্ষণ ॥২২

নিসীম জনম শত কোটিৰ অন্তৰে ।
কত ভাগ্য বশে জীৱে নৰ দেহা ধৰে ॥২৩

ব্ৰাহ্মণ শৰীৰ তাতো মহাশ্ৰেষ্ঠতৰ ।
হেন জনমক নপালয় যিটো নৰ ॥২৪

কেবল পালয় মাত্ৰ ইন্দ্ৰিয়ক নিত ।
কৰিলেক আপোনাক আপুনি বঞ্চিত ॥২৫

দুৰ্ল্লভ অমৃত যেন লভিয়া হাতত ।
আপুনি ঠেলিয়া পেলাইলেক প্ৰমাদত ॥২৬

হেন জানি ৰাম পাৱে পশিয়ো শৰণ ।
ৰামৰেসে সেৱা নৰতনুৰ পালন ॥২৭

ৰাম কথা শুনাঁ হৌক জন্মৰ সাফল ।
বোলোঁ ৰাম ৰাম মহা মিলোক মঙ্গল ॥২৮

১০ অধ্যায়[সম্পাদনা কৰক]

ছবি[সম্পাদনা কৰক]

ধীৰে ধীৰে চক্ষু মেলি,      বালীক আগত দেখি,
বিমৰিষি আছন্ত সুগ্ৰীৱ ।
আৰু যেবে বালীৰাজা,      দুনাই প্ৰহাৰে মোক,
তেবে মোৰ সঙ্কলয় জীৱ ॥১

এহিবুলি তেতিক্ষণে,      বিজুলী চটক যেনে,
দেখ নেদেখ বেগ উঠি ।
দুই হাত তুলি ধৰি,      বজ্ৰৰ সদৃশ কৰি,
কুম্ভ স্থলে বসাইলেক মুঠি ॥২

বালীৰ কপাল ভাঙ্গি,      বোম্বালে ৰুধিৰ বহে,
মহাবীৰ সুগ্ৰীৱে দেখিল ।
বালীক মূৰ্চ্ছিত জানি,      পৱন সঞ্চাৰে টানি,
ঠিয় লেঞ্জ কৰি লৰ দিল ॥৩

ৰামৰ দিশক চাই,      সক্ৰোধ নয়ন কৰি,
ঘনে ঘনে পাছ চান্তে যান্ত ।
কতো বেলি বালী ৰাই,      পাছে চেতনক পাই,
চক্ষু মেলি সুগ্ৰীৱক চান্ত ॥৪

সুগ্ৰীৱ পলাই যায়,      কোপে কম্পমান কায়,
উঠি মহাবেগে খেদা দিলা ।
ঋষ্যমুখ গিৰি মানে,      খেদি গুৰি নপাইলাগ,
নিবৰ্ত্তিয়া কিষ্কিন্ধ্যা পশিলা ॥৫

ঋষ্যমুখ গিৰি পায়া,      পৰিয়া সুগ্ৰীৱ বীৰে,
মহা চোটে কেঙ্কাইবাক লইলা ।
শ্ৰীৰাম লক্ষণ দুই,      নলনীল হনুমন্ত,
আসি সুগ্ৰীৱক বেঢ়ি ৰইলা ॥৬

কতো বেলি চেতনক,      লভিয়া সুগ্ৰীৱ বীৰে,
ৰামক আগত দেখিলন্ত ।
ঘাৱৰ বিষত আতি,      ক্ৰোধে ৰাঘৱক চাই,
গৰিহা বচন বুলিলন্ত ॥৭

কোৱা ৰামচন্দ্ৰ মই,      তোমাৰ কমন শত্ৰু,
কেনে হেন কপট কৰিলা ।
মোৰ প্ৰাণ বৈৰী বালী,      তাহাৰ হাতত নিয়া,
কি কাৰ্য্যত মৰাইতে চাহিলা ॥৮

জানা ৰাম মই যেবে,      বালীক শকত তেবে,
পলাই কিয় আছোঁ পৰ্ব্বতত ।
আণ্টাব নোৱাৰোঁ জানি,      তথাপি যুজিবে গৈলো,
তোমাৰ পৌৰুষ বচনত ॥৯

বালীৰ হাতত মোৰ,     অস্থি মজ্জা চূৰ ভৈল,
তুমি ৰঙ্গ চাহিয়া আছিলা ।
বালীক আগত পাই,      শৰ প্ৰহাৰিয়া তুমি,
কি কাৰ্য্যে বালীক নমাৰিলা ॥১০

কিনো নিদাৰুণ তুমি,      দশৰথ পুত্ৰ ৰাম,
তযু বিনে মন্দ মতি নাই ।
এহি সি কাৰ্য্যত তুমি,      নিজ ভাৰ্য্যা হৰুৱায়া,
বনে বনে ফুৰা দুই ভাই ॥১১

ব্ৰহ্মবধ সুৰাপান,      গুৰুৰ ভাৰ্য্যাক হৰে,
মহাপাপ সুবৰ্ণ হৰণ ।
ৰাজবধ পিতৃবধ,      গুৰু তিৰী মাৰে আনো,
আতৰে যতেক পাপগণ ॥১২

মিত্ৰদ্ৰোহ মহাপাপ,      সবাহাতে গুৰুতৰ,
ইহাক আচৰে যিটো নৰ ।
জানিবা নিশ্চয় ৰাম,      নৰক ভুঞ্জিয়া মৰে,
যাৱে থাকে চন্দ্ৰ দিবাকৰ ॥১৩

হেন মিত্ৰদ্ৰোহ পাপ,      কৰিবাক লাগি ৰাম,
জানিলো তোমাৰ হৈল মন ।
সূৰ্য্যৰ বংশত তুমি,      জনম লভিলা কিক,
ধিক ধিক তোমাৰ জীৱন ॥১৪

নিষ্ট কৰি পূৰ্ব্বকালে,      বুলিলাহা হন্তেৰাম,
মইতো নমাৰোঁ বালীৰাই ।
তেবে কি কাৰণে মই,      মাৰিবাক লাগি ৰঙ্গে,
বালীক যুঝিলো হন্তে যাই ॥১৫

বালীৰ প্ৰহাৰে মোৰ,      সৰ্ব্ব অঙ্গ চূৰ ভৈল,
ক্ষত বিক্ষত ভৈলা কায়া ।
কতবা কালক লাগি,      শৰীৰত পীড়া ৰৈল,
তুমি ৰঙ্গ আছিলাহা চায়া ॥১৬

ৰঘুবংশ শিৰোমণি,      সাক্ষাত ঈশ্বৰ দেৱ,
তুমি সমে কইলো মিত্ৰৱতি ।
একেশৰে ত্ৰিভুৱন,      জিনিবাক পাৰা তুমি,
তেবে মোৰ হেনসে বিপত্তি ॥১৭

সুগ্ৰীৱৰ বাক্যে প্ৰভু,      আতিশয় হুয়া লাজ,
বুলিলন্ত সুগ্ৰীৱক চাই ।
যতেক বুলিলা মিত্ৰ,      বুলিতে উচিত হুই,
কিন্তু শুনা কহোঁ অভিপ্ৰাই ॥১৮

তোৰা দুই ভাইৰ দেখোঁ,      সমতুল্য কলেৱৰ,
সূৰ্য্য যেন জ্বলে মনোহৰ ।
দুই হন্তৰো শিৰে দিব্য,      সুবৰ্ণৰ মালা জ্বলে,
নিচিনিয়া নকৰিলো শৰ ॥১৯

শত্ৰুবুলি মাৰো যোনু,      মিত্ৰৰ বিনাশ হোৱে,
শুনি মন্দ বুলিলেক লোক ।
লক্ষ্মণে সহিতে চিন্তি,      নপাইলো উপায় মই
জানি সখি নিনিন্দিবা মোক ॥২০

ক্ষমিয়োক মোৰ দোষ,      নকৰিবা অসন্তোষ,
বালিক বধিবো সাৰে সাৰ ।
আপোনাৰ অলঙ্কাৰ,      পৰিহৰি তুলসীৰ,
মালা তুমি পিন্ধিয়ো আমাৰ ॥২১

দিন চাৰি থাকিয়োক,      ঘাৱসব পালম্পোক,
পাছে সবে কিষ্কিন্ধাক যাওঁ ।
ইবাৰ বালীক দেখি,      মাৰি যেবে নপঠাওঁ,
তেবে ব্ৰহ্মবধ পাপ পাওঁ ॥২২

এহি বুলি ৰঘুনাথে,      অমৃত সমান হাতে,
মাৰ্জ্জিলন্ত মিত্ৰৰ শৰীৰ ।
পূৰ্ব্বত অধিক কৰি,      শতগুণ তেজবল,
লভিলা সুগ্ৰীৱ মহাবীৰ ॥২৩

শুনিয়োক সৰ্ব্বজন,      পুণ্যকথা ৰামায়ণ,
ইসে মহা ধৰ্ম্ম অনুপাম ।
গুচিবে সংসাৰ দুঃখ,      লভিবা পৰম সুখ,
নিৰন্তৰে বোলা ৰাম ৰাম ॥২৪