হনুমন্তৰ গন্ধমাদন আনয়ন
ৰামায়ণ বৃত্তান্ত |
---|
|
হনুমন্তৰ গন্ধমাদন আনয়ন।
পদ।সুখে চলিয়াহা গন্ধকালী অপেশ্বৰী।
মোৰ কিছু পুণ্য ভৈলা তোমাক উদ্ধাৰি॥১
মাৰুতিৰ বচনে কৌতুক অন্তৰ্গতে।
কুবেৰৰ ঠাৱে গৈলা অন্তৰীক্ষ পথে॥২
হনুমন্তে ঋষি ঠাৱে ফল মূল খাইল।
ৰূপ দেখি তাহাৰ বচন পুৰুজাইল॥৩
বোলন্ত নোহস ঋষি ৰাক্ষস পাপিষ্ঠ।
ৰাৱমে পঠাইলা তোক জানিলোহোঁ নিষ্ঠ॥৪
বচনেক শুনি বীৰ বায়ুৰ পুত্ৰৰ।
নিজৰূপ ধৰে কালনেমী নিশাচৰ॥৫
পৰ্ব্বত আকাৰ ভয়ঙ্কৰ কলেৱৰ।
বোলে তোক মাৰিতে পঠাইলে লঙ্কেশ্বৰ॥৬
মায়া যুজ কৰি তোক মাৰিয়া পঠাইবো।
মাংস সব ভুঞ্জিয়া তৃপিতি বৰ পাইবোঁ॥৭
কোন বস্তু একল বানৰ ঠনগন।
প্ৰভু কাৰ্য্য কৰি পেশোঁ যমৰ কৰণ॥৮
মায়াৱন্ত ৰাক্ষস অধম তই ক্ৰূৰ।
মাৰুতিৰ হাতত ভাবনা হৈব চূৰ॥৯
বাত কৰ্ম্মে উৰুৱাইবোঁ ৰাক্ষস তই কোন।
মই ভালে থাকন্তে গৈ দেখিবি ৰাৱণ॥১০
এহি বুলি দুই বীৰে ধৰিলা কোলাৰে।
পৃথিবীত পৰি যেন পৰ্ব্বত বাগৰে॥১১
হিয়ে হিয়ে আম্ফালে বাজয় ঠাত ঠাত।
সাগৰ মাজত যেন পৰয় নিৰ্ঘাত॥১২
চৱকক ছোটে ভিণ্ডিকাৰ ভৈলা গাল।
বাহু বাহু বান্ধনি বান্ধিলা যেন মাল॥১৩
মুষ্টিৰ প্ৰহাৰ যেন বজ্ৰৰ নিপাত।
লাঠিৰ প্ৰহাৰে যেন পৰয় নিৰ্ঘাত॥১৪
কোলাৰ এৰিয়া দুয়ো বীৰ অন্তৰিলা।
দুয়ো বীৰে দুহাঙ্ক হানিলা বৃক্ষ শিলা॥১৫
উপাৰি উপাৰি দুয়ো অসংখ্যাত হানে।
তৰু শিলা চূৰ্ণ ভৈলা কত দূৰ মানে॥১৬
কালনেমী কোল চাপি বৈসাইলেক মুঠি।
হনুমন্ত মূৰ্চ্ছা ভৈলা মৰ্ম্ম স্থানে ফুটি॥১৭
তেখনে মাৰুতি বীৰে চেতনক পাইল।
মাজ হৃদয়ত তাৰ কিলেক বৈসাইল॥১৮
মহা ছোট পাই কাল কম্পি পৰি গৈল।
পৰাণ আসিলা পাছে সন্ধুক্ষণ ভৈল॥১৯
মহাবেগে যাই সিটো মাৰিলেক লাঠি।
হনুমন্তে তাহাক মাৰিলা ঘোৰাকাতি॥২০
দুয়ো দুইহান্তক ৰণে ধাৱে ভিৰি ভিৰি।
পৰ্ব্বতত প্ৰতিধ্বনি বাজে গিৰি গিৰি॥২১
বাম হাতে মাৰুতি গলত ধৰি টানে।
কালনেমী নিশাচৰ মৰিল পৰাণে॥২২
উপৰত ফুৰাই আম্ফালিলন্ত শিলাত।
অস্থি চৰ্ম্ম চূৰ ভৈলা প্ৰাণ ভৈলা হত॥২৩
দেৱগণে কৰিলন্ত পুষ্প বৰিষণ।
হনুমন্ত বীৰ ভৈলা আনন্দিত মন॥২৪
ৰাক্ষসক মাৰিয়া মাৰুতি বীৰবৰে।
ডেৱ দিয়া চড়িলন্ত পৰ্ব্বত শিখৰে॥২৫
ঔষধি খোজন্ত উপদেশ কৰি মন।
তিনি কৌটি গন্ধৰ্ব্বক ভৈলা দৰিশন॥২৬
গন্ধৰ্ব্বে বোলয় তই কহিৰ বানৰ।
কি কাৰ্য্যে আসিয়া গন্ধমাৰ্দ্দন শিখৰ॥২৭
কোনে বা পঠাইলে গন্ধমাৰ্দ্দন গিৰিক।
বানৰৰ বেশে তুমি আসি ভৈলা কিক॥২৮
গন্ধৰ্ব্বক হনুমন্তে বুলিলা বচন।
দশৰথ সুত ৰাম আসি ভৈলা বন॥২৯
তাহান ঘৰিণা হৰি আনিলে ৰাৱণে।
সুগ্ৰীৱ সহিতে ৰাম ভৈলা সখী বনে॥৩০
বালিক মাৰিয়া সুগ্ৰীৱক দিলা ৰাজে।
সাগৰক তৰিয়া আসিলা লঙ্কামাজে॥৩১
শেষ ৰাক্ষস বল ক্ষয় ভৈলা ৰণে।
পাছে লক্ষ্মণক শক্তি হানিলা ৰাৱণে॥৩২
ৰাঘৱ সুগ্ৰীৱ সুষেণৰ শুনি বুদ্ধি।
আমাক নিবাক ঐক পঠাইলা ঔষধি॥৩৩
পৃথিবী ভিতৰে ৰাম নৃপতি আমাৰ।
ইয়ো সব দেশত তাহাৰ অধিকাৰ॥৩৪
ঔষধক চিনায়ো আমাৰ বৰ ভাগ।
তোমাৰ থাকোক ৰঘু বংশত সলাগ॥৩৫
আমি সবে কহিবোহোঁ ইসব উপকাৰ।
যেন তোমাসাক দয়া সম্পজে ৰাজাৰ॥৩৬
হেন শুনি খঙ্গিলা গন্ধৰ্ব্ব তিনি কোটি।
কৈত আসি বানৰ লগাইলে সাটি মুটি॥৩৭
আমাৰ নৃপতি হাহা হুহু যে গন্ধৰ্ব্ব।
ৰাম তোৰ কোন বস্তু তাত হেন গৰ্ব্ব॥৩৮
আমাৰ পৰ্ব্বতে আসি তোৰ ধস মসি।
বিপাঙ্গে মৰিলি গন্ধমাৰ্দ্দনত পশি॥৩৯
আজি ৰামে কৰন্তোক তোৰ প্ৰতিকাৰ।
চতুৰ্ভিতি বেঢ়িয়া বোলয় মাৰ মাৰ॥৪০
মাৰিবাক লাগি সবে গন্ধৰ্ব্ব কিটাইল।
হনুমন্তে দান্ত যে খেখত কৰি ধাইল॥৪১
ডেৱ দিয়া সবাৰো মাজত গৈয়া পৰি।
আশেষ মাৰিলা লাঠি ভুকু লাঞ্জ বাৰি॥৪২
ধৰম সণ্ণাহা বীৰ একেশ্বৰ গুটি।
হেলা কৰি মাৰিলা গন্ধৰ্ব্ব তিনি কৌটি॥৪৩
গন্ধৰ্ব্বক মাৰি বীৰ কপি হনুমন্তে।
প্ৰবন্ধে ফুৰন্ত পাছে ঔষধ খোজন্তে॥৪৪
পৰম ঔষধ সিটো ভৈলা অন্তৰ্ধ্যান।
বিচাৰিয়া অনেক ফুৰন্ত হনুমান॥৪৫
নিৰীক্ষি নিৰীক্ষি বীৰে চাহিলা সকল।
ঔষধি নপায়া মনে কৰন্ত বিকল॥৪৬
আলোচন্ত ইদানিক কৰোঁ কোন বুদ্ধি।
ঔষধ পাইবাৰ কথা কাত কৰোঁ সুদ্ধি॥৪৭
ইঠাৱৰ গন্ধৰ্ব্বক মাৰিলো সকল।
ঔষধৰ লক্ষ্মণ নেদেখোঁ ফুল ফল॥৪৮
একোমতে ঔষধক খুজিয়া নপাইল।
বিলম্বক নুযুৱাই মনে গুণি চাইল॥৪৯
উপদেশ সুমৰিয়া সুষেণ বৈদ্যৰ।
দক্ষিণ শিখৰ এহি গন্ধমাৰ্দ্দনৰ॥৫০
বিস্তৰ বিলম্ব হৈব ঔষধি খোজন্তে।
এহি বুলি ভূমিত নামিল হনুমন্তে॥৫১
দুই হাত মেলি তাৰ দুই পাশ পাইল।
দোঙ্গা দিয়া গিৰিৰ শিখৰ আলগাইল॥৫২
প্ৰস্থে পাঞ্চ প্ৰহৰৰ পথ সিটো পাৱে।
দশ যোজনৰ পথ যুৰিল উধাৱে॥৫৩
পাঞ্চ দশ যোজনক দীঘলে যুৰিল।
হনুমন্তে ধৰি মেনিদীৰ উপাৰিল॥৫৪
হেন গিৰি শিখৰক হেলাৰূপে ধৰি।
বায়ুসুত লৰিলা আকাশে ডেৱ ক্ষৰি॥৫৫
বৃক্ষ সমে কতো খণ্ড খশিয়া পৰয়।
বিহঙ্গম পক্ষী সম আকাশে উড়য়॥৫৬
সৰ্প সব সুশোভন নানা অলঙ্কাৰে।
পৃথিবীত পৰে আসি পৰ্ব্বত আকাৰে॥৫৭
সিংহ পশুগণ সবে আকাশে উড়য়।
কতো কতো ডেৱ দিয়া পৰিয়া মৰয়॥৫৮
গিৰিবৰ কান্দয় নয়নে জল বৱে।
হেনসে বিপত্তি কৈলা পৱনৰ পোৱে॥৫৯
গেৰু ধাৰা বেঢ়ি নিকলিলা পৰ্ব্বতৰ।
ধাৰায়ে ৰুধিৰ যেন বহয় গাৱৰ॥৬০
বিদ্যাৰ গন্ধৰ্ব্ব দেৱতাগণে মিলি।
কৌতূহলে বিস্ময়ে হাসন্ত খলখলি॥৬১
সাধু হনুমন্ত হুয়ো আৰোগ্য শৰীৰ।
তিনিয়ো লোকত নাহি তযু সম বীৰ॥৬২
কিনো বীৰ অভঙ্গ পুৰুষ পুণ্য শালী।
শাপত মুকুত অপেশ্বৰা গন্ধকালী॥৬৩
কালনেমী নিশাচৰ বিদিত জগতে।
তাহাক মাৰিলা পশু মাৰিবাৰ মতে॥৬৪
তিনি কৌটি গন্ধৰ্ব্ব লীলায়ে সংহৰিল।
এতমানে পৰ্ব্বতক তুলিয়া ধৰিল॥৬৫
অন্তৰীক্ষ পথে শীঘ্ৰ বেগে যাই চলি।
ইহাৰ সমান বীৰ নাহি একো বলী॥৬৬
দেৱৰ প্ৰশংসা হেন শুনিয় মহিমা।
অনন্তৰে পাইলা লঙ্কা নগৰীৰ সীমা॥৬৭
মাৰুতি আসয় দেখি গিৰিশৃঙ্গ ধৰি।
হুলস্থূল লাগি গৈলা সমস্তে নগৰী॥৬৮
পূৰ্ব্ব কালে হনুমন্ত লঙ্কা পুৰি গৈলা।
পূৰ্ব্বতৰ শৃঙ্গ ধৰি সেহি আসি ভৈলা॥৬৯
ইবাৰ ইহাৰ হাতে কেহোঁ নিজীৱয়।
এহি বুলি প্ৰজা সবে মুণ্ড সুমাৱয়॥৭০
লঙ্কা নগৰীত ভয় শঙ্কা লগাইলন্ত।
অনন্তৰে পাইলা আপনাৰ প্ৰজা খণ্ড॥৭১
ভালুক বানৰ বলে আকাশে দেখন্ত।
পৰ্ব্বত ধৰিয়া হাতে আসে হনুমন্ত॥৭২
সুগ্ৰীৱ কুমুদ জাম্বৱন্ত আদি কৰি।
আনন্দে চাহিলা সবে এক দৃষ্টি কৰি॥৭৩
সন্নিহিত থানে আনি পৰ্ব্বতক থৈল।
ৰামক নমিয়া পাছে বুলিবাক লৈল॥৭৪
প্ৰভু ৰাম শুনিবা সুগ্ৰীৱ বিভীষণ।
সুষেণ অঙ্গদ আদি শুন কপিগণ॥৭৫
আমাৰ বিলম্ব দেখি নপাৰিবা গালি।
মায়াঋষি চলিলা ৰাৱণ বাক্য পালি॥৭৬
কালনেমী নিশাচৰ ঋষি বেশ ধৰি।
সৰোবৰ কোলে মোকে নিলেক সাদৰি॥৭৭
ঋষি শাপে অপেশ্বৰা গ্ৰাহী হৈয়া আছে।
ছাম্প দিয়া ধৰি মোক লৈয়া যাই পাছে॥৭৮
তাক তাতে তুলিয়া মাৰিলো নখে ছিৰি।
শাপত মুকুত ভৈলা কালী অপেশ্বৰী॥৭৯
কালনেমী ৰাক্ষস আছিল ঋষি বেশে।
তাহাক মাৰিলো পাছে সমৰ বিশেষে॥৮০
কালনেমী নিশাচৰে গৈলা যমঘৰে।
তৰাসে উঠিলা নাদ পৰ্ব্বত গহ্বৰে॥৮১
মোক যুদ্ধ দিলেক গন্ধৰ্ব্ব তিনি কৌটি।
সবাকো মাৰিলো পাছে কৰিয়া নিগুটি॥৮২
ঔষধক প্ৰতিবন্ধে খুজিয়া নপাইলোঁ।
বিলম্বক ভয়ে পৰ্ব্বতক লৈয়া আইলোঁ॥৮৩
আমাৰ মনত যেন সম্পজিল বুদ্ধি।
আপনি সুষেণ চিনি লৈয়োক ঔষধি॥৮৪
মাৰুতিক দেৱলোকে প্ৰশংসা কৰন্ত।
চিৰকাল জীৱ বাপু বীৰ হনুমন্ত॥৮৫
সুষেণ চড়িলা যাই পৰ্ব্বত উপৰে।
বিশল্য কৰণী খুজি আনি অনন্তৰে॥৮৬
প্ৰতিবন্ধ ৰূপে ঔষধিক খুজি পাইল।
কৌতূহলে ডালে মূলে তুলিয়া লগাইল॥৮৭
পৰ্ব্বতৰ তুলি আনি শিলাত পিষিল।
লক্ষ্মণৰ নাসা তলে পন কৰি দিল॥৮৮
দিব্য ঔষধিৰ গন্ধ শৰীৰে পশিল।
নিদ্ৰাৰ জাগিয়া যেন উঠিয়া বসিল॥৮৯
শত গুণ তেজ ভৈলা অভিনৱ দেহে।
দুই হাতে ধৰি ৰাম আলঙ্গিলা স্নেহে॥৯০
দুই নয়নৰ নীৰ ধাৰে বহি যাই।
কোথা গৈয়া আছিলা লক্ষ্মণ মোৰ ভাই॥৯১
তই নিজীলিহি হন্তে নিষ্ফল প্ৰয়াস।
জীৱনক লাগি মই কৰিলোঁ নিৰাশ॥৯২
হনুমন্ত সুষেণৰ প্ৰাণ বুলাৱস।
যাৱে চন্দ্ৰ মেদিনী থাকিব দুইৰো যশ॥৯৩
মাৰুতিক প্ৰশংসা কৰন্ত ৰামদেৱে।
আগে পাছে বানৰ নাচন্ত ছেৱে ছেৱে॥৯৪
ৰামৰ চৰিত্ৰ শুনিয়োক সৰ্ব্বজন।
যাৱে প্ৰাণ থাকে কেৱে নেৰিবা কীৰ্ত্তন॥৯৫
দুৰ্ল্লভ মনুষ্য তনু সেন্থৰে নপাই।
বোলাঁ ৰাম ৰাম হৰি বিনে গতি নাই॥৯৬